Rupaliparda.com
অংকিতা লোখণ্ডেক ট্ৰোলঃ কৰিছে হেনো ভগৱানক অপমান- 1

অংকিতা লোখণ্ডেক ট্ৰোলঃ কৰিছে হেনো ভগৱানক অপমান-

চচিয়েল মিডিয়াত বৰ্তমান ভাল একাংশ খবৰৰ সলনি দেখিবলৈ পোৱা গৈছে ট্ৰোল অথবা সমালোচনা। অংকিতা লোখণ্ডে শেহতীয়াকৈ চচিয়েল মিডিয়াত জনপ্ৰিয় হৈ পৰাৰ লগতে তেওঁ বিভিন্ন পোষ্টেৰে জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰাও দেখিবলৈ পোৱা যায়। তেওঁ নিজ মতামতক প্ৰায়ে জনসাধাৰণৰ মাজত ব্যক্ত কৰে আৰু নিজৰ প্ৰতিটো কথাৰেই আপডেট অনুৰাগীক দি ৰাখে। অংকিতাই কিছু সময় পূৰ্বে কেইখনমান ফটো তেওঁৰ ব্যক্তিগত একাউন্টৰ পৰা শ্বেয়াৰ কৰে; য’ত তেওঁ এটা লুক দিবলৈ প্ৰয়াস কৰে আৰু তেওঁৰ এই লুকটো দিয়ে অভিনেত্ৰী গৰাকীৰেই মাতৃয়ে। তেওঁৰ ফটো সমূহ শ্বেয়াৰ হোৱা পিছতেই য’ত একাংশই প্ৰশংসা কৰিছিল তাতেই আকৌ এইবাৰ তেওঁৰ কাপোৰক লৈ সমালোচনাৰ সন্মুখীন হয় অংকিতা। আচলতে, তেওঁ যি পেন্টটো পৰিধান কৰে তাত “ঔঁম” শীৰ্ষক ভগৱানৰ চিনটো থাকে আৰু সেয়া ভৰিৰ ওচৰৰ দেখিবলৈ পাই ক্ষোভিত হৈ পৰে অংকিতাৰেই একাংশ অনুৰাগী।

https://www.instagram.com/p/CFJSrRGBrZx/?utm_source=ig_web_copy_link
অংকিতা লোখণ্ডেক ট্ৰোলঃ কৰিছে হেনো ভগৱানক অপমান- 2


“ভগৱানক অপমান কৰিবলৈ নাপায়” বুলিও তেওঁৰ ফটোত কমেন্ট কৰে। ইয়াৰ পূৰ্বেও এনে বিষয়ৰ বাবে আন আন অভিনেত্ৰীও সমালোচনাৰ সন্মুখীন হৈছিল। অভিনেত্ৰী বাণীয়েও এনে এযোৰ কাপোৰ পৰিধান কৰোতে তাত “ৰাম” বুলি লিখা আছিল; তাৰ পিছত অভিনেত্ৰী গৰাকীক ইমানেই অধিক ট্ৰোল কৰা হৈছিল যে তেওঁ প্ৰতিটো চচিয়েল মিডিয়া একাউন্টৰ পৰা ইয়াক আঁতৰাই পেলাইছিল।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.