Rupaliparda.com
স্বামীৰ মৃত্যুৰ পিছত ডাঙৰ পৰ্দাত নিতু কাপুৰঃ 1

স্বামীৰ মৃত্যুৰ পিছত ডাঙৰ পৰ্দাত নিতু কাপুৰঃ

অভিনেতা ঋষি কাপুৰৰ মৃত্যুৰ বহু মাহ পিছত নিজৰ সাধাৰণ জীৱনলৈ ঘূৰি আহিছে অভিনেতা গৰাকীৰ পত্নী ও অভিনেত্ৰী নিতু কাপুৰ। বিগত কিছু দিন ধৰি তেওঁক বাহিৰলৈ ওলোৱা দেখিবলৈ পোৱা গৈছে। শেহতীয়াকৈ নিতু কাপুৰে স্বামীৰ মৃত্যুৰ পিছত এখন ছবিত অভিনয়ৰ বাবে মান্তি হৈছে। অভিনেত্ৰী নিতু কাপুৰক অতি শীঘ্ৰেই ডাঙৰ পৰ্দাত দেখিবলৈ পোৱা যাব। খবৰনুসৰি, অভিনেত্ৰী গৰাকীয়ে ৰাজ মেহতাৰ এখন ছবিত অভিনয়ৰ বাবে মান্তি হৈছে; এই ছবিখনত নিতু কাপুৰৰ উপৰিও বৰুণ ধৱন, কিয়াৰা আদৱানী, অনিল কাপুৰকো দেখিবলৈ পোৱা যাব।

স্বামীৰ মৃত্যুৰ পিছত ডাঙৰ পৰ্দাত নিতু কাপুৰঃ 2

ছবিখনত নিতু কাপুৰে এগৰাকী মাতৃ অৰ্থাৎ বৰুণ ধৱনৰ মাতৃ চৰিত্ৰ ৰূপায়ন কৰিব লগতে বৰুণ ধৱনৰ পিতৃৰ চৰিত্ৰ ৰূপায়ন কৰিব অনিল কাপুৰে। এই ছবিখন ৰাজ মেহতাৰ সৈতে যুঁটীয়াভাৱে লিখিছে ঋষভ শৰ্মাই। ছবিখনৰ নামাকৰণক লৈ বৰ্তমানেও কোনো ধৰণৰ কথা পতা হোৱা নাই ।

স্বামীৰ মৃত্যুৰ পিছত ডাঙৰ পৰ্দাত নিতু কাপুৰঃ 3


ছবিখন এখন ৰোমান্টিক ধৰ্মী ছবি হ’ব আৰু ইয়াক মুকলি কৰি দিয়া হ’ব চলিত মাহৰ অক্টোবৰ অথবা নৱেম্বৰ মাহলৈ। সূত্ৰৰ পৰা পোৱা খবৰনুসৰি, এই ছবিখন দক্ষিণ ভাৰতৰ কাহিনীক লৈ নিৰ্মিত। ছবিখনত কিছু সময়ৰ বাবে অভিনেত্ৰী কিয়াৰা আদৱানীকো এক বিশেষ চৰিত্ৰত দেখিবলৈ পোৱা যাব।

Add comment

Leave a Reply