শেহতীয়াকৈ নলবাৰী নিবাসী এগৰাকী যুৱকে লাভ কৰিছিল জনপ্ৰিয়তা। প্ৰকৃত নাম নীলোৎপল লহকৰতকৈ “মিনিমি” নামটোৱেহে সংগীত ক্ষেত্ৰখনত অধিক সমাদৰ লাভ কৰিছিল। অসমীয়া “ৰেপ” ক্ষেত্ৰখনত বিশেষভাৱে মনোনিৱেশ কৰা এই গৰাকী অসমীয়া ৰেপাৰৰ ২০১৬ চনত মুক্তি লাভ কৰিছিল প্ৰথমটো গীত “ৰেপ কেকে”। ইয়াৰ পিছতে তেওঁৰ আন কেইবাটাও গীত ক্ৰমে “আবাহন, গম পাবি ৰহ” য়ে মুক্তি লাভ কৰে আৰু জনসাধাৰণৰ মাজত এক চিনাকী নাম হৈ পৰে মিনিমি। সমাজৰ তথাকথিত বিভিন্ন বিষয়ক কেন্দ্ৰ কৰি “ৰেপ” প্ৰস্তুত কৰা মিনিমিৰ সদ্যমুক্তিপ্ৰাপ্ত “মই খেতিয়ক” শীৰ্ষক গীতটিয়েও শ্ৰোতা তথা দৰ্শকৰ বহুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। “অপ্ৰতিৰোধ্য” এলবামটোত অন্তৰ্ভূক্ত উক্ত গীতটিত বৰ্তমান মোহৰ লাগিছে দৰ্শকৰ জনপ্ৰিয়তাৰ। ৰূপালীপৰ্দাৰ সৈতে হোৱা কথা-বতৰা যোগে কন্ঠশিল্পী গৰাকীয়ে গীতটিক উদ্দেশ্যি জনায় যে, “আমাৰ খেতিয়ক খিনি অথবা আমাৰ বানাক্ৰান্ত যিখিনি ৰাইজ; লগতে যিখিনি সাধাৰণ জনৰ ওপৰত পুঁজিপতি সকলৰ মাধমাৰ পৰে তেনে এক বিষয়বস্তুক লৈয়ে গীতটিক নিৰ্মাণ কৰি উলিওৱা হৈছিল।”

তেওঁ আগলৈ কয় যে, “এক সামাজিক বিষয়ক কেন্দ্ৰ কৰিয়েই এই গীতটো ৰচনা কৰা হৈছিল। ক’ৰোণা বুলিয়েই নহয় সম্প্ৰতি যি এক পৰিস্থিতিৰ সৃষ্টি হৈছে য’ত মাধমাৰ খাবলগীয়া হৈছে সাধাৰণ খেতিয়ক, খাতি খোৱা একাংশ লগতে একাংশ নিবনুৱাই; এওঁলোক আটাইৰে মনস্তাত্বিক ভাৱধাৰা, চিন্তা সমূহক লৈয়ে এই গীতটিক নিৰ্মাণ কৰি উলিওৱা হৈছিল।” নলবাৰীতেই শ্বুটিং সম্পন্ন হোৱা মিনিমিৰ এই গীতটিত আছে আন এক ব্যতিক্ৰম। গীতটিত অভিনয় কৰা লোকজনৰ নাম হৈছে বীৰেণ দাস আৰু তেওঁ ৫০ হাজাৰতকৈ অধিক গছ ৰোপন কৰি অসমজুৰি বিখ্যাত হৈ পৰিছিল। নলবাৰীত তেওঁ “গ্ৰীণ ৱাৰিঅ’ৰ” বুলি জনাজাত। গীতটিৰ ভিডিঅ’ৰ দৃশ্যগ্ৰহণৰ লগতে ইয়াৰ সম্পাদনা আৰু পৰিচালনাৰ দায়িত্বত আছিল উপম মাপু।

গণেশ চতূৰ্থী অৰ্থাৎ যোৱা ২২ তাৰিখে মুক্তিপ্ৰাপ্ত গীতটিয়ে খলকনি লগাইছে বৰ্তমান ইউটিউবতো। একোজন অসমীয়া কন্ঠশিল্পী আৰু তেওঁলোকৰ নিত্য-নতুন বিষয়বস্তুত বৰ্তমান আগ্ৰহী জনসাধাৰণ।
Add comment