Rupaliparda.com
সুশান্ত সিং ৰাজপুতৰ বিষয়ত সন্দীপ সিঙৰ সন্দেহজনক স্থিতিঃ 1

সুশান্ত সিং ৰাজপুতৰ বিষয়ত সন্দীপ সিঙৰ সন্দেহজনক স্থিতিঃ

পূৰ্বৰে পৰা সুশান্ত সিং ৰাজপুতৰ বিষয়টোত তেওঁৰ বন্ধু সন্দীপ সিঙৰ কথাটো সন্দেহজনক আছিল। সন্দীপ সিঙে যদিও বাৰম্বাৰ অভিনেতাগৰাকীৰ অন্তৰংগ হোৱাৰ কথা স্পষ্ট কৰিছিল; তৎস্বত্বেও কিন্তু এই কথাক গ্ৰহণ কৰি লোৱা নাছিল সুশান্তৰ পৰিয়ালে। সুশান্তৰ মৃত্যুৰ দিনাই অভিনেতাগৰাকী ঘৰত গৈ তেওঁৰ পোষ্টমৰ্টেমৰ পৰা আৰম্ভ কৰি অন্তিম সৎকাৰলৈ সমস্ত দায়িত্ব ভাৰ লৈছিল সন্দীপে। এতিয়া এই বিষয়ত সন্দীপ সিঙৰ কিছু সন্দেহপূৰ্ণ কথা সমুখলৈ আহিছে; তেওঁ মুম্বাই পুলিচক কেইবাবাৰো ফোন কৰিছিল। ৰিপোৰ্টনুসৰি সন্দীপ সিঙৰ ফোন ৰেকৰ্ড সমুখলৈ আহিছে; তেওঁ মুম্বাই পুলিচৰ দুগৰাকীকৈ আৰক্ষী বিষয়াক ফোন কৰিছিল।

সুশান্ত সিং ৰাজপুতৰ বিষয়ত সন্দীপ সিঙৰ সন্দেহজনক স্থিতিঃ 2

তেওঁ ফোন কৰা দুই গৰাকী আৰক্ষীয়ে সেই সময়ত তদন্ত কৰিছিল সুশান্ত সিং ৰাজপুত কেছৰ। সন্দীপে ভূষণ বেলনেকৰ নামে এগৰাকী আৰক্ষীক দুবাৰকৈ ফোন কৰিছিল। ১৫ জুনত ভূষণক ফোন কৰি সন্দীপে ৯০ চেকেণ্ডলৈ বাৰ্তালাপ কৰিছিল আৰু ইয়াৰ পিছত ১৭ জুন তাৰিখে সন্দীপে আন এগৰাকী আৰক্ষী বিষয়া এচ.আই বৈভৱ জগপাতৰ সৈতে ফোনত কথা পাতে। সমান্তৰালকৈ ১৮ জুন তাৰিখে পুনৰ বাৰ সন্দীপে জগপাতক ফোন কৰি প্ৰায় ২ মিনিট সময়লৈ কথা পাতে।

সুশান্ত সিং ৰাজপুতৰ বিষয়ত সন্দীপ সিঙৰ সন্দেহজনক স্থিতিঃ 3


উল্লেখ্য যে, কিছুদিন পূৰ্বে উক্ত দুয়োগৰাকী আৰক্ষী বিষয়াৰ গাত ক’ভিড ১৯ ৰ লক্ষণ দেখিবলৈ পোৱা গৈছিল আৰু বৰ্তমান তেওঁলোক চিকিৎসকৰ পৰামৰ্শ অনুসৰি নিজ বাসগৃহতেই আছে। কিন্তু বৰ্তমান চি.বি.আইয়ে নিজ তদন্তৰ মাজত এই আৰক্ষী বিষয়া দুগৰাকীকো মতাই সোধপোছ কৰিব পাৰে। আনহাতে, কিছুদিন পূৰ্বে সন্দীপ দিল্লীত আছিল; তেওঁৰ সৈতে সংবাদদাতাই কথা হ’ব খুজিছিল যদিও তেওঁ কোনোধৰণে মুখ নুখুলিলে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.