Rupaliparda.com
সাম্প্ৰতিক পৰিস্থিতিক লৈ ন-গীত; "Darkness And Sunshine" য়ে বাখ্যা কৰিছে সকলোঃ 1

সাম্প্ৰতিক পৰিস্থিতিক লৈ ন-গীত; “Darkness And Sunshine” য়ে বাখ্যা কৰিছে সকলোঃ

ৰাজ্যৰ অৱস্থা বৰ্তমান সংকটজনক; ক’ভিডৰ পৰা আৰম্ভ কৰি বানপানীলৈ প্ৰতিটো পৰিস্থিতিয়ে এতিয়া থকা-সৰকা কৰিছে জনসাধাৰণক। পৰিস্থিতিটোৱে ইমানেই অধিক জনসাধাৰণক সংকটত পেলাইছে যে ইয়াৰ পৰা সাধাৰণজন সহজে ওলাই অহাটো বৰ কষ্টকৰ হৈ পৰিছে। ক’ভিডে যদি খাদ্য-বস্তুৰ নাটনি কৰিছে আনহাতে বানপানীয়ে নিজ বাসগৃহটোকে উটুৱাই লৈ গৈছে একাংশৰ; মুঠতে কেওঁদিশে এক হাঁহাকৰময় পৰিস্থিতি। ক’ভিডে ৰাজ্যত ঋণাত্মক প্ৰভাৱ পেলোৱাৰ সমান্তৰালকৈ প্ৰতিটো বছৰৰ দৰে বান সমস্যাই এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। বান সমস্যাক “ৰাষ্ট্ৰীয় সমস্যা” ৰ স্বীকৃতি নিদিওঁ বুলি কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰাৰ ফলতো এতিয়া চচিয়েল মিডিয়াত ভিন্ন চৰ্চাৰ আৰম্ভ হৈছে। সম্প্ৰতি পৰিস্থিতিটোক কেন্দ্ৰ কৰি ইতিমধ্যে ভিন্ন জনে ভিন্ন প্ৰতিভাৰে ন-ন বিষয়বস্তুৰ সৃষ্টি কৰিছে আৰু ঠিক তেনেদৰেই নৱ-প্ৰজন্মৰ একাংশ উদীয়মান যুৱক-যুৱতীৰ যুঁটিৰে নিৰ্মাণ কৰি উলিওৱা হৈছিল এটি গীত “Darkness And Sunshine“।


গীতটিত কথা ড° কৃপেশ ৰঞ্জন শৰ্মা আৰু ইয়াত কন্ঠদান কৰিছে ড° বিক্ৰমজিৎ গোস্বামীয়ে। আনহাতে, গীতটিত সংগীত দিছে বিক্ৰম আৰু কৃপেশে। ইয়াৰ উপৰিও গীতটিত আৰ্ট কুইন জি তালুকদাৰৰ আৰু এনিমেশ্বন সঞ্জয় নাথৰ। গীতটিৰ জৰিয়তে সংক্ষিপ্ত আকাৰত পৰিস্থিতিটোক বাখ্যা কৰা হৈছে লগতে আগন্তুক সময়ত এওঁলোকৰ দ্বাৰা জনসাধাৰণক আন নতুন সুন্দৰ গীত উপহাৰ দিয়াৰ কথাও জানিবলৈ দিয়ে। সাম্প্ৰতিক পৰিস্থিতটোক লৈ প্ৰতিজন ব্যক্তি ভুক্তভোগী। কষ্ট-বেদনা ইত্যাদি হৃদয়ংগম কৰিছে এতিয়া প্ৰত্যেকেই। “Mazangbi Hearts” নামে ইউটিউব চেনেলটোত উপলদ্ধ বৰ্তমান এই গীতটি।

সাম্প্ৰতিক পৰিস্থিতিক লৈ ন-গীত; "Darkness And Sunshine" য়ে বাখ্যা কৰিছে সকলোঃ 2


নৱপ্ৰজন্মৰ এনে সৃষ্টিত বৰ্তমান উৎসাহী জনসাধাৰণ। প্ৰত্যেকেই কোনো এক ন-সৃষ্টিৰে জনসাধাৰণৰ কাষ চপাৰ অহৰহ চেষ্টা অব্যাহত ৰাখিছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform