Rupaliparda.com
ৰিয়া চক্ৰৱৰ্তীৰ ঘনিষ্ঠ বান্ধৱীৰ প্ৰতিউত্তৰঃ অংকিতাক চিধাকৈ ক'লে কথা- 1

ৰিয়া চক্ৰৱৰ্তীৰ ঘনিষ্ঠ বান্ধৱীৰ প্ৰতিউত্তৰঃ অংকিতাক চিধাকৈ ক’লে কথা-

অংকিতা লোখণ্ডেৰ শেহতীয়াকৈ দিয়া পোষ্টত নিজৰ ক্ষোভ ব্যক্ত কৰিলে ৰিয়া চক্ৰৱৰ্তীৰ ঘনিষ্ঠ বান্ধৱী শিৱানী ডাণ্ডেকাৰ। ৰিয়া চক্ৰৱৰ্তীক দুদিন পূৰ্বে নাৰকোটিক্স কন্ট্ৰোল ব্যুৰৰ দ্বাৰা গ্ৰেপ্তাৰ কৰা হয়। আচলতে এনচিবিয়ে ধাৰাবাহিকভাৱে তিনিদিনকৈ কৰা ঘেৰাওঁৰ পিছত ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে বিভিন্ন তথ্য পাবলৈ সক্ষম হৈছিল আৰু তাৰ পিছতেই ৰিয়াক গ্ৰেপ্তাৰ কৰা হয়। ৰিয়াৰ গ্ৰেপ্তাৰৰ পিছত তেওঁৰ বিৰুদ্ধে বিভিন্ন জনে বিভিন্ন পোষ্ট কৰি অভিনেত্ৰী গৰাকীক ককৰ্থনা জনাইছে যদিও একাংশই ৰিয়াৰ লগত হোৱা কাৰ্য্যবোৰ অতি দুখজনক হোৱা বুলিও মন্তব্য কৰিছে। অংকিতাই চচিয়েল মিডিয়াত এক পোষ্ট কৰি উমৈহতীয়া আৰোপ লগাইছে ৰিয়া চক্ৰৱৰ্তীৰ ওপৰত; আৰু ইয়াকে দেখি ক্ষোভ ব্যক্ত কৰিছে ৰিয়াৰ ঘনিষ্ঠ বান্ধৱী গৰাকীয়ে। শিৱানীয়ে নিজৰ ইনষ্টাগ্ৰাম ষ্টৰীত অংকিতাক টেগ কৰি লিখে যে, ” পিতৃসত্তা থকা এই ৰাজকুমাৰীয়ে কেতিয়াও স্পষ্ট ধৰণেৰে সুশান্তৰ সৈতে থকা নিজ সম্পৰ্কৰ কথা ব্যক্ত কৰা নাই। তেওঁ মাত্ৰ জনপ্ৰিয়তা বিচাৰিছে আৰু সেইবাবেই এই বিষয়ত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে; আৰু আচলতে ইয়াত তেওঁ সফলো হৈছে।”

ৰিয়া চক্ৰৱৰ্তীৰ ঘনিষ্ঠ বান্ধৱীৰ প্ৰতিউত্তৰঃ অংকিতাক চিধাকৈ ক'লে কথা- 2
ৰিয়া চক্ৰৱৰ্তীৰ ঘনিষ্ঠ বান্ধৱীৰ প্ৰতিউত্তৰঃ অংকিতাক চিধাকৈ ক'লে কথা- 3


আকৌ লিখে যে, ” পিতৃসত্তাক বুজাতকৈ অংকিতাৰ দৰে মহিলাবোৰৰ বৰ্তমান ভিৰৰ অংশীদাৰ হৈ পৰিছে। অংকিতা আপুনি এই কথা বুজাটো প্ৰয়োজনীয় যে, সুশান্তে ৰিয়াক প্ৰেম কৰিছিলে। আচলতে বান্ধৱী গৰাকীয়ে অংকিতাৰ এই পোষ্টৰ প্ৰতিউত্তৰ দিছে য’ত তেওঁ লিখিছিল যে, “মই কেতিয়াও এনেকৈ কোৱা নাই যে সুশান্তক হত্যা কৰা হৈছে আৰু নিৰ্দ্দিষ্টকৈ হত্যাকাৰী এইজন হয়। মই সদায় সুশান্তৰ বাবে ন্যায় বিচাৰিছো আৰু তেওঁৰ পৰিয়ালৰ সৈতে থিয় হ’বলৈ চেষ্টা কৰিছো। মই মাত্ৰ এইটো বিচাৰিছো যে তথ্য বিচাৰক সকলে যাতে শুদ্ধটোক বাহিৰলৈ লৈ আনে। মোক বিধৱা লগতে সতিনী সম্বোধন কৰা হ’ল যদিও মই কেতিয়াও একো প্ৰতিউত্তৰ নাই দিয়া।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform