Rupaliparda.com
ক'ৰোণাৰ পৰা ওলাই আকৌ সক্ৰিয় "বেহাৰবাৰী আউটপোষ্ট" ৰ টীমঃ 1

ক’ৰোণাৰ পৰা ওলাই আকৌ সক্ৰিয় “বেহাৰবাৰী আউটপোষ্ট” ৰ টীমঃ

ক’ৰোণা ত্ৰাসে আগ্ৰাসনত লৈছিল কেইবাগৰাকীও জনপ্ৰিয় অসমীয়া অভিনেতা অভিনেত্ৰীক। কিছুদিন পূৰ্বে “বেহাৰবাৰী আউটপোষ্ট” ত অভিনীত কেইবাগৰাকীও শিল্পী তথা ধাৰাবাহিকখনত কৰ্মৰত কলা-কুশলী শেহতীয়াকৈ ক’ৰোণা পজিটিভ হৈছিল। তেওঁলোকৰ গাত পোৱা গৈছিল ক’ৰোণাৰ লক্ষণ; ইয়াৰ পিছতেই কেইবাদিনৰ বাবে ধাৰাবাহিকখনৰ সম্প্ৰচাৰ স্তব্ধ হৈ পৰিছিল; কিন্তু বৰ্তমান ধাৰাবাহিকখনৰ অনুৰাগীৰ বাবে আছে এক সুখবৰ। চলিত মাহৰ ১৪ তাৰিখৰ পৰাই পুনৰ বাৰ নিশা ৮ আৰু ১০.৩০ বজাত ৰেঙণিত সম্প্ৰচাৰিত কৰা হ’ব ধাৰাবাহিকখন। দীপজ্যোতি কেওঁট অৰ্থাৎ মোহনে নিজ ফেচবুক একাউন্টত পোষ্ট দি এই কথা জনসাধাৰণক জানিবলৈ দিয়ে।

ক'ৰোণাৰ পৰা ওলাই আকৌ সক্ৰিয় "বেহাৰবাৰী আউটপোষ্ট" ৰ টীমঃ 2
ক'ৰোণাৰ পৰা ওলাই আকৌ সক্ৰিয় "বেহাৰবাৰী আউটপোষ্ট" ৰ টীমঃ 3


“বেহাৰবাৰী” নামৰ ঠাইত অৱস্থিত এখন আৰক্ষীথানাৰ পুলিচ আৰু তেওঁলোকৰ জীৱন-দৰ্শন লগতে বহু নীতিমূলক আদৰ্শৰ কথাৰে আৰম্ভ হৈছিল “বেহাৰবাৰী আউটপোষ্ট”। ধাৰাবাহিকখনে কিছুদিন বিগত বৰ্ষত ১৫০০ টা খণ্ড অতিক্ৰম কৰিছিল। বৰষা ৰাণী বিষয়াৰ পৰা আৰম্ভ কৰি ধাৰাবাহিকখনৰ সৈতে কিছু সময়ৰ বাবে জড়িত হৈ আছিল অভিনেত্ৰী প্ৰস্তুতি পৰাশৰো। “কে কে” আৰু “মোহন” নামে দুই চৰিত্ৰৰ কথা কোৱাৰ যি ভংগিমা সেয়া সৰুৰ পৰা ডেকা-বুঢ়াৰ মাজতো জনপ্ৰিয়। প্ৰতিযোগিতাৰ এই সময়ছোৱাত হাঁহিবলৈ পাহৰা জনসাধাৰণক সুহুতীয়া কথাৰে হাঁহিবলৈ অৱকাশ দিয়ে “বেহাৰবাৰী আউটপষ্টে”। ধেমালিৰে মানুহক আমোদ প্ৰদান কৰি দেশত সংঘটিত কিছু গুৰু -গম্ভীৰ কথাৰ আলোচনা কৰা ধাৰাবাহিকখনৰ চৰিত্ৰসমূহৰ যি সংলাপ সেয়া খুবেই আকৰ্ষণীয়।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform