Rupaliparda.com
"তোমাৰ উশাহতে" এতিয়া বিলীন সংগীতপ্ৰেমী জনসাধাৰণঃ 1

“তোমাৰ উশাহতে” এতিয়া বিলীন সংগীতপ্ৰেমী জনসাধাৰণঃ

নীল আকাশৰ এটি জনপ্ৰিয় গীত আৰু এজন অসমীয়া যুৱকৰ অভিনয় দিশত প্ৰথমটো খোজ। গীতটিয়ে সম্পূৰ্ণ এবছৰ অতিক্ৰম কৰিলেও বৰ্তমানলৈ গীতটিক লৈ আকৰ্ষিত অসমীয়া জনসাধাৰণ। গীতটিক লৈ এক বহুল অনুৰাগীৰ সৃষ্টি হৈ উঠিছে য’ত এতিয়া এবছৰৰ পিছতো গীতটিক এৰিব পৰা নাই শ্ৰোতা ও দৰ্শকে। গীতটি হৈছে “তোমাৰ উশাহতে”; কন্ঠশিল্পী নীল আকাশৰ জনপ্ৰিয় গীত সমূহৰ মাজৰ এটা গীত ৰূপে চিনাকী লাভ কৰিছে এই গীতটিয়ে। ইতিমধ্যে গীতটিয়ে ১৫ মিলিয়নৰো অধিক ভিউৱাৰচ লাভ কৰিছে ইউটিউবত; গীতটিৰ সমান্তৰালকৈ অভিনয় তথা মনোৰঞ্জন ক্ষেত্ৰখনত খোজ দিছিল বৰ্তমানৰ এগৰাকী চিনাকী অভিনেতা দীপজ্যোতি মহন্তই।

গীতটিৰ জৰিয়তেই ৰাইজৰ সমুখলৈ আহিছিল এই নতুন মুখ খন; গীতটিৰ পৰা আৰম্ভ কৰা এই যাত্ৰাৰ অধিকাৰী দীপজ্যোতিক দেখিবলৈ পোৱা গৈছিল এন.কে.প্ৰডাকচন বেনাৰত নিৰ্মিত “জানমণি ২০২০” টো। একোটা পূৰণি গীতৰ প্ৰতিটো কলিয়ে যেনেদৰে একাংশৰ মন-গহ্বৰত ঠাই বিস্তাৰ কৰে ঠিক তেনেদৰে নৱপ্ৰজন্মৰ একাংশ গীতক লৈও তেনেই ইচ্ছা ফুটি থকা দেখিবলৈ পোৱা যায়।

"তোমাৰ উশাহতে" এতিয়া বিলীন সংগীতপ্ৰেমী জনসাধাৰণঃ 2


প্ৰায়ে একাংশৰ হিট লিষ্টত থকা গীত “তোমাৰ উশাহতে” ৰ এবছৰ পূৰ্তিত অভিনেতা দীপজ্যোতিয়ে চচিয়েল মিডিয়াত আপলোড কৰা এক ভিডিঅ’যোগে গীতটিক মৰম দিয়া প্ৰতিজন জনসাধাৰণলৈ ধন্যবাদ জ্ঞাপন কৰে। এই গীতটিত কথা পুনম নাথৰ লগতে ইয়াত সংগীত দিছে ত্ৰিয়ন মহন্তই। গীতটিৰ ভিডিঅ’ দৃশ্যগ্ৰহণ কৰাৰ উপৰিও বিষয়বস্তু আৰু সম্পাদনাৰ দায়িত্বত আছিল তিৰাপ সীমান্ত মেধি। গীতটিত দীপজ্যোতিৰ লগতে অভিনয় কৰিছে দেৱাশ্ৰী গগৈয়ে। গীতটিৰ বৰ্ষপূৰ্তিক লৈ উৎসাহিত হোৱা দেখিবলৈ পোৱা গৈছিল কন্ঠশিল্পী নীল আকাশকো।


জানিব পৰা মতে, ৰাইজৰ মাজলৈ আগন্তুক সময়ত “তোমাৰ উশাহতে” গীতটিৰ দ্বিতীয়টো সংস্কৰণকো মুকলি কৰি দিয়া হ’ব অতি শীঘ্ৰেই ৰাইজৰ কাষ চাপিব ইয়াৰ দ্বিতীয়টো সংস্কৰণেও।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform