টেলিভিছন পৰ্দাত পুনৰ বাৰ আহিবলৈ সাজু হৈছে এখন নতুন ধাৰাবাহিক। আকৌ এক ন-কাহিনী, ভিন্ন চৰিত্ৰ,নতুন বিষয়বস্তুৰে দৰ্শকৰ কাষ চাপিবলৈ প্ৰস্তুতি চলাইছে “অস্ত আকাশৰ জোন” শীৰ্ষক ধাৰাবাহিক খনে। মনোৰঞ্জন ক্ষেত্ৰখনত বিৰাম কোনোদিনেই নালাগে; ইয়াৰ অবিৰত যাত্ৰাত কেৱল সন্নিৱিষ্ট হৈ গৈ থাকে ন ন শাখা-প্ৰশাখা। এখন ঘৰ তেতিয়াহে “ঘৰ” বুলি নামাকৰণ কৰা হয় যেতিয়া তাত এটা পৰিয়ালৰ হাঁহি, কান্দোন, মৰম, আৱেগ, বিষাদৰ ৰেখা বোৰ অংকন কৰা হয়। এটা পৰিয়ালত এজন সদস্যৰ আন জনৰ প্ৰতি থকা আন্তৰিকতা আচলতে কোনোৱে শব্দৰে কয় অথবা কাগজে-পত্ৰই লিখি প্ৰকাশ কৰিব নোৱাৰে; ই এক বুজাব নোৱাৰা অনুভৱ আৰু ইয়াৰ সংজ্ঞাও জানিবলৈ নিবিচাৰে কোনোৱে। কিন্তু, ইয়াত আন এটা কথাও নুই কৰিব পৰা নাযায় যে এটা পৰিয়ালৰ প্ৰতিজন সদস্যৰ স্বভাৱ অথবা আৱেগ সমপৰ্যায়ৰ নহয়; হাতৰ পাচোঁটা আঙুলিৰ সৈতে তুলনা কৰি যদি ক’বলৈ যাওঁ তেতিয়াহ’লে ক’ব লাগিব যে এটা পৰিয়ালৰ প্ৰতিজন সদস্য সমান নহয়। কোনো কাৰণত কোনোবাজন হৈ পৰে স্বাৰ্থপৰ আৰু আনহাতে আন এজন সেই মূহুৰ্তৰ বাবে হৈ পৰে মহান ভাৱদৰ্শৰ এগৰাকী ব্যক্তি। উক্ত ধাৰাবাহিকখনতো এনে কিছু ঘটনা প্ৰসংগকে টানি অনা হৈছে।

দুই ভগ্নীৰ মাজৰ মৰম, হাঁহিৰ সমীকৰণ অথবা প্ৰেমক লৈ সৃষ্টি হোৱা জটিল অংকৰ কাহিনীৰে আগন্তুক সময়ত ৰং চেনেলযোগে সম্প্ৰচাৰিত কৰা হ’ব ধাৰাবাহিক “অস্ত আকাশৰ জোন”। “প্ৰেম” ত অধিকাৰ কেৱল “প্ৰাপ্তি” ৰ নাথাকে; প্ৰেমে কোনোদিন কাকো হিংস্ৰক হ’বলৈ নিশিকায়। কিন্তু, পৰিস্থিতিৰ মাধমাৰৰ ফলত একোজন এনে ব্যৱহাৰৰ সন্মুখীন হোৱাত কোনে কি হেৰুৱাব লগীয়া হয় তাৰ সকলো উত্তৰ কেৱল থাকে সময়ৰ লগত। প্ৰণৱ বিবেকৰ পৰিচালনাৰে কিছু এনে কাহিনী সংযুক্ত এই ধাৰাবাহিকখনৰ সহযোগী পৰিচালনা কৰিছে মৃণাল বৰ্মনে আৰু সহকাৰী পৰিচালনা সত্যজিৎ ৰাজবংশীৰ আৰু দৃশ্যগ্ৰহণ কিংকু ৰাজবংশীৰ । ধাৰাবাহিকখনৰ কাহিনী, চিত্ৰনাট্য ও সংলাপ গীতিকা ঠাকুৰীয়া দাসৰ আৰু সম্পাদনা কাৰ্তিক বৰুৱাৰ লগতে সংগীত নৈবেদ্য হাজৰিকাৰ।
ধাৰাবাহিকখনত অভিনয় কৰিছে ক্ৰমে ভাৰ্গৱ দাস, মিহিৰজ্যোতি ভূঞা, লিপিকা বৰা মেধি, শিল্পীশিখা দেৱী, ৰূপম চেতিয়া, সীমাশ্ৰী বৰা, মুন বৰকটকী, পল্লৱ ফুকন, দীপশিখা বৰা, মুকুত নাথ, বিনয় ডেকা, অনিন্দিতা ৰুদ্ৰৰাজ, অংশু ডেকা, ৰূপম বৰুৱাৰ লগতে আন কেইবাগৰাকীও ন-পূৰণি শিল্পীয়ে। উল্লেখ্য যে, প্ৰণৱ বিবেকৰ পৰিচালনাৰে ইয়াৰ পূৰ্বেও আন কেইবাখনো ধাৰাবাহিক ক্ৰমে ঢৌ জীৱনৰ, অগ্নি, অনুৰাগ আদি উপভোগ কৰিছে জনসাধাৰণে।
Add comment