ক’ৰোণা ভাইৰাছৰ ফলত ঘৰৰ ভিতৰতে এক দীঘলীয়া সময় অতিক্ৰম কৰিছে জনসাধাৰণে; একাংশই য’ত এই সময়ছোৱাৰ প্ৰথমভাগক মনোৰঞ্জন কৰিছিল; তাতেই আকৌ বৰ্তমান এই সময়কণে ব্যতিব্যস্ত কৰি তুলিছে আটাইকে। কিছুদিন পূৰ্বে মালাইকা আৰোৰা লগতে অৰ্জুন কাপুৰৰ দেহতো পোৱা গৈছিল ক’ৰোণা ভাইৰাছৰ অৱস্থিতি। এক চচিয়েল মিডিয়া পোষ্ট যোগে অভিনেত্ৰী মালাইকাই জনায় যে তেওঁ এতিয়া চিকিৎসকৰ পৰামৰ্শনুসৰি আছে হোম কোৱাৰেন্টাইনত। অভিনেত্ৰী গৰাকীয়ে নিজ ইনষ্টাগ্ৰাম ষ্টৰীত দিয়া এক পোষ্টে দেখুৱাই দিছে যে তেওঁ অশান্তি পাইছে এই মহামাৰী অথবা আৱদ্ধ হৈ ৰোৱা কথাটোক লৈ। তেওঁ লিখিছে যে, “কোনোবাই ভেকচিন ওলাই দিয়া অ’; নহ’লে যৌৱন ইয়াতেই এনেদৰে গুচি যাব।” তেওঁৰ এই পোষ্টে জনসাধাৰণৰ ধ্যান আকৰ্ষণ কৰাৰ লগতে ইয়াক ভাইৰেলো কৰি তুলিছে একাংশই।


কিছুদিন পূৰ্বে মালাইকা আৰু অৰ্জুন কাপুৰ ক’ৰোণা ভাইৰাছৰ আগ্ৰাসনত অহা পিছতেই এক চচিয়েল মিডিয়া পোষ্টযোগে দুয়োগৰাকী তাৰকাই এই কথা জনসাধাৰণক জানিবলৈ দিছিল। বলীউডৰ কেৱল মাত্ৰ অৰ্জুন আৰু মালাইকা বুলিয়ে নহয় আন তাৰকাও ক’ৰোণাৰ আগ্ৰাসনত সোমাই পৰিছিল। জেনেলিয়া ডিসুজা, আফতাৱ শিৱদাসানী, কিৰণ কুমাৰ, কৰীম মোৰানী, কণিকা কাপুৰ, অমিতাভ বচ্চন তথা অভিষেক, ঐশ্বৰ্য্যও ক’ৰোণা ভাইৰাছৰ আগ্ৰাসনত সোমাই পৰিছিল।
Add comment