Rupaliparda.com
জনসাধাৰণৰ শিল্পী হৈ বুকুত চুৰি মাৰিলে হেনো আশা বৰদলৈ আৰু বিদ্যাসাগৰে! 1

জনসাধাৰণৰ শিল্পী হৈ বুকুত চুৰি মাৰিলে হেনো আশা বৰদলৈ আৰু বিদ্যাসাগৰে!

জনসাধাৰণৰ দিশে পিঠি দি ৰাজনীতি ক্ষেত্ৰত হুৰাহুৰে দৌৰ দিছে অসমীয়া শিল্পী তথা সমাজৰ সমগ্ৰ কলা-কুশলী। যতীন বৰাই মৰা ওলোটা খৰৰ পিছত এইবাৰ বিজেপি দললৈ ধাৱমান হৈছে অভিনেত্ৰী আশা বৰদলৈৰ লগতে কন্ঠশিল্পী বিদ্যাসাগৰ। “কা” বিৰোধী আন্দোলনৰ সময়ছোৱাত জনসাধাৰণক নেতৃত্ব দিয়া দুইগৰাকী শিল্পীৰ এনে পদক্ষেপে বৰ্তমান প্ৰশ্নৰ সৃষ্টি কৰিছে সকলোৰে মন-মগজুত। বিগত ডিচেম্বৰ মাহৰ পৰা আৰম্ভ কৰি জানুৱাৰী মাহলৈ জনসাধাৰণৰ মাজৰ এজন হৈ থিয় হোৱাৰ ৬-৭ মাহ মানৰ পিছত ৰাজনীতিত যোগদান দিয়াৰ ক্ষেত্ৰত এই শিল্পী সকলক ক্ষমতালোভীৰ আখ্যা দিছে এতিয়া জনসাধাৰণে।

জনসাধাৰণৰ শিল্পী হৈ বুকুত চুৰি মাৰিলে হেনো আশা বৰদলৈ আৰু বিদ্যাসাগৰে! 2

“অসমীয়া শিল্পী সমাজ” ক প্ৰতিনিধিত্ব কৰি আগবাঢ়ি অহা একাংশ শিল্পীৰ লাহে-ধীৰে ফালৰি কাটি অহা কথাই এতিয়া চৰ্চা লাভ কৰিছে সচেতন মহলত। চচিয়েল মিডিয়াত ট্ৰোল হৈছে প্ৰত্যেক গৰাকী। জনসাধাৰণৰ আৱেগৰ সৈতে খেলা বুলি একোজনে পোষ্ট কৰিছে চচিয়েল মিডিয়াত; তৎস্বত্বেও যেন গা ল’ৰা নাই এওঁলোকৰ।

জনসাধাৰণৰ শিল্পী হৈ বুকুত চুৰি মাৰিলে হেনো আশা বৰদলৈ আৰু বিদ্যাসাগৰে! 3


“কা” বিৰোধী আন্দোলনত সমুখত থিয় দিয়াৰ পৰা আৰম্ভ কৰি দেহে-কেহে অসমীয়া বুলি চিঞৰ মৰা অভিনেত্ৰী আশা বৰদলৈ আৰু কন্ঠশিল্পী বিদ্যাসাগৰৰ ৰাজনৈতিক মেৰ পাকলৈ সোমাই পৰা কথাই এতিয়া প্ৰশ্নৰ সৃষ্টি কৰিছে জনসাধাৰণৰ মনত। যতীন বৰাৰ বিষয়টোক লৈ সমালোচনাৰ মাৰ নাযাওঁতেই আকৌ আন দুজন শিল্পীৰ এনে আচৰণে দুখ দিছে তেওঁলোকৰেই অনুৰাগীৰ মনত।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform