Rupaliparda.com
"কুলি নং ১" কো এতিয়া কৰা হৈছে বহিষ্কাৰৰ দাবীঃ 1

“কুলি নং ১” কো এতিয়া কৰা হৈছে বহিষ্কাৰৰ দাবীঃ

“সড়ক ২” ৰ পিছত এইবাৰ টুইটাৰত জোঁৱাৰ উঠিছে বৰুণ ধৱন আৰু সাৰা আলি খানৰ আহিবলগীয়া ছবি “কুলি নং ১” ক বহিষ্কাৰৰ। ডিজিটেল প্লেটফৰ্মত মুক্তি পাবলৈ ৰৈ থকা এই ছবিখন মুক্তি পোৱাৰ কথাটো জানিবলৈ পোৱা সময়তে এতিয়া জনসাধাৰণে ঋণাত্মক বাৰ্তা প্ৰেৰণৰ এক আৰম্ভণি কৰিছে। সুশান্ত সিং ৰাজপুতৰ অসহনীয় মৃত্যুৰ পিছত চচিয়েল মিডিয়াত নেপোকিড অথবা ষ্টাৰকিডক লৈ এক অঘোষিত মনোমালিন্যৰ সৃষ্টি হৈছিল।

"কুলি নং ১" কো এতিয়া কৰা হৈছে বহিষ্কাৰৰ দাবীঃ 2

এতিয়া খবৰনুসৰি গম পোৱা গৈছে যে, সাৰা আলি খান আৰু বৰুণ ধৱনৰ আগন্তুক ছবি “কুলি নং ১” কো মুকলি কৰা হ’ব ডিজিটেল প্লেটফৰ্ম যোগে। খবৰ লাভ কৰা হোৱা পিছতেই একাংশ জনসাধাৰণে আকৌ এবাৰ প্ৰত্যেককে এই ছবিখনো বহিষ্কাৰ কৰাৰ উপদেশ দিয়াৰ উপৰিও আহ্বান জনায়। ছবিখন মুক্তিৰ অধিকাৰিক পুষ্টি এতিয়াও প্ৰকাশ কৰা হোৱা নাই যদিও জনসাধাৰণ এতিয়াৰ পৰাই প্ৰস্তুত হৈ পৰিছে।

https://twitter.com/thatyash_/status/1296299932421242880?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1296299932421242880%7Ctwgr%5E&ref_url=https%3A%2F%2Fwww.mensxp.com%2Fentertainment%2Fbollywood%2F79594-people-are-already-rejecting-varun-dhawans-coolie-no-1-digital-release-with-savage-memes.html


একাংশ জনসাধাৰণেটো এতিয়া পুষ্টিকৰণ কৰিছে যে বৰুণৰ আহিবলগীয়া এই ছবিখন এখন ফ্লপ ছবি ৰূপে পৰিগণিত হ’ব। “সড়ক ২” ৰ ট্ৰেইলাৰৰ সৈতে জনসাধাৰণে কৰা ব্যৱহাৰ আচলতে কোনোৱে নজনা নহয়। আটাইয়ে ছবিখনৰ ট্ৰেইলাৰত আনলাইক বুটাম টিপি নিজৰ চচিয়েল মিডিয়া একাউন্টত একোটা পোষ্ট কৰাও দেখিবলৈ পোৱা গৈছিল।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform