Rupaliparda.com
পৰিস্থিতিৰ সাম কাটিলেই আহিব আইমী বৰুৱাৰ তিনিখনকৈ ন-ছবিঃ 1

পৰিস্থিতিৰ সাম কাটিলেই আহিব আইমী বৰুৱাৰ তিনিখনকৈ ন-ছবিঃ

আকৌ এখন নতুন ছবিৰ সন্ধান দিছে অভিনেত্ৰী আইমী বৰুৱাই। “লক-ডাউন” ৰ প্ৰথমভাগতেই একাংশ ছবিৰ মুক্তিৰ মাজত আইমী বৰুৱাৰে দুখন ছবিৰ কথা জনসাধাৰণে জানিবলৈ পাইছিল। ইয়াৰ উপৰিও, এইবাৰ আন এখন ছবিৰ কথা অনুৰাগীক জনাইছে আইমীয়ে। প্ৰায়ে প্ৰতিটো পুৱা একোখনকৈ নতুন স্থিৰ চিত্ৰৰে দৰ্শকৰ কাষ চপা আইমীৰ “অন্বেষণ” আৰু “যাযাবৰ” ৰ সমান্তৰালকৈ আন এখন ছবি “দ্বীপেন গান্ধী” ও লাভ কৰিব মুক্তি। “লক-ডাউন” ৰ পূৰ্বেই এই ছবিখনৰ শ্বুটিং সম্পন্ন হোৱা বুলি পোষ্টযোগে জনায় অভিনেত্ৰী গৰাকীয়ে। কংকনা ৰাজখোৱাৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখনৰ আন বিশেষ তথ্য জনসাধাৰণক জানিবলৈ দিয়া হোৱা নাই যদিও আহিবলগীয়া সময়ত আইমী বৰুৱাৰ অভিনয়ৰে মুুঠ তিনিখন ছবিৰ বিষয়ে জানিবলৈ পাই উৎসাহী হৈ পৰিছে দৰ্শক সকলো। মাত্ৰ এতিয়া অপেক্ষা এই “লক-ডাউন” সমাপ্তিৰহে; পৰিস্থিতি সূস্থিৰলৈ আহিলেই যে ছবিখনক ৰাইজৰ ওচৰত মুকলি কৰি দিয়া হ’ব সেই কথাও নিশ্চিত কৰে অভিনেত্ৰী গৰাকীয়ে।

পৰিস্থিতিৰ সাম কাটিলেই আহিব আইমী বৰুৱাৰ তিনিখনকৈ ন-ছবিঃ 2


“লক-ডাউন” অথবা “ক’ভিডে” মনোৰঞ্জন ক্ষেত্ৰখন ব্যতিব্যস্ত কৰিছে যদিও ই নিজৰ ফালৰ পৰা এক সুন্দৰ বাট নিশ্চত কৰি ৰাইজৰ কাষ চাপিছে। অভিনেতা-অভিনেত্ৰী সকলেও চেষ্টা অব্যাহত ৰাখিছে যেনেকৈ নহ’লেও ৰাইজৰ কাষ চপাৰ; খবৰ দিছে একোখনকৈ নতুন ছবি অথবা একোটাকৈ নতুন গীতৰ। পৰিস্থিতি ঠিক হোৱা মাত্ৰকেই মনোৰঞ্জন ক্ষেত্ৰখনো যে ঠন ধৰি উঠিব সেয়া এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.