Rupaliparda.com
"আদিত্য ঠাকৰেক চিনিয়েই নাপায় ৰিয়াই"- ৰিয়াৰ অধিবক্তা 1

“আদিত্য ঠাকৰেক চিনিয়েই নাপায় ৰিয়াই”- ৰিয়াৰ অধিবক্তা

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ইতিমধ্যে উকলি গৈছে ২ মাহ দিন। ২ মাহৰ পিছতো এইটো বিষয়ে চৰ্চা লাভ কৰি আছে সংবাদ মহলত। তেওঁৰ মৃত্যুৰ পিছত ইন্টাৰনেটত বিভিন্ন জনৰ ওপৰত আৰোপ লগোৱাৰ পৰা আৰম্ভ কৰি সুশান্তৰ বিষয়টোক লৈ সাঙুৰি অনা হৈছিল বিভিন্ন জন চিলেব্ৰেটীকো। অভিনেতা গৰাকীৰ পিতৃ কে কে সিঙে সুশান্তৰ প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীৰ ওপৰত গম্ভীৰ আৰোপ লগাইছে; এতিয়া এই বিষয়ক লৈ মন্তব্য অহা দেখিবলৈ পোৱা গৈছে ৰিয়া চক্ৰৱৰ্তীৰ অধিবক্তা সতীশ মানশিন্দেৰ।

"আদিত্য ঠাকৰেক চিনিয়েই নাপায় ৰিয়াই"- ৰিয়াৰ অধিবক্তা 2

তেওঁ বহু বিষয়ত ৰিয়াৰ ফলীয়া হৈ মাত মাতিছে; শেহতীয়াকৈ শিৱসেনা নেতা আদিত্য ঠাকৰেৰ সৈতে ৰিয়াৰ লগ পোৱা কথাটোত বিৰোধিতা কৰিছে অধিবক্তা গৰাকীয়ে। ANI ৰিপোৰ্টনুসৰি নিজ ব্যক্তিগত মন্তব্যত সতীশ মানশিন্দে কয় যে, “ৰিয়াই গম নাপায় আৰু অভিনেত্ৰী গৰাকীয়ে আজিলৈ আদিত্য ঠাকৰেক লগ নাই পোৱা। তেওঁ কেতিয়াবালৈ না তেওঁক ফোন কৰিছে; নাইবা আদিত্য ঠাকৰেৰ সৈতে কোনো ধৰণৰ সংযোগ স্থাপন কৰিছে ৰিয়াই। আচলতে, ৰিয়াই আদিত্যক এগৰাকী মাত্ৰ শিৱসেনা নেতা ৰূপে পৰিগণিত কৰিছিল।”

"আদিত্য ঠাকৰেক চিনিয়েই নাপায় ৰিয়াই"- ৰিয়াৰ অধিবক্তা 3


ইয়াৰ উপৰিও অধিবক্তা গৰাকীয়ে বিহাৰ আৰক্ষীৰ ওপৰতো প্ৰশ্ন কৰে। আৰক্ষীৰ ভাষাত, অধিবক্তা গৰাকীয়ে ৰিয়াৰ ওপৰত লগোৱা সমগ্ৰ আৰোপ ভুল বুলি মন্তব্য কৰিছে। তেওঁৰ মতে, এই বিষয়ত ৰাজনীতি সোমাই পৰিছে। কোনো ধৰণৰ উত্তৰৰ উপনীত হোৱা নাই বৰ্তমান সুশান্ত সিং ৰাজপুতৰ এই বিষয়টো।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.