অক্ষয় কুমাৰৰ অভিনয় আৰু একচনৰ দ্বাৰা প্ৰায় ছবিয়ে জনপ্ৰিয় হৈ উঠে। কিন্তু আপোনালোকে জানেনে? ১৯৯৬ চনতে এখন ছবিত অক্ষয় কুমাৰ আৰু তেওঁৰ শাহুৱেক অৰ্থাৎ অভিনেত্ৰী ডিম্পল কপাড়িয়াৰ মাজত ৰোমাঞ্চ উপভোগ কৰিব পাৰিলেহেঁতেন জনসাধাৰণে। ১৯৯৬ চনত “খিলাড়ীঅ’ কা খিলাড়ী” শীৰ্ষক এখন ছবিৰ নিৰ্মাণ হৈছিল যাৰ পৰিচালনা কৰিছিল উমেশ মেহৰাই। এই ছবিখনত হোৱা ব্যয়ৰ তুলনাত ইয়াৰ বক্স অফিচ কালেকচন আছিল সৰ্বাধিক। ছবিখনত WWE ৰ বডি বিল্ডাৰ ব্ৰিয়ন লীকো দেখিবলৈ পোৱা গৈছিল; যাৰ সৈতে এখন অন স্ক্ৰীণ অক্ষয় কুমাৰৰ “ফাইট” হৈছিল। অক্ষয় কুমাৰৰ উপৰিও ছবিখনত অভিনয় কৰিছিল ৰবীনা টেণ্ডন, ৰেখা আৰু গুলশন গ্ৰবাৰে। ছবিখনে চৰ্চা লাভ কৰা লগতে ছবিখনৰ শ্বুটিং সময়ছোৱাত ৰবীনা টেণ্ডন আৰু অক্ষয়ৰ সম্পৰ্কইও বাতৰিৰ শিৰোনাম চুইছিল। আনহাতে, ছবিখনৰ ঋণাত্মক চৰিত্ৰটোৰ বাবে আন এক নাম আহিছিল ডিম্পল কপাড়িয়াৰ।


অভিনেত্ৰী গৰাকীয়েও সেইটো সময়ত ছবিখনৰ বাবে মান্তি হৈছিল। কিন্তু সেই সময়ছোৱাত কোনেনো জানিছিল যে পিছলৈ গৈ অক্ষয় কুমাৰে ডিম্পলৰ জীয়ৰীৰ সৈতে বিবাহ পাশত আৱদ্ধ হ’ব! উক্ত ছবিখনৰ এটি গীতত ডিম্পল আৰু অক্ষয়ৰ মাজত অত্যাধিক ৰোমাঞ্চ দেখিবলৈ পোৱা গ’লহেঁতেন। গীতটিয়ে ছবিখনক অন্য এক মূৰ প্ৰদান কৰিলেহেঁতেন; অৱশ্যে শেষলৈ গৈ গীতটিৰ শ্বুটিং তাৰিখ অনুযায়ী নিজ তাৰিখ দিব নোৱাৰিলে অভিনেত্ৰী ডিম্পলে। আৰু, এইবাবেই জনসাধাৰণে চাবলৈ নাপালে অক্ষয়-ডিম্পলৰ ৰোমাঞ্চ!
Add comment