Rupaliparda.com
বাইক ষ্টন্ট অথবা হেলমেট নিপিন্ধাৰ ভয়াৱহতাৰ কাহিনীৰে চুটি ছবি "NH-17"- 1

বাইক ষ্টন্ট অথবা হেলমেট নিপিন্ধাৰ ভয়াৱহতাৰ কাহিনীৰে চুটি ছবি “NH-17”-

সাৱধানৰ মৰণ নাই; অঘটন তথা দূৰ্ঘটনা ইত্যাদি কোনটো মূহুৰ্তত কি হয় সেয়া কোনোৱে নাপায়। কিন্তু, যেতিয়া কোনো এজন লোক সাৱধান হয় তেতিয়া সেই সময়ছোৱাত ঘটিবলগীয়া অঘটনৰ পৰা কিছু পৰিমাণে হ’লেও হাত সাৰিব পৰা যায়। এইখিনিতে, বিগত ৭-৮ মাহ ধৰি আৱদ্ধ হৈ থকা জনসাধাৰণে নিজৰ মাজত কোনো নতুনত্বৰ অনুভৱ কৰিছেনে বাৰু?? নিজৰ মাজতেই স্থিৰতা ৰাখি ওচৰে-পাজৰে চলা কাৰ্যসূচী অথবা কাৰ্যক্ৰম সমূহ উপভোগ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা নাই নে আপোনালোকে?? আচলতে, এনে প্ৰশ্নৰ উত্তৰ সকলোৱে নিজৰ মাজতেই লাভ কৰিব। কিয়নো আমি কেতিয়াও নভবা এক পৰিস্থিতিয়ে যেতিয়া আমাক খুন্দা মাৰে তেতিয়া আমি আমাৰ জীৱনত ঘটা বহু সৰু সৰু বস্তুক উপলদ্ধি কৰিবলৈ লওঁ; আৰু এনে এক পৰিস্থিতি বৰ্তমান আজি আমাৰ সমুখত উপস্থিত হৈছে।

এতিয়া জনসাধাৰণে বহুল ৰূপত উপভোগ কৰিছে চুটি ছবি; শেহতীয়াকৈ যান-বাহন চলাচলক লৈ ল’বলগীয়া নীতি-নিৰ্দেশনাক উদ্দেশ্যি নিৰ্মাণ কৰি উলিওৱা হৈছিল এখন চুটি ছবি “NH-17″। PB Creatives’ ৰ বেনাৰত নিৰ্মাণ কৰা হৈছে এই চুটি ছবিখন। সম্প্ৰতি সময়ত এখন বাইকত উঠি কৰা ষ্টন্ট অথবা ৰাষ্টাত চলাওঁতে হেলমেট পৰিধান নকৰাকৈয়ে তীব্ৰ গতিত বাইক চলোৱাৰ পিছত বহু অঘটন সংঘটিত হোৱা আমি ইতিমধ্যে দেখিছো অথবা শুনিছো। এনে অঘটন অথবা দূৰ্ঘটনাৰ পিছত একাংশ তথাকথিত জনসাধাৰণৰ সম্যক জ্ঞানৰ অভাৱক এক নগ্ন চিত্ৰৰো উপস্থাপন কৰা হৈছে চুটি ছবিখনত।

বাইক ষ্টন্ট অথবা হেলমেট নিপিন্ধাৰ ভয়াৱহতাৰ কাহিনীৰে চুটি ছবি "NH-17"- 2

৩ মিনিট দৈৰ্ঘ্যৰ এই চুটি ছবিখনৰ পৰিচালনা উপব্ৰত আৰু সূৰুজমণিৰ। লগতে স্ক্ৰীপ্ট উপব্ৰতৰ আৰু সম্পাদনা সূৰুজমণিৰ; চাউণ্ড মিক্স গীতুৰ আৰু ইয়াত অভিনয় কৰিছে নীল নিবিড়, সঞ্জয়, সূদীপ্ত, অনুপম আৰু গীতুয়ে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform