আকৌ এটা নতুন গীতক লৈ আহি আছে নৱপ্ৰজন্ম; সম্প্ৰতি সময়ত উপলদ্ধি কৰা এক বিষয় হৈছে নৱপ্ৰজন্মৰো সৃষ্টি ও প্ৰতিভা। এটি নতুন প্ৰডাকচন হাউচৰ মুক্তিৰ সমান্তৰালকৈ আহিবলৈ সাজু হৈছে এটি নতুন ৰোমান্টিক গীত “আবিৰ”। দীক্ষু শৰ্মাৰ কন্ঠৰে আহিবলগীয়া এই গীতটিক লৈ কন্ঠশিল্পী গৰাকীৰ লগতে তেওঁৰ অনুৰাগীৰ উৎসাহো লেখত ল’বলগীয়া। প্ৰেম “সংজ্ঞাহীন” অনুভূতি; ইয়াক যি যেনেদৰে অনুভৱ কৰে সি তাক তেনেদৰেই পৰিচালিত কৰে। ঠিক তেনেদৰে, প্ৰেম আৰু বৰষুণৰ মাজত এক এৰাব নোৱাৰা মিল আছে। অধিকাংশ কাহিনী হয়টো অসম্পূৰ্ণ হৈয়ে ৰ’ব বৰষুণ অবিহনে; প্ৰতিজন ব্যক্তিৰ এই বৰষুণ জাকৰ সৈতে এনে সম্পৰ্ক আছে যিয়ে নষ্টালজিক কৰি তুলিব পাৰে তেওঁক। “বৰষুণ” ক উদ্দেশ্যি হয়টো ইতিমধ্যে বহু গীতৰ মুক্তি হৈছে লগতে গীতটিক আকোঁৱালিও লৈছে সংগীত প্ৰেমী শ্ৰোতাই। “বৰষুণ জাক” ক উদ্দেশ্যি সৃষ্টি হোৱা বহু কাহিনী; কাহিনীৰ আঁৰৰ কাহিনীবোৰে আপ্লুত কৰে ৰাইজক। সেইবাবেই হয়টো বৰষুণৰ লগত প্ৰতিজন মনুষ্যৰ ঘনিষ্ঠতাক দেখিবলৈ পোৱা যায়।

আগন্তুক সময়ত মুক্তি পাবলগীয়া এই “আবিৰ” শীৰ্ষক গীতটোত সংগীত আৰু গীতাৰ বজাইছে ত্ৰিয়ন মহন্তই। লগতে, গীতটিৰ পৰিচালনা মৃণাল দাস (জোন) ৰ আৰু গীতটিৰ শব্দ সংমিশ্ৰণ কৰিছে পিংকু দাসে। দীক্ষু শৰ্মা সংগীত জগতৰ এনে এক নাম য’ত জনপ্ৰিয়তা আৰু ব্যতিক্ৰমীতা সন্নিৱিষ্ট হৈ থাকে। কন্ঠশিল্পী গৰাকীৰ সামাজিক দায়বদ্ধতাও নুই কৰিব নোৱাৰি। “ক’ৰ’ণা ভাইৰাছ” ৰ বাবে কন্ঠশিল্পী দীক্ষু শৰ্মাই “অসম আৰোগ্য নিধি” লৈ আগবঢ়াইছিল মুঠ ৫০ হাজাৰ টকাৰ অনুদান। নলবাৰীৰ জন্মগ্ৰহণ কৰা দীক্ষু শৰ্মা হৈছে অসমীয়া সংগীত ক্ষেত্ৰখনৰ এক চিনাকী নাম। ২০০৫ চনত মুক্তিপ্ৰাপ্ত “চেম্পিয়ন” এলবামটিৰ জৰিয়তে শ্ৰোতাৰ মাজত জনপ্ৰিয় হৈ পৰা দীক্ষুৰ “তুমি যদি কোৱা” শীৰ্ষক গীতটিয়ে বৰ্তমানলৈ দৰ্শকক আকৰ্ষিত কৰি ৰাখিছে।

গীতটিৰ মুক্তিৰ কোনো নিৰ্দ্দিষ্ট তাৰিখ এতিয়ালৈ জনসাধাৰণৰ মাজত উলিয়াই দিয়া হোৱা নাই যদিও অতিশীঘ্ৰেই এই ৰোমান্টিক গীতটিৰ মধুৰতাক অনুভৱ কৰিবলৈ পাব শ্ৰোতাই।
Add comment