জনপ্ৰিয় ৰিয়েলিটী শ্ব “বিগ বছ ১৩” ক হয়টো আপোনালোকৰ এতিয়াও মনত আছে। শ্ব’টোৰ টি আৰ পি অথবা জনপ্ৰিয়তাৰ বাবে ইয়াক নিৰ্দ্দিষ্ট সময়তকৈ আৰু অধিক এমাহ সম্প্ৰচাৰ কৰা হৈছিল। শ্ব’টোৰ জনপ্ৰিয়তাৰ বাবে “লক-ডাউন” ৰ সময়ছোৱাত ইয়াত পুনঃসম্প্ৰচাৰ কৰা হৈছিল। আপোনালোকৰো হয়টো মনত আছে; বিগত বৰ্ষৰ এই সংস্কৰণটোলৈ অহা শ্বেহনাজ গিলৰ নামটো। পঞ্জাৱৰ এই কন্ঠশিল্পী গৰাকীয়ে তেওঁৰ ব্যৱহাৰ আৰু উৎপতীয়া স্বভাৱটোৰে প্ৰায়ে প্ৰতিজন দৰ্শকৰ হৃদয় জিনিছিল। তেওঁক আৰু অভিনেতা সিদ্ধাৰ্থ শুক্লাক চাবলৈ ৰাতি শ্ব’টো সম্প্ৰচাৰ হোৱালৈ অপেক্ষা কৰি ৰৈছিল বহুল পৰিমাণৰ দৰ্শক। কিন্তু এতিয়া সলনি হৈছে শ্বেহনাজ গিল; আচলতে তেওঁ নিজ স্বভাৱ নহয়, সলনি কৰিছে নিজ বাহ্যিক সৌন্দৰ্য্য। নিজৰ ওজন কমোৱাৰ পৰা আৰম্ভ কৰি নিজ সৌন্দৰ্য্যলৈ অধিক গুৰুত্ব দিছে এই তাৰকা গৰাকীয়ে। কোনো কচৰতৰ ভিডিঅ’ চচিয়েল মিডিয়াত আপলোড নকৰাকৈ তেওঁৰ বাহ্যিক ৰূপৰ ক্ষেত্ৰত হোৱা এনে সাল-সলনিত বৰ্তমান উৎসাহিত তেওঁৰ অনুৰাগী।

সিদ্ধাৰ্থ শুক্লা আৰু শ্বেহনাজৰ যুঁটিটোক অতিমাত্ৰা পচন্দ কৰিছিল দৰ্শকে। ফলত পঞ্জাৱৰ পৰা ওলাই অহা এই তাৰকা গৰাকীৰ জনপ্ৰিয়তাও আছিলে লেখত ল’বলগীয়া; চচিয়েল মিডিয়াত মিলিয়নৰ অংকত বাঢ়িছিল তেওঁৰ অনুৰাগীৰ সংখ্যা। বিগ বছ সমাপ্তৰ পিছত তেওঁ কালাৰ্চৰ আন এক অনুষ্ঠানৰ সৈতে জড়িত আছিল যদিও ই দৰ্শকৰ সমাদৰ লাভ নকৰাত আধৰুৱা হৈ ৰৈছিল। শেহতীয়াকৈ তেওঁক সিদ্ধাৰ্থ শুক্লাৰ সৈতে এটি মিউজিক ভিডিঅ’টো দেখিবলৈ পোৱা গৈছিল।
Add comment