Rupaliparda.com
"হয়টো কৰ্ম কৰা নহ'লে এঠাইত বহি আনৰ বিষয়ে সমালোচনা কৰা"- জন আব্ৰাহাম 1

“হয়টো কৰ্ম কৰা নহ’লে এঠাইত বহি আনৰ বিষয়ে সমালোচনা কৰা”- জন আব্ৰাহাম

নেপোটিজিমৰ বিষয়টোকঅ ছবি ক্ষেত্ৰখনত ইতিমধ্যে বাৰম্বাৰ উঠোৱা হৈছে; কিন্তু সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত এই বিষয়টোৱে অধিক প্ৰকাশ লাভ কৰিলে জনসাধাৰণৰ মাজত। উক্ত বিষয়টোক লৈ বিভিন্নজন বলীউড তাৰকাই নিজ মত প্ৰকাশ কৰিছে আৰু বৰ্তমান এই বিষয়ত মত ব্যক্ত কৰিবলৈ আগবাঢ়ি আহিছে অভিনেতা জন আব্ৰাহাম। জন আব্ৰাহাম বহু কষ্ট তথা সংগ্ৰামৰ দ্বাৰা এই ক্ষেত্ৰখনত নিজ ঠাই সক্ৰিয় কৰি আহিছে। শেহতীয়াকৈ হোৱা এক সাক্ষাৎকাৰত জন আব্ৰাহামে এই বিষয়টোৰ ওপৰত নিজ মন্তব্য প্ৰদান কৰে। তেওঁ কয় যে, “প্ৰত্যেকৰে নিজাববীয়া এক যাত্ৰা থাকে; নিজা সংগ্ৰাম থাকে। এই ক্ষেত্ৰখনৰ দুটাই বিকল্প থাকে; হয়টো কৰ্ম কৰা নহ’লে এঠাইত বহি আনৰ বিষয়ে সমালোচনা কৰা। মই যেতিয়া মডেলিং ক্ষেত্ৰখনত কেৰিয়াৰ আৰম্ভ কৰিছিলো তেতিয়া মইও আউটসাইদাৰে আছিলো। মই এই ক্ষেত্ৰখনত ২০ টা বছৰ সম্পূৰ্ণ কৰিছো।”

"হয়টো কৰ্ম কৰা নহ'লে এঠাইত বহি আনৰ বিষয়ে সমালোচনা কৰা"- জন আব্ৰাহাম 2
"হয়টো কৰ্ম কৰা নহ'লে এঠাইত বহি আনৰ বিষয়ে সমালোচনা কৰা"- জন আব্ৰাহাম 3


আগলৈ জনে কয় যে, “যিসকল বৰ্তমান এই ক্ষেত্ৰখনত নতুনকৈ অন্তৰ্ভূক্ত হৈছে আৰু যিসকল এই ক্ষেত্ৰখনলৈ অহাৰ পৰিকল্পনা কৰিছে তেওঁলোকে নিজৰ বাবে বিকল্প ব্যৱস্থা নিৰ্বাচন কৰক। যদিহে ইয়াত কাম নাপায় তেতিয়াহ’লে এটা অইন কাম বাচি থওঁক। অভিনেতা গৰাকীয়ে ক্ষেত্ৰখনৰ কোনো এটা দিশক লৈ মন্তব্য নকৰি আহিবলগীয়া প্ৰজন্মৰ হিতৰ বাবে অভিনেতা গৰাকীয়ে ভিন্ন পৰামৰ্শ আগবঢ়ায়।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.