Rupaliparda.com
অভিনয়, বিষাদ আৰু হেঁপাহ কাহিনী সমৃদ্ধ চুটি ছবি "শৰবিদ্ধ"- 1

অভিনয়, বিষাদ আৰু হেঁপাহ কাহিনী সমৃদ্ধ চুটি ছবি “শৰবিদ্ধ”-

প্ৰতিজন লোকৰ জীৱন বোৰেই একোখন একোখন নাটক সদৃশ। এই নাটকৰ প্ৰথমটো দৰ্শনীত যদি সুখ থাকে; আনহাতে ইয়াৰ দ্বিতীয়টো দৰ্শনীত দৰ্শকৰ বাবে থাকে বিষাদ। এই আটাইবোৰৰ মাজেৰেই চলিব লগা হয় আমি সকলোবোৰ। এজন অভিনেতাক আমাৰ মঞ্চ অথবা কেমেৰা পৰ্দাতহে কেৱল অভিনয় কৰা পৰিলক্ষিত হয় কিন্তু তেওঁলোকৰ ব্যক্তিগত জীৱনৰ বিষাদবোৰ যে অসহনীয় সেয়া কেতিয়াও আমি ভাবিবলৈ চেষ্টা নকৰো। এখন চুটি ছবিৰ জৰিয়তে এজন অভিনেতাৰ ব্যক্তিগত জীৱনৰ সৈতে থকা তেওঁৰ ইচ্ছা/অনিচ্ছা; পৰিয়ালৰ সৈতে থকা তেওঁৰ দায়বদ্ধতা আদিক উপস্থাপন কৰা হৈছে। চুটি ছবিখনৰ নাম হৈছে “শৰবিদ্ধ”; এজন অভিনেতাৰ পূৰ্বৰ অভিনয় জীৱনৰ জনপ্ৰিয়তাৰ লগতে তেওঁৰ বৰ্তমান জীৱনৰ কষ্ট- সংগ্ৰাম আদিক জনসাধাৰণৰ মাজলৈ লৈ অনা হৈছিল এই চুটি ছবিখনৰ জৰিয়তে। এক কথাত ক’বলৈ গ’লে, সাম্প্ৰতিক পৰিস্থিতিত এজন পৰিৱেশ্যে কলাৰ সৈতে জড়িত শিল্পীৰ আৰ্থিক অৱস্থা কেনে হ’ব পাৰে সেয়া বৰ্তমান প্ৰতিজন জনসাধাৰণেই অনুভৱ কৰিছে। যিগৰাকীৰ অভিনেতাৰ অভিনয়ক মঞ্চত বিভিন্ন হাত-চাপৰিৰে প্ৰশংসা কৰা হৈছিল; সেই গৰাকী অভিনেতাই যেতিয়া ককৰ্থনা সহ্য কৰিবলগা হয় তেতিয়া ব্যৰ্থ হৈ পৰে অভিনেতা জন।


শৈলেন কাকতিৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনাৰে নিৰ্মিত এই চুটি ছবিখনত অভিনয় কৰিছে নৱজ্যোতি কাশ্যপ, ভায়লিনা কাকতি, ৰিমজিম ৰিতুমণি শইকীয়া, মৌচুমী দাস আৰু দেৱেন ৰয়ে। ৰিপন দাস দৃশ্যগ্ৰহণৰে চুটি ছবিখনৰ সহকাৰী পৰিচালক আছিল জিৎ কলিতা আৰু ধ্ৰুৱজ্যোতি শৰ্মা। নিলয় দত্ত কেমেৰাত আৰু সম্পাদনা বিজিত ডেকাৰ; দেৱেন ৰয় তথা প্ৰণালী কাকতিৰ যুঁটীয়া প্ৰযোজনাৰে চুটি ছবিখনত অন্তৰ্ভূক্ত সংগীতৰ সমষ্ট দায়িত্বত আছে নিশান্ত নিতুল। সাজ-সজ্জা আৰু কাষ্টিং ডাইৰেক্টৰ অদ্বিতি কাকতি। চুটি ছবিখনৰ কাহিনীয়ে এগৰাকী শিল্পী জীৱনক বাৰুকৈয়ে জনসাধাৰণৰ ওচৰত প্ৰতিফলিত কৰাৰ উপৰিও ই প্ৰভাৱ পেলাবলৈ সক্ষম হৈছিল জনসাধাৰণৰ মন-গহ্বৰত।

অভিনয়, বিষাদ আৰু হেঁপাহ কাহিনী সমৃদ্ধ চুটি ছবি "শৰবিদ্ধ"- 2


সুন্দৰ বিষয়বস্তু আৰু সাৱলীল উপস্থাপনে “শৰবিদ্ধ” ক অধিক উপভোগ্য কৰি তুলিছে। “কলাখাৰ” শীৰ্ষক ইউটিউব চেনেলত মুক্তি লাভ কৰা এই চুটি ছবিখনে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল জনসাধাৰণক।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform