Rupaliparda.com
সাৰা-সুশান্তৰ সম্পৰ্কত কোনে লগাইছিল বিৰাম?- 1

সাৰা-সুশান্তৰ সম্পৰ্কত কোনে লগাইছিল বিৰাম?-

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত তেওঁৰ প্ৰফেচনেল লাইফৰ সমান্তৰালকৈ তেওঁৰ পাৰ্চনেল লাইফৰ চৰ্চা বেছিকৈ হোৱা দেখিবলৈ পোৱা গৈছে। তেওঁৰ প্ৰেয়সীৰ পৰা আৰম্ভ কৰি তেওঁৰ বেংক খাটালৈ সম্পূৰ্ণ পুংখানুপুংখ তথ্য বৰ্তমান ৰাজহুৱাকৈ বাহিৰ উলিয়াই দিয়া হৈছে ৰাইজৰ মাজত। এইবাৰ সুশান্তৰ বন্ধু চেমুৱেল হাঅ’কিপে অভিনেতা গৰাকীৰ ব্যক্তিগত জীৱনক লৈ খুলি কথা কোৱা দেখিবলৈ পোৱা গৈছে। আপোনাৰ হয়টো মনত আছে, “কেদাৰনাথ” ছবিখনৰ নিৰ্মাণ কালত সাৰা আলি খান আৰু সুশান্ত সিং ৰাজপুতৰ মাজত সম্পৰ্ক গঢ় লৈ উঠিছিল; চৰ্চাও লাভ কৰিছিল দুয়োগৰাকীৰ সম্পৰ্কই। এই বিষয়ত কিন্তু কোনো ধৰণৰ মাত মতা নাছিল ৰিয়া অথবা সুশান্তে নিজে। কিন্তু শেহতীয়াকৈ এই বিষয়ত মুখ খুলিছে চেমুৱেলে।

সাৰা-সুশান্তৰ সম্পৰ্কত কোনে লগাইছিল বিৰাম?- 2


তেওঁ কয় যে, “মোৰ মনত আছে; কেদাৰনাথৰ প্ৰমো’চনৰ সময়ছোৱাত… যেতিয়া সুশান্ত আৰু সাৰা ইজন সিজনৰ ভালপোৱাত ডুব গৈ আছিল; দুয়োজনে ইজনে সিজনক বহুত সন্মান কৰিছিল। যেতিয়া সাৰা সুশান্তৰ সৈতে আছিল তেতিয়া ইজনে সিজনক যথেষ্ট মৰমো কৰিছিল; মইটো হতবাক হৈছিলো “সনচিড়িয়া” ৰ বস্ক অফিচ কালেকচন বেয়া হোৱাৰ ফলত মুভী মাফিয়াৰ প্ৰভাৱতে সাৰাই হয়টো সুশান্তক এৰি দিয়া নাছিলটো?” এনেবোৰ প্ৰশ্নৰ মাজত কোনটো সঁচা অথবা কোনটো মিছা তাৰ কোনো শুদ্ধ বাখ্যা নোহোৱা হৈ পৰিছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.