Rupaliparda.com
"মোৰ এই ছবিখনত যিটো চৰিত্ৰ; সেয়া সাংঘাতিক মোতকৈ বেলেগ"- দীপলিনা ডেকা 1

“মোৰ এই ছবিখনত যিটো চৰিত্ৰ; সেয়া সাংঘাতিক মোতকৈ বেলেগ”- দীপলিনা ডেকা

দীপলিনা ডেকা বুলি ক’লেই বৰ্তমান প্ৰজন্মৰ হৃদয়ত এক অজান শিহৰণে ঢৌ খেলি যায়। কি ছোৱালী; কি ল’ৰা; প্ৰত্যেকেই সমান অনুৰাগী এই শিল্পী গৰাকীৰ। তেওঁৰ অভিনয়ে যেনেদৰে দৰ্শকক আকৰ্ষণ কৰিছিল ঠিক তেনেদৰে তেওঁৰ গীতকো আকোঁৱালিছে সমগ্ৰ জনসাধাৰণে। “মিছন চাইনা” ত জুবিনৰ সৈতে অভিনীত অভিনেত্ৰী গৰাকীক যেতিয়া জনসাধাৰণে “চুই দিয়ানা” গীতটিত কন্ঠদান কৰা দেখিবলৈ পাইছিল তেতিয়া আৰু অধিক উৎকন্ঠিত হৈছিল অসমীয়া দৰ্শক ও শ্ৰোতা। দীপলিনাৰ সংগীতে মিলিয়নৰ অংকত শ্ৰোতাক জোঁকাৰে; কিন্তু এইবাৰ ইয়াত আছে কিছু ব্যতিক্ৰম। এইবাৰ কোনো সংগীত নহয়; কোনো সামাজিক কৰ্মৰ আহ্বানৰ বাবে নহয়; দীপলিনাই এইবাৰ ৰাজহুৱাকৈ ক’ব “SORRY”। কিন্তু কিয়? আপুনিও ছাগে ভাবিছে যে হঠাতে কিয় যু্ৱপ্ৰজন্মৰ হিয়াৰ আঁমঠু শিল্পী দীপলিনা ডেকাই “SORRY” ক’বলগীয়া হ’ল! আচলতে, এখন চুটি ছবিৰ জৰিয়তে দীপলিনাক এইবাৰ দেখিবলৈ পাব অসমীয়া দৰ্শকে। “I Like Your T-shirt” ৰ সৈতে জড়িত কলা-কুশলীৰ দ্বাৰা আগন্তুক সময়ত এই চুটি ছবিখনে লাভ কৰিব মুক্তি।

"মোৰ এই ছবিখনত যিটো চৰিত্ৰ; সেয়া সাংঘাতিক মোতকৈ বেলেগ"- দীপলিনা ডেকা 2


উক্ত চুটি ছবিখনৰ অভিজ্ঞতা বিষয়ে ৰূপালীপৰ্দাৰ সৈতে হোৱা কথা-বতৰা যোগে দীপলিনাই কয় যে, “মিছন ছাইনাৰ পিছত সম্পূৰ্ণৰূপে মই সংগীতৰ সৈতে জড়িত হৈ পৰিলো। প্ৰায়ে বহু লোকে মোক সোধে যে আগন্তুক সময়ত অভিনয় ক্ষেত্ৰত মোৰ পদক্ষেপ কি হ’ব বা কেনেধৰণৰ হ’ব! মোৰো মন আছিল আচলতে, এখন ভাল স্ক্ৰীপ্টৰ সৈতে আগবঢ়াৰ; লগা হ’লে চৰিত্ৰটো সৰুৱে হওঁক কিন্তু এখন ভাল স্ক্ৰীপ্ট লৈ জনসাধাৰণৰ সমুখলৈ অহাৰ মোৰ হেঁপাহ আছিল। শেহতীয়াকৈ যিখন চুটি ছবি “Sorry” ৰ শ্বুটিং সম্পূৰ্ণ কৰিলো তাৰ পূৰ্বেও কিছু অফাৰ পাইছিলো যদিও সেয়া মন পচন্দৰ নাছিল কিন্তু প্ৰাঞ্জল গৈয়াৰীৰ লগতে তেওঁৰ সৈতে চুটি ছবিখনত থকা সমগ্ৰ সদস্যই যেতিয়া মোক সম্পৰ্ক কৰিলে তেতিয়া মই ইয়াৰ স্ক্ৰীপ্ট খন পঢ়িলো। দেখিলো যে, মোৰ এই ছবিখনত যিটো চৰিত্ৰ; সেয়া সাংঘাতিক মোতকৈ বেলেগ। অসমবাসী ৰাইজে মোক যিধৰণে ইমান দিনলৈ দেখিছে তাতকৈ সম্পূৰ্ণ এক বেলেগ চৰিত্ৰত দেখিবলৈ পাব এইবাৰ মোক দৰ্শকে।”

"মোৰ এই ছবিখনত যিটো চৰিত্ৰ; সেয়া সাংঘাতিক মোতকৈ বেলেগ"- দীপলিনা ডেকা 3


ইয়াৰ উপৰিও কন্ঠশিল্পী গৰাকীয়ে কয় যে, “মোৰ গীত যিবোৰত যেনেদৰে এক সাধাৰণ চৰিত্ৰত মোক দেখিছিলে; যি এক মৰমলগা অসমীয়া ছোৱালী। সেই মৰম-মৰম লগা ভাৱটোৰ এই চুটি ছবিখনত মোৰ চৰিত্ৰটোৰ সৈতে একেবাৰেই পাৰ্থক্য আছে। আৰু, এই কথাখিনিয়ে মোক যথেষ্ট চুই গ’ল। যদিও চুটি ছবি; কিন্তু প্ৰাঞ্জল গৈয়াৰীকে আৰম্ভ কৰি মোৰ ভাইটি সদৃশ তিৰাপ, ডানিশ হঁতে যিখিনি ক্লাইমেক্স আৰু চিত্ৰনাট্যৰ সৃষ্টি কৰিছিলে সেয়া খুব মোৰ পচন্দ হৈছিল। চুটি ছবিখনৰ সৈতে জড়িত সমগ্ৰ কলা-কুশলী নৱপ্ৰজন্মৰ; খুব ধুনীয়া কাম তেওঁলোকৰ। মোৰ কাম কৰি ভাল লাগিল; গতিকে আহিবলগীয়া সময়ত মোৰ এটা বেলেগ ৰূপ দেখিব অসমবাসীয়ে; মইও আশাবাদী চুটি ছবিখনক লৈ।”

Add comment

Leave a Reply

Most popular

The Ultimate Managed Hosting Platform