নিজ নিজ কৰ্মক্ষেত্ৰলৈ উভতিছে এতিয়া একোগৰাকীকৈ অভিনেতা-অভিনেত্ৰী; ব্যতিক্ৰম নহয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াও। বিগত কিছু দিন ধৰি তেওঁক লৈ অহা ভিন্ন ভূৱা বাৰ্তা তথা সমালোচনাৰ পিছত আকৌ এবাৰ নিজ স্থিতি মজবুত কৰি জনসাধাৰণৰ মাজলৈ উভতি আহিছে অভিনেত্ৰী গৰাকী। চচিয়েল মিডিয়াত ভূৱা একাউন্ট খুলি যতীন বৰাৰ ৰাজনৈতিক দলত যোগদান কৰা কাৰ্যক প্ৰশংসা কৰা বুলি সমালোচনা কৰা হৈছিল বৰষা ৰাণীক; কিন্তু ইয়াৰ পিছতে যি দুষ্ট চক্ৰই অভিনেত্ৰী গৰাকীৰ নাম লৈ ভূৱা একাউন্ট খুলিছিল তেওঁলোকৰ বিৰুদ্ধে আৰক্ষী চকীত এজাহাৰ দাখিল কৰা হয়। ইয়াৰ উপৰিও, সংবাদ মাধ্যমত দিয়া সাক্ষাৎকাৰত তেওঁ “কা” আন্দোলনত যি স্থিতি ৰাখিছিল তেনে এক স্থিতি ৰাখি যাম বুলি মন্তব্য আগবঢ়ায় জনসাধাৰণৰ মাজত। এই আটাইবোৰ কোঁচকাৱাজৰ মাজতেই এতিয়া বৰষা ৰাণীয়ে উভতিছে কৰ্মক্ষেত্ৰলৈ। বিভিন্ন বিজ্ঞাপনৰ শ্বুটিঙত এতিয়া ব্যস্ত হৈছে অভিনেত্ৰী গৰাকী।
কোৱাৰেন্টাইনৰ সময়ছোৱাত প্ৰায়ে বৰষা ৰাণী বিষয়াক বিভিন্ন পোষ্ট কৰি জনসাধাৰণক আকৰ্ষণ কৰা দেখিবলৈ পোৱা গৈছিল লগতে তেওঁ ব্যক্তিগত ইউটিউব চেনেলতো তেওঁৰ একাংশ পূৰণি জনপ্ৰিয় ছবিৰ কিছু স্মৃতিক দৰ্শকৰ ওচৰত দাঙি ধৰাৰ প্ৰচেষ্টা হাতত লৈছিল। ইয়াৰ উপৰিও, সম্প্ৰতি বৰষা ৰাণী বিষয়াক টিক-টকতো সক্ৰিয় ৰূপত দেখা যায়। অভিনেত্ৰী গৰাকীয়ে প্ৰায়ে নৃত্য পৰিৱেশন কৰি দৰ্শকক আকৰ্ষিত কৰে। বৰষা ৰাণী বিষয়াক সামাজিক কিছু ক্ষেত্ৰতো মাত মতা দেখিবলৈ পোৱা যায়। জনসাধাৰণৰ কন্ঠ হৈ তেওঁ বিতৰ্কিত “কা” বিৰোধী আন্দোলনতো সক্ৰিয়ভাৱে আগ-ভাগ লৈছিল। আনহাতে, কোৱাৰেন্টাইনৰ সময়ছোৱাত নিজ অনুৰাগীক তেওঁৰ কচৰৎ সমূহো ভিডিঅ’ আকাৰে প্ৰস্তুত কৰি দেখুৱাইছে।
Add comment