Rupaliparda.com
জুবিন-দীপলিনা ডেকাৰ নতুন গীত "ভবাই নাছিলো"- মুক্তি ফাৰ্ষ্ট লুক পোষ্টাৰঃ 1

জুবিন-দীপলিনা ডেকাৰ নতুন গীত “ভবাই নাছিলো”- মুক্তি ফাৰ্ষ্ট লুক পোষ্টাৰঃ

এখন নতুন চুটি ছবি, এটা নতুন গীতৰ সৈতে জনসাধাৰণৰ কাষ চাপিবলৈ সাজু হৈছে কন্ঠশিল্পী দীপলিনা ডেকা। বহু প্ৰত্যাশিত দীপলিনা আৰু জুবিনৰ যুঁটীয়া কন্ঠৰে আহিবলগীয়া গীত “ভবাই নাছিলো” ৰ ইতিমধ্যে মুকলি কৰা হৈছে ফাৰ্ষ্ট লুক পোষ্টাৰ। গীতটিৰ কেৱল মাত্ৰ দুশাৰীয়ে লগোৱা খলকনিৰ সমান্তৰালকৈ গীতটিৰ পোষ্টাৰ খনেও এতিয়া দৰ্শকৰ হৃদয় জুৰ পেলাইছে। এখনত কোমল হৃদয়ৰ এগৰাকী গাভৰুৰ প্ৰতিচ্ছবি আৰু আনহাতে এগৰাকী বিষয়াৰ চৰিত্ৰ; উক্ত দুয়োটা নতুন বিষয়ক উপভোগ কৰাৰ বাবে অপেক্ষাৰত সাধাৰণজন। উল্লেখ্য যে, ইয়াৰ পূৰ্বেও “ৰক্তবীজ” ছবিখনৰ “ধীৰে ধীৰে” গীতটোত একেলগে কন্ঠদান কৰিছিল দীপলিনা ও জুবিন গাৰ্গে। আহিবলগীয়া “ভবাই নাছিলো” গীতটিত কথা ৰাহুল দে’ দাসৰ আৰু গীতটিত সংগীত দিছে অনুপম কোঁৱৰে। গীতটিৰ পৰিচালনা প্ৰবীণ বৰাৰ আৰু পোষ্টাৰ ডিজাইন কৰিছে বুবুল চন্দ্ৰ মেধিয়ে।

জুবিন-দীপলিনা ডেকাৰ নতুন গীত "ভবাই নাছিলো"- মুক্তি ফাৰ্ষ্ট লুক পোষ্টাৰঃ 2
জুবিন-দীপলিনা ডেকাৰ নতুন গীত "ভবাই নাছিলো"- মুক্তি ফাৰ্ষ্ট লুক পোষ্টাৰঃ 3


জুবিন গাৰ্গৰ গীতসমূহৰ জনপ্ৰিয়তাৰ বিষয়ে আচলতে কোৱাৰ প্ৰয়োজন নাই কিন্তু বৰ্তমান সংগীত ক্ষেত্ৰখনত ক্ৰমশ সফলতাৰ চিৰি বগাইছে কন্ঠশিল্পী দীপলিনা ডেকাই। আগন্তুক দুটা দিনৰ ভিতৰত মুক্তি পাবলগীয়া এই গীতটিক লৈ পৰিকল্পনা বহু দিন আগৰ আছিল যদিও হঠাৎ হোৱা এনে পৰিস্থিতিৰ ফলত গীতটিৰ মুক্তি কিছুদিনলৈ পিছুৱাই দিবলগীয়া হয়।

Add comment

Leave a Reply