Rupaliparda.com
ৰূপালীপৰ্দা ডট কমৰ ২১ বছৰঃ 1

ৰূপালীপৰ্দা ডট কমৰ ২১ বছৰঃ

মনোৰঞ্জন হৈছে এনে এক মাধ্যম যাৰ দ্বাৰা সৰ্বসাধাৰণ ৰাইজ উৎফুল্লিত হ’বলৈ চেষ্টা কৰে। দেশত চলি থকা অমানৱীয়তা, অন্যায়, দূনীৰ্তি, ভ্ৰষ্টাচাৰ আদিবোৰৰ উৰ্দ্ধত জনসাধাৰণক কিছু সময়ৰ অৱকাশ, স্ফূৰ্তিৰ প্ৰয়োজন হয় আৰু এই আটাইবোৰৰ মাজত তেওঁলোকক প্ৰয়োজন হয় মনোৰঞ্জনৰ। মনোৰঞ্জন ক্ষেত্ৰখনত চলি থকা অথবা আহিবলগীয়া খবৰ সমূহ জানিবলৈ উৎসাহিত হৈ থাকে জনসাধাৰণ। ৰূপালীপৰ্দা ডট কম(Rupaliparda.com); উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন মনোৰঞ্জনধৰ্মী ৱেব পৰ্টেল। ২০০১ চনৰ পৰা আৰম্ভ কৰি অবিৰত ভাৱে চলি যোৱা এক প্ৰক্ৰিয়া; ১১ চেপ্তেম্বৰ অৰ্থাৎ আজিৰ তাৰিখটোতেই ২০০১ চনত এই ৱেব পৰ্টেল খনৰ উদ্ধোধন কৰিছিল বিশ্ববিশ্ৰুত শিল্পী ড° ভূপেন হাজৰিকা। উক্ত চনটোৰ পৰা চলি থকা এই ৱেব পৰ্টেলখনৰ চিনাকী মনোৰঞ্জন ক্ষেত্ৰখনত সুকীয়া বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব। কেৱল মাত্ৰ মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ থকা এই ৱেব পৰ্টেল খনৰ লগত প্ৰথমাৱস্থাত কেইবাগৰাকীও গণ্য-মান্য ব্যক্তি জড়িত হৈ আছিল। বৰ্তমানেও এই ক্ষেত্ৰখনত অন্তৰ্ভূক্ত হ’বলৈ প্ৰচেষ্টা চলাই থকা একাংশ উদীয়মান নৱপ্ৰজন্মৰ প্ৰতিভা তথা তেওঁলোকৰ সৃষ্টি আদি বোৰক লগত লৈয়ে ৰূপালীপৰ্দাই জনসাধাৰণক সন্ধান দিছে ভিন্ন প্ৰকল্পৰ। সম্প্ৰতি সময়ত উত্তৰ-পূৰ্বাঞ্চলৰ মনোৰঞ্জন জগতখনত নৱপ্ৰজন্মই কৰা কামৰ একোটা লিখিত খবৰ জনসাধাৰণক দিবলৈ কৰা চেষ্টাত ৰূপালীপৰ্দাই জনোৱা সঁহাৰিত তেওঁলোকো আপ্লুত হয় ইতিমধ্যে বহু প্ৰকল্পৰ এক্সক্লুচিভ খবৰ ৰূপালীপৰ্দাৰ হাতত দিছে।

ৰূপালীপৰ্দা ডট কমৰ ২১ বছৰঃ 2
ৰূপালীপৰ্দা ডট কমৰ ২১ বছৰঃ 3


Webx Technologies কোম্পানীৰ তত্ত্বাৱধায়ক লগতে ৰূপালীপৰ্দা ৱেব পৰ্টেলৰ সঞ্চালক সঞ্জীৱ শৰ্মাই উক্ত ৱেব পৰ্টেল খনক উদ্দশ্যি আগন্তুক সময়ত বিভিন্ন প্ৰকল্পৰ কাষ চাপিব। দীপাংকৰ ঘোষাল,জয়শ্ৰী, অন্তৰা তথা ৰীমাই সম্প্ৰতি সময়ত পৰ্টেল খনত দি থকা প্ৰতিটো খবৰক আপোনালোকে জনোৱা সঁহাৰি তথা সমাদৰৰ বাবে আমি চিৰকৃতজ্ঞ।


……… ধন্যবাদেৰে
ৰূপালীপৰ্দা ডট কম ( Rupaliparda.com)

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform