Rupaliparda.com
"I like Your T-shirt" ৰ জনপ্ৰিয়তা অব্যাহতঃ মুক্তি পাবলৈ সাজু "খুলি থোৱা খিৰিকী"- 1

“I like Your T-shirt” ৰ জনপ্ৰিয়তা অব্যাহতঃ মুক্তি পাবলৈ সাজু “খুলি থোৱা খিৰিকী”-

সৰ্বত্ৰে চৰ্চিত চুটি ছবি “I like your T-shirt” য়ে ইতিমধ্যে ঠাই বিস্তাৰ কৰিছিল দৰ্শকৰ মন-মগজুত। চুটি ছবিখনৰ জনপ্ৰিয়তাই খলকনি লগাইছে জনসাধাৰণৰ মন-গহ্বৰত। উক্ত চুটি ছবিখনৰ কাহিনীভাগৰ লগতে ইয়াৰ উপস্থাপন, চিত্ৰনাট্য তথা তাত অভিনীত শিল্পী দ্বয়ৰ অভিনয়ে হাজাৰ জন দৰ্শকৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল। মুঠতে, “লক-ডাউন” ৰ মাজতেই সৃষ্ট একোখন চুটি ছবিৰ মাজৰ উল্লেখ্যনীয় এখন হিচাপে ধাৰ্য্য কৰা হৈছিল “I like your T-shirt” ক। উল্লেখ্য যে, চুটি ছবিখনত অন্তৰ্ভূক্ত এটি গীত “খুলি থোৱা খিৰিকী” য়ে লাভ কৰিব মুক্তি। গীতটিৰ এটি অংশকহে মুকলি কৰি দিয়া হৈছিল চুটি ছবিখনৰ সৈতে; এইবাৰ গীতটিৰ সম্পূৰ্ণ অংশটোক মুকলি কৰি দিয়া হ’ব চলচিত্ৰ প্ৰেমী তথা অসমীয়া সংগীতপ্ৰেমী ৰাইজৰ মাজত।

"I like Your T-shirt" ৰ জনপ্ৰিয়তা অব্যাহতঃ মুক্তি পাবলৈ সাজু "খুলি থোৱা খিৰিকী"- 2

স্বাধীনভাৱে নিৰ্মিত একোখন চুটি ছবিৰ জনপ্ৰিয়তাৰ সমান্তৰালকৈ একোটা গীতৰ সন্নিৱিষ্টতাই উৎসাহ যোগাইছে এতিয়া অসমীয়া জনসাধাৰণক। মুঠতে, এক কথাত ক’বলৈ “I like your T-shirt” অব্যাহত থকা জনপ্ৰিয়তাৰ মাজতে এটি গীতৰ মুক্তি লগতে উক্ত নৱপ্ৰজন্মৰ আন এখন চুটি ছবিৰ প্ৰস্তুতিত আকৌ এবাৰ অপেক্ষাৰত দৰ্শক। উল্লেখ্য যে, এইবাৰ “I like your T-shirt” ৰ সৈতে জড়িত কলা-কুশলীৰ দ্বাৰা আন এখন চুটি ছবি “SORRY” ৰ তুংগত উঠিছে প্ৰস্তুতি ।


আনহাতে, “I like your T-shirt” চুটি ছবিখনত অন্তৰ্ভূক্ত আহিবলগীয়া গীতটিত কথা ডানিছৰ, লগতে ইয়াত কন্ঠদান কৰাৰ উপৰিও সংগীত দিছে জোনাকী মনে। সংগীত প্ৰযোজনা ঋতুৰাজ গগৈৰ আৰু ইয়াত শব্দ সংমিশ্ৰণ কৰিছে উৎপল শৰ্মাই। Half Moon Films ৰ লগতে সহকাৰী Light Bucket Stories ৰ নিবেদনেৰে নিৰ্মিত চুটি ছবিখনৰ কাহিনী আৰু পৰিচালনা আছিল প্ৰাঞ্জল গৈয়াৰীয়ে লগতে ইয়াৰ তথা চিত্ৰনাট্য -সংলাপ আছিল ডানিছৰ। কমল লোচন আৰু শ্ৰেষ্ঠা চৌধুৰীৰ অভিনয়ৰে পূৰ্বৰ চুটি ছবিখন আঁকোৱালি লোৱা দৰ্শকৰ বাবে আহিবলগীয়া “Sorry” খনেও যে এক নতুনৰ সোঁৱাদ দিব সেয়া এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে।

"I like Your T-shirt" ৰ জনপ্ৰিয়তা অব্যাহতঃ মুক্তি পাবলৈ সাজু "খুলি থোৱা খিৰিকী"- 3


মন কৰিবলগীয়া যে, একোজন উঠি অহা নৱপ্ৰজন্মৰ পৰিচালক অথবা কলা-কুশলীয়ে বৰ্তমান বাণিজ্যিক ছবি সমূহৰ ওপৰত গুৰুত্ব নিদি তেওঁলোকে এক হৃদয়স্পৰ্শী বিষয়বস্তু অথবা কাহিনীৰ উপস্থাপনৰ ওপৰত বেছি গুৰুত্ব প্ৰদান কৰিছে। আহিবলগীয়া সময়ৰ পৰিচালক, কন্ঠশিল্পীকে আৰম্ভ কৰি সকলো ক্ষেত্ৰৰে শিল্পীক লৈ এতিয়া আশাবাদী সকলো।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform