Rupaliparda.com
মাতৃৰ বিয়োগৰ পিছতেই পাপনৰ নতুন গীত "চিয়াঁহী"- 1

মাতৃৰ বিয়োগৰ পিছতেই পাপনৰ নতুন গীত “চিয়াঁহী”-

মাতৃৰ মৃত্যুৰ পিছত মুক্তি পাপনৰ এটি সুন্দৰ ৰোমান্টিক হিন্দী গীত। মাতৃ অৰ্চনা মহন্তৰ বিয়োগৰ পিছতেই শেহতীয়াকৈ পাপনৰ “চিয়াঁহী” শীৰ্ষক গীতটিয়ে লাভ কৰিছে মুক্তি। “শিল্পী” হৈছে এনে একোজন ব্যক্তি যিয়ে নিজেই শিল পি থাকিলেও জনসাধাৰণক মনোৰঞ্জন প্ৰদান কৰে। তেওঁ হাজাৰ সংগ্ৰামৰ সৈতে যুঁজ নিদিয়ক কিয়; তেওঁৰ সৃষ্টিয়ে অনুৰাগীক মনোৰঞ্জন কৰোৱাটো প্ৰয়োজনীয় হৈ পৰে। ২৭ আগষ্ট তাৰিখে অংগৰাগ পাপন মহন্তৰ মাতৃ তথা জনপ্ৰিয় কন্ঠশিল্পী অৰ্চনা মহন্তই শেষ নিশ্বাস ত্যাগ কৰিছিল; গুৱাহাটীস্থিত হেল্থ চিটি হাস্পাতালত শেষ উশাহ লৈছিল কন্ঠশিল্পী গৰাকীয়ে। বিগত ১৪ জুলাইৰ পৰা হাস্পাতালত ভৰ্তি হৈ আছিল অৰ্চনা মহন্ত। মগজুৰ ৰক্তক্ষৰণৰ বাবে চিকিৎসাধীন হৈ আছিল কন্ঠশিল্পী গৰাকী। মাতৃৰ অন্ত্যেষ্টিক্ৰিয়াৰ লগতে বিভিন্ন কাম-কাজ সম্পন্ন কৰি পুনৰ বাৰ নিজ কৰ্মক্ষেত্ৰ খনলৈ যেন ঢাপলি মেলিছে কন্ঠশিল্পী গৰাকী।

View this post on Instagram

It's HERE !! Go watch #Siyaahii – Full Song Video on @youtube NOW, people! Link in bio. And once you're done watching, do start sharing!! ❤ . Audio available on your favourite streaming platforms: @spotifyindia @applemusic @jiosaavn @youtubemusic @youtubeindia @tidal @amazonprimemusicin @wynkmusic @gaana . 'Siyaahii' featuring @paponmusic , @sashasublime and @noah.1722 is an ode to the kind of love that leaves a permanent mark… ❤️ CREDITS: Audio: Singers: Papon, Shashaa Tirupati Songwriter Lyrics: Shashaa Tirupati Music Production: Sid Paul Piano/ Synths: Crehyl Pereira @crehyl Mix/ Master: Bhaskar Sarma at Emsquare Studios @gtrbhaskar Recording Engineer (Female Vocals): Pranjal Borah @pranjalborah Video: Vancouver, Canada: Camera/ BTS: Raymond Kam Assam, India: Camera: Papon Editor: Himanshu Kanojiya @iam.himanshuk HNMU Artist: Mindy Bansal @girlfriendzstudio7 Silky Sohanpal Styling: #Shebangs Cover Artwork: Ctrlj (Samir Mahajan, Kathmandu) @ctrlj977 Location Courtesy: DJ at Crosstown Brick & Concrete Loft, Downtown Distribution: Horus Music Ltd., OK Listen @horusmusicindia @o.k.listen PR: Brand Banter Media @brandbantermedia Special Thanks: Mayur Puri @mayurpuri , Bhuvi Tirupati @bhuvitripathi , Mohan Kannan @mohankannanofficial Poorvi Koutish @poorvikoutish Yazdi Damania @yazdidamania #newreleases #newmusicmonday #papon #shashaatirupati #KhulkeJeeneKa #indiemusic2020 #2020playlist #spotifyplaylists #britpop #britishpop

A post shared by Papon (@paponmusic) on

মাতৃৰ বিয়োগৰ পিছতেই পাপনৰ নতুন গীত "চিয়াঁহী"- 2


পাপনে কিছু সময় পূৰ্বে এটি ভিডিঅ’ যোগে তেওঁৰ অনুৰাগী সমূহৰ আহ্বান অনুসৰি তেওঁৰ ইউটিউব চেনেলত আকৌ এবাৰ সক্ৰিয় থাকি বিভিন্ন গীত আপলোড কৰাৰ আশ্বাস প্ৰদান কৰে। তেওঁ কয় যে স্তব্ধতাৰ মাজতো শ্ৰোতা বা দৰ্শকৰ কাষ চপা মূল মাধ্যমটো বৰ্তমান ইউটিউব হৈ পৰিছে আৰু ইয়াতেই নিজৰ বিভিন্ন গীতক পুনৰ নতুন সংস্কৰণেৰে আপলোড কৰাৰ ব্যৱস্থা কৰিছে বুলি কন্ঠশিল্পী গৰাকীয়ে অনুৰাগীক জানিবলৈ দিয়ে। “চিয়াঁহী” শীৰ্ষক এই গীতটিকো পাপনে ব্যক্তিগত ইউটিউব চেনেলতে মুক্তি দিয়ে। এই গীতটিত অংগৰাগৰ সৈতে কন্ঠদান কৰিছে শাখা তিৰুপাটীয়ে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform