Rupaliparda.com
সুখৰ এক নিজস্ব সংজ্ঞা দিলে অভিনেতা কিশোৰ দাসেঃ 1

সুখৰ এক নিজস্ব সংজ্ঞা দিলে অভিনেতা কিশোৰ দাসেঃ

সুখ বাৰু কি? “সুখ” ৰ সংজ্ঞা বাৰু কেনেধৰণৰ! আমি প্ৰত্যেকেই মৃত্যুৰ সময়কণলৈ সুখৰেই সন্ধান কৰো। নহয়নে?? কিন্তু, কেইবাগৰাকীও কবি, সাহিত্যিকে ইতিমধ্যে আমাক এই সুখৰ ধৰণবোৰ দি থৈ গৈছে। সুখ আমাৰ চাৰিওফালে থাকে, এই ধৰক বৰষুণৰ যেতিয়া ক্ষুদ্ৰ ক্ষুদ্ৰ টোপালবোৰে আহি মুখত স্পৰ্শ কৰে; তাতে থাকে সুখ। এজাক বতাহে আহি যেতিয়া চুই যায়; সেই হৃদয়শিক্ত কৰা বতাহ জাকত থাকে সুখ। অন্যথা, পৰিয়ালৰ আন এজন সদস্যৰ সফলতা অথবা তেওঁৰ হাঁহিতেই থাকে সুখ। মুঠতে, এই সুখৰ এক নিৰ্দ্দিষ্ট সংজ্ঞা দিব পৰা নাযায়। শেহতীয়াকৈ অনুৰাগীৰ বাবে সুখৰ এক নিজস্ব সংজ্ঞা দাঙি ধৰিছে অভিনেতা কিশোৰ দাসে। চচিয়েল মিডিয়াত সক্ৰিয় তথা নৃত্যৰে বহুল অংকত অনুৰাগীৰ কাষ চপা এই গৰাকী অভিনেতা নিজ পোষ্টত লিখে যে,” সুখৰ সংজ্ঞা বিচাৰিবলৈ আনৰ কাষলৈ যোৱাৰ কোনো প্ৰযোজন নাই, সুখবোৰ বিচাৰিলেই এবাৰ নিজ পৰিয়াললৈ চাওঁক , দেখিব তাতেই সুখবোৰে খেলি আছে।” শেহতীয়াকৈ চাইকেল ৰেলীৰে বিভিন্ন শ্লোগান মাতি একাংশ যুৱকৰ সৈতে লগ হৈ অভিনেতা গৰাকীয়ে এক সুন্দৰ পদক্ষেপ হাতত লৈছিল।

https://www.instagram.com/p/CFgUfnwDabm/?utm_source=ig_web_copy_link
সুখৰ এক নিজস্ব সংজ্ঞা দিলে অভিনেতা কিশোৰ দাসেঃ 2


সজাগতা আৰু সচেতনতাৰ বাৰ্তা প্ৰেৰণৰ সমান্তৰালকৈ অভিনেতা কিশোৰ দাসে ১০ গৰাকী যুৱকৰ সৈতে ভিন্ন জনজাতীয় লোকৰ মাজত মাস্ক আৰু চেনিটাইজাৰো বিতৰণ কৰিছিল। তেওঁ অভিনয়ৰ লগতে নৃত্যৰ ক্ষেত্ৰতো বহুল প্ৰতিভাশালী। কেইবাটাও গীতৰ যোগেৰে ইয়াৰ উদাহৰণ পাইছে ইতিমধ্যে অসমীয়া দৰ্শকে। ইয়াৰ উপৰিও, চচিয়েল মিডিয়াত একটিভ হৈ থকা এই গৰাকী অভিনেতাই বিভিন্ন গীতত নৃত্য কৰি নিজ অনুৰাগীক আপ্লুত কৰাও দেখিবলৈ পোৱা যায়।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.