Rupaliparda.com
ৰাইজৰ শিল্পী তথা অভিনেতা ৰবি শৰ্মাৰ জন্মদিনঃ 1

ৰাইজৰ শিল্পী তথা অভিনেতা ৰবি শৰ্মাৰ জন্মদিনঃ

প্ৰায়ে চচিয়েল মিডিয়াত একটিভ অভিনেতা ৰবি শৰ্মাই বিভিন্ন ধৰণে নিজ অনুৰাগী ও দৰ্শকক আকৰ্ষণ কৰা দেখিবলৈ পোৱা যায়। ২০০০ চনৰ পৰা ছবিক্ষেত্ৰখনত একটিভ হৈ থকা এই গৰাকী অভিনেতাই প্ৰায়ে বিভিন্নবোৰ বিষয়ত খুলি মত ব্যক্ত কৰে। আজি এইগৰাকী অভিনেতা তথা ৰাইজৰ শিল্পীৰ জন্মদিন। ৰূপালীপৰ্দাৰ সমূহ কৰ্মকতাৰ ফালৰ পৰা তেওঁলৈ যাঁচিছো জন্মদিনৰ অশেষ শুভকামনা। কিছু সময় পূৰ্বে এই অভিনেতা গৰাকী অভিনীত “Tell me its Grey” চুটি ছবিখনে 10th Dada Saheb Phalke Film Festival ত লাভ কৰিছিল “স্পেচিয়েল ফেষ্টিভ মেনশ্বন” লগতে, শেহতীয়াকৈ চুটি ছবিখনক ৰাইজৰ মাজত উলিয়াই দিয়াৰ পিছতেই ই যথেষ্ট হাৰত জনসাধাৰণৰ আকৰ্ষণ টানিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰিও ক’ৰ’ণা ভাইৰাছৰ সময়ত অভিনেতা গৰাকীয়ে চচিয়েল মিডিয়াত লাইভ আহি বিভিন্ন ধৰণে অনুৰাগীক মানসিক ভাৱে উৎসাহিত কৰা দেখিবলৈ পোৱা গৈছিল। আগন্তুক সময়ত অভিনেতা গৰাকীৰ আহিবলগীয়া বহু প্ৰত্যাশিত ছবি “ৰঘুপতি” য়ে বিগত বহু সময়ৰ পৰাই চৰ্চা লাভ কৰি আহিছে।

ৰাইজৰ শিল্পী তথা অভিনেতা ৰবি শৰ্মাৰ জন্মদিনঃ 2
ৰাইজৰ শিল্পী তথা অভিনেতা ৰবি শৰ্মাৰ জন্মদিনঃ 3


“লক-ডাউন” ৰ ফলত বৰ্তমান সকলো স্থগিত হৈ পৰিছে যদিও ছবিখনে আগন্তুক সময়ত যে অসমীয়া ছবিৰ ধাৰাত উদ্গনি জগাব সেয়া নিশ্চিত হৈ পৰিছে। ন-পূৰণি বিভিন্ন শিল্পী অন্তৰ্ভূক্ত এই ছবিখনত অভিনয় কৰিছে ৰবি শৰ্মা, অৰুণ নাথ, প্ৰীতিকংকনা, মলয়া গোস্বামী, অৰুণ হাজৰিকা, সিদ্ধাৰ্থ শৰ্মা, মনজিৎ শৰ্মা, প্ৰিয়ম পল্লৱী আৰু ৰাজ শৰ্মাই। ছবিখনক লৈ অভিনেতা ৰবি শৰ্মাও চচিয়েল মিডিয়াত বিভিন্ন পোষ্ট দি দৰ্শকক আকৰ্ষিত কৰি ৰাখিছিল।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform