বলীউড “নেপোটিজিম” ৰ বহুল চৰ্চা হয়টো আপোনালোকেও শুনিছে অথবা দেখিছে। সম্প্ৰতি ক’ৰোণা মহামাৰী বিষয়টোৰ সৈতে অধিক চৰ্চিত বিষয়টোৱে হৈছে এই “নেপোটিজিম”; কিন্তু অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনৰ এই বিষয়ত কিছু সুকীয়া বৈশিষ্ট্য আছে। কেইবাগৰাকীও সুদক্ষ অভিনেতা-অভিনেত্ৰীৰ সন্তানে এই ক্ষেত্ৰখনত তেওঁলোকৰ প্ৰতিভাৰ বাবেই ঠাই বনোৱা দেখিবলৈ পোৱা যায়। বৰ্তমান সময়ত অসমীয়া নৱপ্ৰজন্মৰ প্ৰতিভা তথা সৃষ্টিৰ বিষয়ে সচেতন মহলত চৰ্চা হোৱাৰ উপৰিও সকলোৱে তেওঁলোকৰ সৃষ্টি সমূহক সমাদৰ জনোৱাও দেখিবলৈ পোৱা যায়। সুদক্ষ অভিনেত্ৰী নীলা শইকীয়া অভিনয় ক্ষেত্ৰখনৰ এখন চিনাকী মুখ; তেওঁৰ জীয়ৰী থুৰীয়া শইকীয়াও এতিয়া এই ক্ষেত্ৰখনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। “লক-ডাউন” ৰ সময়ছোৱাত কেইবাখনো চুটি ছবিত দেখিবলৈ পোৱা এই গৰাকী অভিনেত্ৰীৰ সৈতে ৰূপালীপৰ্দাৰ হোৱা এক্সক্লুচিভ সাক্ষাৎকাৰত তেওঁৰ অভিনয় যাত্ৰাৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁ কয় যে, “মনত থকাৰে পৰা মোৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ প্ৰতি বৰ অগ্ৰহ আছে; মোৰ মা, নীলা শইকীয়া এগৰাকী অভিনেত্ৰী । তেওঁৰ জড়িয়তে হয়তো লাহে লাহে অভিনয়ৰ পেচাটো মোৰ বাবে নিচা হ’ল। নাটকৰ মাজেৰে অভিনয় জীৱন আৰম্ভ কৰিলোঁ, সৌভাগ্য হৈছিল বহু স্বনামধন্য ব্যক্তিৰ পৰা অভিনয় শিকাৰ। কেৱল মাত্ৰ মঞ্চতে নহয়; ৰূপালী পৰ্দাতো কাম কৰাৰ সুবিধা পাইছিলোঁ। অভিনয়ৰ লগতে মই নৃত্যৰ প্ৰতিও সমানেই আগ্ৰহী।”

থুৰীয়াৰ মতে, এগৰাকী “শিল্পী” ৰ সংজ্ঞা জানিবলৈ বিচৰাত তেওঁ কয় যে, “সকলো ভাল মানুহ শিল্পী হ’ব নোৱাৰে, কিন্তু একোজন শিল্পী সঁচা অৰ্থত সমাজৰ বাবে ভাল মানুহ। মোৰ মতে, নিজৰ মাটিক, নিজৰ জাতিক আৰু নিজৰ শিল্প-সংস্কৃতিক সন্মান কৰাজনহে দৰাচলতে শিল্পী।” অভিনেত্ৰী গৰাকীৰ আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “অসমীয়া চলচ্চিত্ৰ আৰু সংগীতৰ জগতখনে যোৱা কেইটামান বছৰত এক ধনাত্মক গতি লৈছে । ভবিষ্যতে কেৱল মনোৰঞ্জন মোলক নহয়, কিছু ব্যতিক্ৰমী অথচ ভাল কাম কৰিব বিচাৰো। উচ্চ শিক্ষাৰ বাবে এই বছৰ অসমৰ পৰা দূৰলৈ যাম যদিও কেইবাটাও কাম ৰাইজৰ মাজলৈ আহি আছে। অসমীয়া ৰাইজৰ মৰম আৰু শুভকামনা চিৰ কাম্য ।”

থুৰীয়া শইকীয়া লগতে বৰ্তমান প্ৰজন্মৰ এনে ইচ্ছা তথা মনোৰঞ্জনক ক্ষেত্ৰখনৰ প্ৰতি থকা টানে প্ৰায়ে অসমীয়া দৰ্শককো উৎসাহিত কৰি তোলে।
Add comment