Rupaliparda.com
শিল্পীৰ "U Turn" ৰ মাজতেই মানস ৰৱীনৰ সামাজিক দায়বদ্ধতাঃ 1

শিল্পীৰ “U Turn” ৰ মাজতেই মানস ৰৱীনৰ সামাজিক দায়বদ্ধতাঃ

“লক-ডাউন” ৰ সময়ত বিভিন্নজন জনসাধাৰণ হৈ কাম কৰাৰ উপৰিও কন্ঠশিল্পী মানস ৰৱীনে বৰ্তমান প্ৰতিটো সামাজিক কাৰ্যত ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছে। য’ত একাংশ শিল্পীয়ে মাৰিছে “U Turn”; তাতেই আকৌ মানস ৰৱীনে আগবঢ়োৱা অবিৰত সহায়-সমৰ্থনে সাহস দিছে অসমীয়া জনসাধাৰণক। বিগত সময়ত লৈ চলি থকা অখিল গগৈৰ প্ৰসংগটোক লৈ সৰৱ শিল্পী মানস ৰৱীনো। সক্ৰিয়তাৰে নিজ মন্তব্য প্ৰকাশ কৰাৰ লগতে এইবাৰ শিল্পী গৰাকীয়ে অখিল গগৈৰ বাবে প্ৰদান কৰিছে মুঠ ২ লাখ টকাৰ সাহাৰ্য্য। অখিল গগৈৰ বিৰুদ্ধে চলা ষড়যন্ত্ৰৰ সমূহৰ বিষয়ে বিগত দিনৰ পৰা বিভিন্ন সংবাদ পত্ৰযোগে অথবা চেনেল যোগে সম্প্ৰচাৰিত হৈ আছে। এই বাতৰি সমূহক লৈয়ে এতিয়া দেহে-কেহে মাত মাতিছে কন্ঠশিল্পী গৰাকীয়ে। তেওঁ কয় যে, “কৃষক মুক্তিৰ ৰাজহুৱা আহ্বানলৈ সঁহাৰি জনাওঁক আৰু যিয়ে যেনেকৈ পাৰে অনুদান আগবঢ়াওঁক।”

শিল্পীৰ "U Turn" ৰ মাজতেই মানস ৰৱীনৰ সামাজিক দায়বদ্ধতাঃ 2
শিল্পীৰ "U Turn" ৰ মাজতেই মানস ৰৱীনৰ সামাজিক দায়বদ্ধতাঃ 3


বান সমস্যাত জৰ্জৰিত হোৱা একাংশ জনসাধাৰণক সহায় আগবঢ়োৱাৰ উপৰিও ক’ৰোণা ভাইৰাছৰ ফলত যিখিনি শিল্পী আৰ্থিকভাৱে পিছপৰি ৰৈছিল তেওঁলোককো সহায় আগবঢ়াবলৈ আগবাঢ়ি আহে কন্ঠশিল্পী মানস ৰৱীন। ১৯৯৫ চনত “নিহাৰিকা” এলবামটিৰে সংগীত ক্ষেত্ৰখনত খোজ দিয়া মানস ৰৱীন বৰ্তমানৰ এগৰাকী গীতিকাৰ, সুৰকাৰ,সংগীত পৰিচালক ও কন্ঠশিল্পী। “য়ংগগেষ্ট মিউজিক ডাইৰেক্টৰ অৱ ফিছাৰ ফিল্ম এৱাৰ্ড” লাভ কৰিছিল মানস ৰৱীনে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.