Rupaliparda.com
টাৰ্গেট কৰা সকললৈ উত্তৰ আলিয়া ভাটৰঃ 1

টাৰ্গেট কৰা সকললৈ উত্তৰ আলিয়া ভাটৰঃ

বলীউড অভিনেত্ৰী আলিয়া ভাট “নেপোটিজিম কিড” হ’লেও তেওঁৰ অভিনয়ৰ প্ৰশংসা নোহোৱাকৈ নাথাকে। বলীউডৰ এইগৰাকী অভিনেত্ৰী চচিয়েল মিডিয়াত সক্ৰিয় হৈ থকাৰ লগতে বিভিন্ন পোষ্ট তথা ফটোৰ দ্বাৰা জনসাধাৰণক আপ্লুত কৰি ৰাখে। “নেপোটিজিম” ৰ চলি থকা চৰ্চাৰ মাজত আলিয়া ভাটো সোমাই পৰিছিল; বৰ্তমান চচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে অভিনেত্ৰীগৰাকীৰ এখন ফটো লগতে তেওঁৰ ফটোত দিয়া এক নিৰ্দ্দিষ্ট কেপছন। তেওঁ এই ফটোখনত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী কন্ঠশিল্পী ট্ৰেইলৰ চুইফ্টৰ গীতৰ কেইটামান শাৰী দি লিখে যে, “মই লক্ষ্যৰ ফালে গতি কৰিয়ে থাকিম; ৰৈ যাব নোৱাৰো, মাত্ৰ আগলৈ গৈ থাকিম।” তেওঁৰ এই কেপছনটো নেপোটিজিমক উদ্দেশ্যি বাৰম্বাৰ তেওঁক টাৰ্গেট কৰি থকা সকললৈ যেন এক আওঁপকীয়া উত্তৰহে আছিল। তেওঁৰ এই পোষ্টটো ভাইৰেল হোৱাৰ লগতে ১০ লাখতকৈও অধিক বাৰ ইয়াক দৰ্শকে চাইছে।

টাৰ্গেট কৰা সকললৈ উত্তৰ আলিয়া ভাটৰঃ 2


সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত কংগনা ৰাণাওঁটে দৃষ্টি নিৱদ্ধ কৰা নেপো’ কিড সকলৰ মাজৰ এগৰাকী আলিয়া ভাটো আছিল। আগন্তুক সময়ত অভিনেত্ৰী গৰাকীক তেওঁৰ প্ৰেমিক ও অভিনেতা ৰণৱীৰ কাপুৰ আৰু অমিতাভ বচ্চনৰ সৈতে ছবি “ব্ৰহ্মাস্ত্ৰ” ত দেখিবলৈ পোৱা যাব। ইয়াৰ উপৰিও আন কেইবাটাও উল্লেখনীয় প্ৰকল্পৰ সৈতে ব্যস্ত থাকিব আলিয়া ভাট।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.