Rupaliparda.com
নীৰজৰ মন্তব্যনুসৰি ৰিয়া আৰু সুশান্তৰ নহৈছিল কাজিয়াঃ 1

নীৰজৰ মন্তব্যনুসৰি ৰিয়া আৰু সুশান্তৰ নহৈছিল কাজিয়াঃ

১৪ জুন ২০২০; বলীউড জগতৰ বাবে কালিমা সনা এটা তাৰিখ। যুৱপ্ৰজন্মৰ এগৰাকী প্ৰতিভাৱান অভিনেতাক হেৰুৱাই শোকস্তব্ধ হৈ পৰিছিল সমষ্ট বলীউডৰ কলা-কুশলী। আপোনালোকে ইতিমধ্যে জানিব পাৰিছে যে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ বিষয়টোক এইবাৰ গটাই দিয়া হৈছে চি.বি.আইলৈ। সুশান্তৰ বিষয়টোত মূখ্য আৰোপী ৰূপে পৰিগণিত কৰা ৰিয়া চক্ৰৱৰ্তীৰ সৈতে সম্পৰ্ক থকা একাংশ লোকৰ মন্তব্যই এতিয়া খলকনি লগাইছে সচেতন মহলত। এইবাৰ সুশান্তৰ বিষয় লৈ নিজ মুখ খুলিছে অভিনেতাগৰাকীৰ ঘৰত কাম কৰা ল’ৰা নীৰজে।

নীৰজৰ মন্তব্যনুসৰি ৰিয়া আৰু সুশান্তৰ নহৈছিল কাজিয়াঃ 2

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত হোৱা এক সাক্ষাৎকাৰত নীৰজক যেতিয়া সুশান্ত আৰু ৰিয়াৰ কাজিয়াৰ বিষয়ে প্ৰশ্ন কৰা হৈছিল তেতিয়া যুৱকজনে উত্তৰত ৰিয়া আৰু সুশান্তৰ কেতিয়াও তেওঁৰ সমুখত কাজিয়া লগা নাই বুলি মন্তব্য কৰে। লগতে কয় যে, সুশান্তে কেতিয়াও তেওঁৰ ওচৰত খং নেদেখুৱায়। যিদিনা ৰিয়াই সোনকালে নিজৰ ঘৰ যাবলৈ ওলাইছিল সেইদিনা কেৱল মাত্ৰ যুৱকজনক ৰিয়াৰ কাপোৰ বোৰ বান্ধি দিবলৈহে উপদেশ দিছিল। নীৰজে তেনে কৰাৰ পিছত ৰিয়াই নিজ বেগটো লৈ ওলাই গৈছিল বুলি ব্যক্ত কৰে যুৱকজনে।

নীৰজৰ মন্তব্যনুসৰি ৰিয়া আৰু সুশান্তৰ নহৈছিল কাজিয়াঃ 3


ইয়াৰ পিছত, সুশান্তৰ মৃত্যুৰ পিছত তেওঁৰ কোঠালৈ কোন প্ৰথম সোমাই গৈছিল বুলি সোধাত তেওঁ সিদ্ধাৰ্থ পিঠানীৰ নাম লয়। সুশান্তক সেই পৰিস্থিতিত দেখি সকলো বাকৰুদ্ধ হৈ পৰা বুলিও জানিবলৈ দিয়ে নীৰজে। নীৰজে কয় যে, “মই দুৱাৰৰ মুখতে থিয় হৈ আছিলো, তেতিয়া সিদ্ধাৰ্থলৈ কাৰোবাৰ ফোন আহিছিল। তেওঁক কোনোবাই কৈছিল যে শৱটোক তললৈ লৈ আনা; যদি উশাহ চলি আছে তেতিয়াহ’লে তেওঁক হাস্পাতাললৈ লৈ যোৱা।” আৰু, তেতিয়াই সুশান্তৰ ব’ডিটো সিদ্ধাৰ্থে নমাই আনিছিল।”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.