Rupaliparda.com
"মনিকৰ্ণিকা" এৰাক লৈ সনু সোদে এইবাৰ স্পষ্ট কৰিলে নিজ কথাঃ 1

“মনিকৰ্ণিকা” এৰাক লৈ সনু সোদে এইবাৰ স্পষ্ট কৰিলে নিজ কথাঃ

কংগনা ৰাণাওঁটৰ ছবি “মনিকৰ্ণিকা” খনক লৈ বিভিন্ন চৰ্চা সমুখলৈ আহিছিল। ছবিখন মুক্তি পোৱা অথবা মুক্তি পোৱাৰ পূৰ্বৰে পৰাই সংবাদ মাধ্যমত ই বহুল ৰূপত চৰ্চা লাভ কৰিছিল। ছবিখনৰ পূৰ্ব পৰিচালক কৃষ আৰু কংগনাৰ মাজত হোৱা বিবাদৰ পিছতেই অভিনেত্ৰীগৰাকীয়ে নিজাববীয়াকৈ ছবিখনৰ নিৰ্মাণৰ কামত নামি পৰিছিল। পূৰ্বতে এই ছবিখনত অভিনেতা সনু সোদে এক গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰিছিল যদিও পিছলৈ তেওঁ ছবিখনৰ পৰা আঁতৰি যায়। তেওঁৰ বিৰুদ্ধে সেইটো সময়ত চচিয়েল মিডিয়াত ভিন্ন ধৰণৰ সমালোচনা চলিছিল; শেহতীয়াকৈ এই বিষয়ত নিজ মুখ খুলিছে অভিনেতা সনু সোদে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত হোৱা সাক্ষাৎকাৰত যেতিয়া তেওঁক ছবিখনৰ চৰিত্ৰটোৰ বিষয়ে প্ৰশ্ন কৰা হৈছিল তেতিয়া তেওঁ কৈছিল যে, কংগনা ৰাণাওঁটৰ ভাৱনাক তেওঁ আঘাট কৰিব বিচৰা নাছিল, কংগনাই পৰিচালনাৰ সময়ত সনুৰ পৰা সহায় বিচাৰিছিল আৰু ইয়াৰ বাবে সনু পূৰ্ণৰূপত প্ৰস্তুতো হৈ পৰিছিল কিন্তু পিছলৈ সনুয়ে যেতিয়া তেওঁৰ দৃশ্যবোৰ চাইছিল তেতিয়া তাৰ অধিকাংশ দৃশ্যাংশই কটা হৈছিল আৰু সেইসমূহ আকৌ এবাৰ শ্বুটিং কৰিব বিচাৰিছিল অভিনেত্ৰী কংগনাই।

"মনিকৰ্ণিকা" এৰাক লৈ সনু সোদে এইবাৰ স্পষ্ট কৰিলে নিজ কথাঃ 2
"মনিকৰ্ণিকা" এৰাক লৈ সনু সোদে এইবাৰ স্পষ্ট কৰিলে নিজ কথাঃ 3


এই কথোপকথনৰ পিছতেই সনুয়ে কংগনাৰ ছবিখন এৰিবলৈ সিদ্ধান্ত লয়। সনুয়ে তেওঁৰ ৪ মাহ দিন “মনিকৰ্ণিকা” ৰ বাবদ দিছিল যাৰ বাবে তেওঁ নিজৰ আন গুৰুত্বপূৰ্ণ প্ৰকল্প সমূহো এৰি পেলাইছিল। সনুয়ে নিজেও সাক্ষাৎকাৰটোত জনাইছিল যে তেওঁ অতি দুখ মনেৰে অভিনেত্ৰী গৰাকীৰ সৈতে কৰিবলগীয়া উক্ত ছবিখন এৰিছিল। সনুৰ বিৰুদ্ধে এনেও সমালোচনা হৈছিল যে তেওঁ মহিলা পৰিচালকৰ সৈতে কাম কৰিব নুখুজে কিন্তু তেওঁ এই কথাৰ বিৰোধিতা কৰি কয় যে, “মই যদি মহিলা পৰিচালকৰ সৈতে কাম কৰিব নুখুজিলো হয় তেতিয়াহ’লে মই ফাৰাহ খানৰ সৈতেও নকৰিলোহেঁতেন কাম।”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.