Rupaliparda.com
গুৱাহাটীৰ ৰাজপথত মিনাংক ডেকাৰ "মুকাভিনয়"; ‘নিজেও বাচক, আনকো বচাওক’ শীৰ্ষক কাৰ্যসূচী- 1

গুৱাহাটীৰ ৰাজপথত মিনাংক ডেকাৰ “মুকাভিনয়”; ‘নিজেও বাচক, আনকো বচাওক’ শীৰ্ষক কাৰ্যসূচী-

এইবাৰ গুৱাহাটীৰ ৰাজপথত “Mask is Must”; মুকাভিনয় শিল্পী তথা কটন বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা কেন্দ্ৰৰ প্ৰাক্তন ছাত্ৰ মিনাংক ডেকাই গুৱাহাটী মহানগৰীৰ ৰাষ্টাই-ঘাটে চলালে আন এক সজাগতা মূলক কাৰ্যসূচী। উক্ত বিভাগটোৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ একাংশ সদস্যই লগ হৈ এই পদক্ষেপ গ্ৰহণ কৰে। দেওবাৰৰ দিনটোত জনসাধাৰণক মনোৰঞ্জনৰ দ্বাৰা তেওঁলোকৰ মাজত সজাগ আৰু সচেতনতা বৃদ্ধিৰ বাবে কৰা এই প্ৰয়াস সঁচাকৈ লেখত ল’বলগীয়া। ‘নিজেও বাচক, আনকো বচাওক’ শীৰ্ষক এঈ কাৰ্যসূচী পুৱা ১০ বজাৰ পৰা আৰম্ভ কৰি মহানগৰৰ জনসমাগম হোৱা ঠাই ক্ৰমে উজান-বজাৰ, শিলপুখৰী, লাখটকীয়া, ফাঁচীবজাৰ, পল্টন বজাৰকে আৰম্ভ কৰি আন বহুকেইখন ঠাইত মুকাভিনয়ৰ দ্বাৰা মিনাংকই কৰা প্ৰচেষ্টাত এতিয়া উৎসাহিত জনসাধাৰণো।

গুৱাহাটীৰ ৰাজপথত মিনাংক ডেকাৰ "মুকাভিনয়"; ‘নিজেও বাচক, আনকো বচাওক’ শীৰ্ষক কাৰ্যসূচী- 2
গুৱাহাটীৰ ৰাজপথত মিনাংক ডেকাৰ "মুকাভিনয়"; ‘নিজেও বাচক, আনকো বচাওক’ শীৰ্ষক কাৰ্যসূচী- 3
গুৱাহাটীৰ ৰাজপথত মিনাংক ডেকাৰ "মুকাভিনয়"; ‘নিজেও বাচক, আনকো বচাওক’ শীৰ্ষক কাৰ্যসূচী- 4


উল্লেখ্য যে, পাঁচশৰো অধিক লোকক মাস্ক বিতৰণ কৰে কটন বিশ্ববিদ্যালয়ৰ সাংবাদিকতা বিভাগৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীয়ে। আগন্তুক সময়ত এনে প্ৰচেষ্টা অব্যাহত ৰখাৰ বাবে আহ্বান জনায় জনসাধাৰণে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.