Rupaliparda.com
"গীতটিৰ ইমান ধুনীয়া ৰোমান্টিক অনুভৱ যে মই আকৰ্ষিত হৈ পৰিছিলো"- বৰ্ষা বৰা 1

“গীতটিৰ ইমান ধুনীয়া ৰোমান্টিক অনুভৱ যে মই আকৰ্ষিত হৈ পৰিছিলো”- বৰ্ষা বৰা

আকৌ আন এটি গীতৰ জৰিয়তে জনসাধাৰণৰ কাষ চাপিবলৈ সাজু হৈছে কন্ঠশিল্পী বৰ্ষা বৰা। আগন্তুক ৰোমান্টিক “তুমি হয়নে মোৰ” শীৰ্ষক গীতটিত শুনিবলৈ পোৱা যাব কন্ঠশিল্পী গৰাকীক। গীতটিত কথা মৃন্ময় কৌশিকৰ লগতে গীতটিত সংগীত কৰিছে ত্ৰিয়ন মহন্তই। তৃতীয় শ্ৰেণীৰ পৰাই সংগীত ক্ষেত্ৰখনত জড়িত হ’বলৈ নিজকে প্ৰস্তুত কৰা বৰ্ষাৰ শেহতীয়াকৈ জুবিন গাৰ্গৰ সৈতে মুক্তিপ্ৰাপ্ত গীত “হালধীয়া সপোনে” ও লাভ কৰিছিল জনপ্ৰিয়তা। গীতটোক উদ্দেশ্যি বৰ্ষাই কয় যে, “তুমি হয়নে মোৰ” শীৰ্ষক গীতটিৰ কথা যদি ক’বলৈ যাওঁ তেনেহ’লে প্ৰথমে মই কৃতানৰ নাম ল’বই লাগিব। কিয়নো গীতটোৰ পৰিকল্পনাৰ পৰা আৰম্ভ কৰি ইয়াৰ প্ৰডাকচন আৰু গীতটোৰ সুৰ কৃতানে নিজেই কৰিছে। তেখেত সমান্তৰালকৈ এগৰাকী সুদক্ষ কন্ঠশিল্পীও; মই এই প্ৰকল্পটোৰ সৈতে কেৱল জড়িতহে হৈ আছো। আৰু, জড়িত হৈ মই নিজক বৰ সোভাগ্যৱান বুলি ক’ম কিয়নো গীতটো বহুত বেছি সুন্দৰ। নিজৰ প্ৰডাকচনৰ গীতক লৈ যি পৰিমাণে উৎসাহিত হৈ থাকো; সেই উৎসাহ মোৰ এই গীতটিক লৈয়ো আছে।”

"গীতটিৰ ইমান ধুনীয়া ৰোমান্টিক অনুভৱ যে মই আকৰ্ষিত হৈ পৰিছিলো"- বৰ্ষা বৰা 2


ইয়াৰ লগতে বৰ্ষাই কয় যে, “মই ভাৱো প্ৰত্যেকটো গীতৰ উপাদান ধৰক; সুৰ, সংগীত আদিৰ সমান্তৰালকৈ গীতটিত থকা অনুভৱটো খুব প্ৰয়োজনীয়। এই অনুভৱটোৱে গীতটোক প্ৰাণ দিয়ে আৰু এই গীতটিৰ ইমান ধুনীয়া ৰোমান্টিক অনুভৱ যে মই গীতটিক লৈ আকৰ্ষিত হৈ পৰিছিলো। সংগীতপ্ৰেমী ৰাইজে ভিডিঅ’ সহ গীতটি উপভোগ কৰিবলৈ পাৰিব; সুভম দেৱ নাথে ভিডিঅ’ পৰিচালনা কৰিছে আৰু দেৱাশ্ৰী গগৈ, দীপাংকৰ মহন্তই গীতটিত অভিনয় কৰিছে। আচলতে, বিগত বৰ্ষৰ নৱেম্বৰ- ডিচেম্বৰ মাহতেই এই গীতটিক লৈ পৰিকল্পনা আৰম্ভ হৈছিল গতিকে মই আশা কৰিছো যাতে এই গীতটিক সকলোৱে আহিবলগীয়া সময়ত আকোঁৱালি লয়।”

"গীতটিৰ ইমান ধুনীয়া ৰোমান্টিক অনুভৱ যে মই আকৰ্ষিত হৈ পৰিছিলো"- বৰ্ষা বৰা 3


ইতিমধ্যে শ্বুটিঙৰ প্ৰায় কাম সম্পূৰ্ণ হৈ উঠা এই গীতটিক লৈ উৎসাহী জনসাধাৰণো। গীতটিৰ সৈতে জড়িত ভিন্ন জনে গীতটিক উদ্দেশ্যি বিভিন্ন পোষ্ট দি শ্ৰোতা তথা দৰ্শকক আকৰ্ষণ কৰি ৰাখিছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.