এটা সাধুৰ কাহিনী অথবা এটা গল্প আৰু উপন্যাসক আধাৰ হিচাপে লৈ নিৰ্মাণ হোৱা একোখন ছবি আমি ইতিমধ্যে কেইবাবাৰো উপভোগ কৰিছো। উপন্যাস অথবা গল্পৰ সৈতে এখন ছবিৰ এৰাব নোৱাৰা সম্পৰ্ক আছে বুলিও আমি মন্তব্য কৰিছো। কিন্তু এইবাৰ এখন তিনিঘন্টা বা ৭-১০ মিনিটৰ এখন চুটি ছবি নহয়; সাধু অথবা মানৱ সমাজৰ মুখত প্ৰায়ে চৰ্চিত এটি শব্দক নতুন ৰূপত, নতুন সংজ্ঞাৰে উপস্থাপন কৰা হ’ব এটি গীতৰ মাজেৰে। গীতটিৰ নাম হৈছে “তেজা”; সাধুবোৰত আমি প্ৰায়ে পঢ়িছো “এজন ৰজাৰ দুজনী ৰাণী; এজনী লাগী আৰু আনজনী এলাগী।” কিন্তু প্ৰকৃতাৰ্থত বাস্তৱ জীৱনত কোনগৰাকী নাৰীয়ে হ’ব বিচাৰে “এলাগী”?; মৰম, আৱেগ, আন্তৰিকতা, প্ৰেম সকলোৰে কাম্য; ইয়াত কাৰো নাম লিখি থোৱা নাথাকে। “তেজা” ও এগৰাকী তথাকথিত সমাজৰ চকুত এলাগী; কিন্তু এই গীতটোৰ বিষয়বস্তু অনুসৰি সমাজৰ কোনোগৰাকী নাৰীয়ে “এলাগী” নহয়; জীৱন ত প্ৰতিটো বস্তুত সমঅধিকাৰ আছে প্ৰত্যেকগৰাকী নাৰীৰ। এনে এক বিষয়বস্তুৰ ভেঁটিতেই ৰচিত গীত “তেজা” ক অতিশীঘ্ৰেই লৈ অনা হ’ব অসমীয়া সংগীত প্ৰেমী ৰাইজৰ মাজলৈ। গীতটিৰ জৰিয়তে তথাকথিত সমাজব্যৱস্থাই এলাগী কৰা একাংশ নাৰীৰ মনস্তাত্বিক খেলি-মেলিক উপস্থাপন কৰাৰ প্ৰয়াস কৰা হৈছে।
Ridip Abhilash Craftlet ৰ বেনাৰত নিৰ্মিত “তেজা” শীৰ্ষক গীতটিৰ কথা আৰু পৰিকল্পনা অভিলাস দাসৰ। সংগীত পৰিচালনা আৰু ব্যৱস্থাপনাৰ দায়িত্বত আছে ৰিদিপ লহকৰ লগতে গীতটিত কন্ঠদান কৰিছে মৃন্ময়ী চেতিয়া আৰু অবিনাশ নেওঁগে। লগতে, গীতটিৰ পোষ্টাৰ ডিজাইন সুমন গোস্বামীৰ; “দিহিং পাটকাই” নামে এটি গীতৰ জৰিয়তে ৰাইজৰ কাষ চপা এই শিল্পী সকলৰ শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত প্ৰতিটো গীতেই জনপ্ৰিয় হৈ পৰিছে। একঘেয়ামী বিষয়বস্তুৰ পৰা আঁতৰি কিছু ব্যতিক্ৰমী বিষয়বস্তুক লৈ সৃষ্ট এওঁলোকৰ গীতে আকৰ্ষণ কৰিছে সংগীতপ্ৰেমী শ্ৰোতাক।এওঁলোকৰ দ্বাৰা মুক্তিপ্ৰাপ্ত “যাবাগৈ” শীৰ্ষক গীতটিয়ে অধিক শ্ৰোতাৰ কাষ চাপি প্ৰশংসিত হ’বলৈও সক্ষম হৈছিল।
যুৱপ্ৰজন্মৰ প্ৰতিভাৰে সৃষ্ট একোটা নতুন বিষয়বস্তুক লৈ বৰ্তমান উৎসাহী সৰ্বসাধাৰণ ৰাইজ। নিতৌ কিছু নতুন বস্তুৰ সন্ধান দিছে এতিয়া এওঁলোকে। আগন্তুক সময়ত নতুন পৰিকল্পনাৰে ৰচিত “তেজা” ও যে জনসাধাৰণক চুবলৈ সক্ষম হ’ব সেয়া নিশ্চিত হৈ পৰিছে।
Add comment