Rupaliparda.com
"অন্বেষণ" ৰ মুক্তিক লৈ অপেক্ষাৰত আইমী বৰুৱাঃ 1

“অন্বেষণ” ৰ মুক্তিক লৈ অপেক্ষাৰত আইমী বৰুৱাঃ

আগন্তুক সময়ত ছবিগৃহ মুক্তি পোৱাৰ এক সুক্ষ্ম সম্ভাৱনা দেখা পোৱা গৈছে। ছবিগৃহ মুক্তিৰ কথাটোক লৈ বৰ্তমান অপেক্ষাৰত একাংশ জনসাধাৰণ। চিত্ৰগৃহলৈ গৈ এখন ডাঙৰ পৰ্দাত ছবি উপভোগ কৰা এক সুকীয়া আমেজ আচলতে সকলোৱে বিচাৰে; এইক্ষেত্ৰত অসমীয়া ছবিগৃহলৈ অহা কিছুমান ছবিৰ ভিতৰত এখন হৈছে “অন্বেষণ”। ছবিখনৰ এক ষ্টিল ফটোগ্ৰাফ শ্বেয়াৰ কৰি ছবিখনৰ বিষয়ে আকৌ এবাৰ জনসাধাৰণক জানিবলৈ দিয়ে আইমী বৰুৱা। ছবিখনৰ বাবে হেপাঁহেৰে ৰৈ থকা বুলিও ব্যক্ত কৰে আইমীয়ে। উল্লেখ্য যে, উৎপল শইকীয়াই প্ৰায় ১১ বছৰে ধৰি “অন্বেষণ” ৰ কাহিনীৰ সৈতে জড়িত আছিল লগতে ছবিখনৰ চিত্ৰনাট্য-সংলাপত বিগত দুই বছৰে ধৰি কাম কৰিছিল পলাশ পৰাণে। মুঠতে এটি হৃদয়স্পৰ্শী বিষয়বস্তুৰে দৰ্শকৰ মাজলৈ অহাৰ আপ্ৰাণ প্ৰয়াস কৰিছে “অন্বেষণ” ৰ সমগ্ৰ কলা-কুশলীয়ে। ছবিখনৰ সংগীত পৰিচালনা ইবচন লাল বৰুৱাৰ লগতে ইয়াত শব্দসজ্জাৰ দায়িত্বত আছে মুম্বাই প্ৰতিষ্ঠিত মানস প্ৰতীম গোস্বামী।

"অন্বেষণ" ৰ মুক্তিক লৈ অপেক্ষাৰত আইমী বৰুৱাঃ 2


তাৰহা ফাৰমিন ৰেজিৰ দৃশ্যগ্ৰহণেৰে ছবিখনৰ প্ৰযোজন নিয়ন্ত্ৰণ কৰিছে প্ৰশান্ত শালৈয়ে; কলা নিৰ্দেশক ভূষণ ঠাকুৰীয়া আৰু ৰূপসজ্জা ভাস্কৰ দত্তৰ। ছবিখনত অভিনয় কৰিছে ক্ৰমে আইমী বৰুৱা, গুঞ্জন ভৰদ্বাজ, বিষ্ণু খাৰঘৰীয়া, ফেইৰীপ্ৰিয়া আহমেদ, অৰুণ হাজৰিকা, পদ্মৰাগ গোস্বামী, প্ৰধান দেউৰী, জেফি বক্সি, অংশুমান ভূঞা, জুৰি শৰ্মা, ঋষভ শৰ্মা, কল্যাণজ্যোতি কোঁৱৰ, জ্যোতিস্মান কাশ্যপ, পুনম খনিকৰ, জ্যোতিস্মান শৰ্মা, যতীন খনিকৰ, দেৱাশিষ হাজৰিকা আৰু দীপশ্ৰুতি হাজৰিকাই। ছবিখনৰ সম্পাদনাৰ দায়িত্বত আছে প্ৰদীপ পল আৰু স্থিত চিত্ৰ গ্ৰহণকাৰী হৈছে শৌনক শয়ন।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.