Rupaliparda.com
আকৌ আৰম্ভ "লক্ষ্মী বোম্ব" ৰ চৰ্চাঃ কি চলিছে চচিয়েল মিডিয়াত? 1

আকৌ আৰম্ভ “লক্ষ্মী বোম্ব” ৰ চৰ্চাঃ কি চলিছে চচিয়েল মিডিয়াত?

কিয়াৰা আদৱানী তথা অক্ষয় কুমাৰৰ বহু প্ৰত্যাশিত ছবি “লক্ষ্মী বোম্ব” য়ে আকৌ এবাৰ ইন্টাৰনেটত চৰ্চা লাভ কৰিছে। টুইটাৰত ট্ৰেণ্ড কৰাও এতিয়া আৰম্ভ কৰিছে ছবিখনে; আপোনালোকে ভাবিছে যে ছবিখনে কিয় চচিয়েল মিডিয়াত বহুল আকাৰত লাভ কৰিছে চৰ্চা? আচলতে, প্ৰথমতে ছবিখন ডিজিটেল প্লেটফৰ্মত মুক্তি লাভ কৰা কথা আছিল যদিও বৰ্তমান ই ছবিগৃহত মুক্তি লাভ কৰিব বুলি জানিব পৰা গৈছে। এক ৱেব চাইটত দিয়া তথ্য অনুসৰি, নিৰ্মাতা সকলে বিচাৰিছে যে এই ছবিখন কেৱল ডিজিটেল প্লেটফৰ্মতেই নহয়; ইয়াক ছবিগৃহতো যেন মুক্তি দিয়া হয়। কিছুদিন পূৰ্বে এক সূত্ৰ অনুসৰি জানিব পৰা গৈছিল যে OTT প্লেটফৰ্মে উক্ত ছবিখনক মুঠ ১২৫ কোটি টকাত ক্ৰয় কৰে। কিন্তু একাংশৰ মতে, ছবিখনক বহু কম দামত কৰা হ’ল বিক্ৰী। কিয়নো, এই ছবিখন ছলমান খানৰ আগন্তুক ছবি “ৰাধে” ৰ সৈতে একেলগে ছবিগৃহত মুক্তি পালেও অক্ষয় কুমাৰৰ ছবিখনে বস্ক অফিচ কালেকচন কৰিলেহেঁতেন ২০০ কোটি টকা।

আকৌ আৰম্ভ "লক্ষ্মী বোম্ব" ৰ চৰ্চাঃ কি চলিছে চচিয়েল মিডিয়াত? 2


ডিজনী+ হটষ্টাৰত মুক্তি দিবলগীয়া এই ছবিখনক লৈ উৎসাহিত হৈ আছিল অক্ষয় কুমাৰৰ অনুৰাগী। উল্লেখ্য যে, ইখনৰ পিছত সিখন ছবিৰ মুক্তিৰ বিষয়ে প্ৰকাশ কৰিছে অভিনেতা অক্ষয় কুমাৰে। বলীউডৰ খিলাড়ী খ্যাত অক্ষয় কুমাৰৰ বছৰত ৪-৫ খন ছবিয়ে মুক্তি লাভ কৰে। কিন্তু “ক’ৰোণা” কালতো যেন এতিয়া ৰৈ থকা নাই অভিনেতা অক্ষয় কুমাৰ। এইবাৰ ৭ খন ছবি আৰু এখন ৱেব চিৰিজ মুক্তিৰ কথা প্ৰকাশ কৰে অভিনেতা গৰাকীয়ে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform