Rupaliparda.com
"যিয়ো এটা ষ্টুডিঅ' পাইছিলো তাতো ইমান এটা ডাঙৰ টীমে কাম কৰিব নাছিল"- হৰ্জিৎ দিয়াজ 1

“যিয়ো এটা ষ্টুডিঅ’ পাইছিলো তাতো ইমান এটা ডাঙৰ টীমে কাম কৰিব নাছিল”- হৰ্জিৎ দিয়াজ

শেহতীয়াকৈ “MX Player” ত মুক্তি লাভ কৰা “আশ্ৰম” শীৰ্ষক ৱেব চিৰিজ খনৰ জনপ্ৰিয়তা প্ৰত্যেকজনৰ মুখে মুখে। প্ৰকাশ ঝাৰ দ্বাৰা পৰিচালিত এই ৱেব চিৰিজখনত মূখ্য চৰিত্ৰ ৰূপায়ন কৰিছিল অভিনেতা ববী দেউলে। এই ৱেব চিৰিজখনত মায়ানগৰীৰ কেইবাটাও জনপ্ৰিয় নাম জড়িত হোৱাৰ সমান্তৰালকৈ সাঙুৰ খাই আছে অসম সন্তান হৰ্জিৎ দিয়াজৰ নাম। এগৰাকী সংগীত পৰিচালক ৰূপে এই ৱেব চিৰিজখনৰ সৈতে জড়িত হৈ আছিল এই অসম সন্তান গৰাকী। তেওঁৰ জনপ্ৰিয় হোৱা কেইবাটাও প্ৰকল্পৰ লগতে “আশ্ৰম” ৰো তেওঁৰ দ্বাৰা পৰিচালিত গীতটোৱেও লাভ কৰিছিল সমাদৰ। সংগীত পৰিচালক চনী বওঁৰা আৰু ইন্দৰ বওঁৰাৰ সৈতে উক্ত প্ৰকল্পটোৰ সৈতে জড়িত হৰ্জিৎ দিয়াজৰ লগত ৰূপালীপৰ্দাৰ হোৱা এক্সক্লুচিভ সাক্ষাৎকাৰত তেওঁ কয় যে, “মোৰ একেবাৰেই এটা ভাল লগা অভিজ্ঞতা এই প্ৰকল্পটোত। প্ৰকাশ ঝা লগতে ববী দেউল তথা আন বহু সুদক্ষ শিল্পী, কলা-কুশলীৰ সৈতে কাম কৰাৰ এই সুবিধা মই পাইছিলো এই প্ৰকল্পটোত। “বাবা গৰীৱো ৱালে”, “গুৰু বিন জ্ঞান মিলে না” শীৰ্ষক গীত দুটি মোৰ ভাগত আছিল; যাৰ প্ৰথমটো সংগীত প্ৰস্তুতকৰণৰ বাবে মোক হয়টো দুই তিনিবাৰ শুধৰাইও দিবলগীয়াও হৈছিল। গীতটি আছিল সমাৰোহৰ মাজত হোৱা ভজন আৰু বহুখিনি জনসাধাৰণৰ এক হাই-হূলস্থলীয়া পৰিৱেশ মাজৰ।”

"যিয়ো এটা ষ্টুডিঅ' পাইছিলো তাতো ইমান এটা ডাঙৰ টীমে কাম কৰিব নাছিল"- হৰ্জিৎ দিয়াজ 2


হৰ্জিতে কয় যে, “গীতটিত জনপ্ৰিয় শিল্পীৰ দল ৰাহুল চিটনিচৰ এটা টীমে কন্ঠ দিছিল; যিয়ে ইতিমধ্যে বাহুৱলী তথা পদ্মাৱতৰ দৰে ছবিত ভইচ অভাৰ দি আহিছে। গীতটিত উমা শংকৰ শুক্লাই চিতাৰ বজাইছিল; ভাৰতৰ আটাইতকৈ পূৰণি তথা প্ৰসিদ্ধ চিতাৰিষ্ট হৈছে এইগৰাকী উমা শংকৰ শুক্লা ছাৰ। গতিকে তেওঁলোকে মোক এই গীতটিক লৈ যিখিনি সহায় কৰিলে সেইখিনি মই জীৱনত কাহানিও পাহৰিব নোৱাৰিম। এই খিনিতে,এই গীতটি প্ৰস্তুতিৰ সময়ত হোৱা এটা অতিকৈ মোৰ মন চুই যোৱা ঘটনা এটা কওঁ; বিগত বছৰৰ এইখিনি সময়তে গীতটিৰ ৰেকৰ্ডিঙৰ বাবে মোৰ ২০-২২ জনীয়া টীমটো ওলাইছিলো। কিন্তু, মুম্বাইত মনছুন আৰম্ভ হোৱা বাবে অধিকাংশ ষ্টুডিঅ’ বন্ধ আছিল নহ’লে আধাখিনিত কাম চলি আছিল। মই গীতটো আজি প্ৰস্তুত কৰি কাইলৈ দি দিব লাগে; গতিকে এই বৰষুণত য’ত এককাঁলকৈ পানী আছে তাৰেই মাজত আমি ষ্টুডিঅ’ বিচাৰি হাবাথুৰি খাই আছো। যিয়ো এটা ষ্টুডিঅ’ পাইছিলো তাতো ইমান এটা ডাঙৰ টীমে কাম কৰিব পৰা লাগতিয়াল বস্তু-বাহানিবোৰ নাছিল।

"যিয়ো এটা ষ্টুডিঅ' পাইছিলো তাতো ইমান এটা ডাঙৰ টীমে কাম কৰিব নাছিল"- হৰ্জিৎ দিয়াজ 3


শেষত, মই জুবিন দাৰ ডাঙৰ ভাতৃ উৎপল শৰ্মাৰ সহায়ত এটা ষ্টুডিঅ’ বিচাৰি উলিয়াই মোৰ আটাইবোৰ কাম সমাপ্ত কৰিছিলো। কিন্তু, সঁচা কথা ক’বলৈ গ’লে গীতটো কৰি উঠি মই ভৰি ধৰি সেৱা জনাইছিলো উমা শংকৰ শুক্লা ছাৰৰ; ছাৰে তিনি-চাৰি ঘন্টা মোৰ লগত ঘূৰি পকি অৱশেষত মোৰ লগত নিজৰ কাম সমাপ্ত হোৱাৰ পিছতহে যাবলৈ ওলাইছিল। তেওঁ মোৰ কাৰণে সেইদিনা ভগৱান হৈ পৰিছিল; “দিল হে কি মানতা নহী” ৰ পৰা আৰম্ভ কৰি জনপ্ৰিয় বলীউড ছবিৰ চিতাৰ বাদক সেই গৰাকী ব্যক্তিয়ে সেইদিনা মোৰ বাবে কৰা সেইখিনি কামেই ভগৱানতুল্য কৰি তুলিছিল তেওঁক। তেওঁ মাত্ৰ কৈছিল যে, “মোৰ আজি বেলেগ কাম নাছিল বাবেই মই এনেকৈ আছো।” ৯৮ ৰ পৰা তেওঁ বলীউডত কাম কৰিছে আৰু তেওঁ এগৰাকী মাটিৰ মানুহ বুলি কৈ দিলেও হয়টো অতিৰঞ্জিত নহ’ব।”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.