Rupaliparda.com
মৃত্যুৰ কাষ চাপিছিল অনুৰাগ কাশ্যপঃ কিন্ত যমে উভতাই দিলে পৰিচালকক- 1

মৃত্যুৰ কাষ চাপিছিল অনুৰাগ কাশ্যপঃ কিন্ত যমে উভতাই দিলে পৰিচালকক-

মৃত্যুৰ খবৰে বৰ্তমান ব্যতিব্যস্ত কৰি তুলিছে বলীউড ক্ষেত্ৰখনক; তাতেই আকৌ এইবাৰ আন এক ভুৱা খবৰে কপাঁইছে বলীউড জগত। “গেংগছ অৱ ৱাছিপুৰ” ৰ লগতে “চেক্ৰেড গেমছ” ৰ পৰিচালক অনুৰাগ কাশ্যপৰ মৃত্যুৰ এক ভুৱা বাতৰি বিয়পি পৰিছিল চচিয়েল মিডিয়াত। @KRKBoxOffice শীৰ্ষক এক টুইটাৰ একাউন্টৰ দ্বাৰা টুইট কৰা হৈছিল যে, “অনুৰাগ কাশ্যপৰ আত্মাই শান্তি পাওঁক; তেওঁ এগৰাকী সুদক্ষ গল্পকাৰ আছিল। আমি আপোনাক সদায় মনত ৰাখিম।” টুইটো দিয়াৰ পিছতেই একাংশই সমবেদনা জ্ঞাপন কৰা আৰম্ভ কৰে চচিয়েল মিডিয়াত। আনহাতে, আন এক উল্লেখনীয় কথা এয়ে যে উক্ত যিটো টুইটাৰ একাউন্টৰ পৰা এই ভুৱা খবৰ বিয়পোৱা হৈছিল তাতটো অনুৰাগ কাশ্যপে আত্মহত্যা কৰা বুলিও ব্যক্ত কৰা হৈছিল। কিন্তু ট্ৰোল অথবা এনে ভুৱা বাতৰিৰ বিৰুদ্ধে অনুৰাগ কাশ্যপে প্ৰতিদিনাই এক যথোপযুক্ত প্ৰতিউত্তৰ দিয়া দেখিবলৈ পোৱা যায়।

মৃত্যুৰ কাষ চাপিছিল অনুৰাগ কাশ্যপঃ কিন্ত যমে উভতাই দিলে পৰিচালকক- 2
https://twitter.com/KRKBoxOffice/status/1305200540985561093?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1305200540985561093%7Ctwgr%5Eshare_3&ref_url=https%3A%2F%2Fwww.ndtv.com%2Fentertainment%2Fyamraj-dropped-me-home-tweets-anurag-kashyap-after-krk-handle-claims-he-died-2295045


ঠিক তেনেদৰেই এইবাৰো অনুৰাগে নিজ মৃত্যুৰ খবৰটোক লৈ ক’লে যে,”কালি যমৰাজৰ দৰ্শন হৈছিল… আজি তেওঁ আকৌ মোক ঘৰত উভতাই থৈ গ’ল। যমৰাজে ক’লে যে “এতিয়াটো আৰু বহু ছবি নিৰ্মাণ বাকী আছে তোমাৰ”; তুমি যদি ছবি নিৰ্মাণ নকৰা আৰু ভক্ত সকলে যদি ইয়াক বয়কট নকৰে তেনেহ’লে তোমাৰ জীৱন কেনেদৰে সাৰ্থক হ’ব। তেওঁ যাতে সাৰ্থক হয় সেইবাবে মোক উভতাই থৈ গ’ল।” তাৰ পিছতেই আকৌ উক্ত টুইটাৰ একাউন্টৰ দ্বাৰা ক্ষমাও বিচাৰিছে যে তেওঁলোক অনুৰাগ কাশ্যপ আৰু অনুৰাগ কাপুৰৰ মাজত বিভ্ৰান্ত হৈ পৰিছিল।”

Add comment

Leave a Reply

Most popular