“কাঞ্চন” ৰ পিছত এখন নতুন ধাৰাবাহিকৰ সৈতে আহিবলৈ সাজু হৈছে বৰষা ৰাণী বিষয়া। অভিনেত্ৰী গৰাকীৰ মাহীয়েক তথা এগৰাকী সুদক্ষ অভিনেত্ৰী নিকুমণি বৰাৰ সৈতে আগন্তুক সময়ত অসমীয়া দৰ্শকে দেখিবলৈ পাব এখন সুন্দৰ ধাৰাবাহিক “ৰজনীগন্ধা।” ৰেঙণি চেনেল যোগে সম্প্ৰচাৰিত লক-ডাউন চিৰিজৰ এইখনো এখন অন্যতম ধাৰাবাহিক। নিকুমণি বৰাৰ লগতে বৰষা ৰাণীৰ এই যুঁটিটোক ইতিমধ্যে দেখিবলৈ পোৱা গৈছিল অসমীয়া “খেল” ছবিখনত। মাহীয়েকৰ সৈতে আকৌ এবাৰ পৰ্দাত ওলাবলৈ পাই উৎসাহী হৈছে অভিনেত্ৰী বৰষাও।

চচিয়েল মিডিয়াত কৰা পোষ্ট যোগে এই কথা ব্যক্ত কৰে তেওঁ; বিগত বহু দিনৰ পৰা ৰাজ্যত বৰ্তি থকা “লক-ডাউন” ৰ মাজতেই শেহতীয়াকৈ কৰ্মক্ষেত্ৰলৈ আহিবলৈ সাজু হৈছে বৰষা ৰাণী বিষয়া। কিছুদিন ধৰি চচিয়েল মিডিয়াত চৰ্চা লাভ কৰাৰ লগতে তথা বাতৰিৰ শিৰোনাম দখল কৰিছিল অভিনেত্ৰী গৰাকীয়ে। তেওঁৰ ৰাজনৈতিক স্থিতিক লৈ প্ৰশ্নৰো উত্থাপন কৰিছিল একাংশই; কিন্তু পিছলৈ এই আটাইবোৰ কথাক উফৰাই নিজ বৰ্তমান স্থিতি মজবুত থকা বুলি মন্তব্য কৰে অভিনেত্ৰী গৰাকীয়ে।

অভিনেত্ৰী গৰাকীক লৈ ভূৱা অপপ্ৰচাৰো কৰা হৈছিল চচিয়েল মিডিয়াত। তাৰ বিৰুদ্ধেও অভিনেত্ৰী গৰাকীয়ে এজাহাৰ দাখিল কৰে আৰক্ষী চকীত। অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত বৰ্তমান এক সাংঘাতিক খেলি-মেলিৰ সৃষ্টি হৈছে; মনোৰঞ্জনক এৰি এতিয়া কেৱল মাত্ৰ ৰাজনৈতিক স্থিতিক লৈহে প্ৰশ্ন কৰা দেখিবলৈ পোৱা গৈছে।
Add comment