Rupaliparda.com
"সংগীতৰ সৃষ্টি গৱেষণামূলক-শিক্ষামূলক কৰাৰ প্ৰচেষ্টা"-"- হিমশেখৰ বৰঠাকুৰ 1

“সংগীতৰ সৃষ্টি গৱেষণামূলক-শিক্ষামূলক কৰাৰ প্ৰচেষ্টা”-“- হিমশেখৰ বৰঠাকুৰ

নিজ ৬ বছৰ বয়সৰ পৰা অসমীয়া সংগীত ক্ষেত্ৰখনত নিজ এক চিনাকী দিবলৈ দূৰ্বাৰ হেঁপাহ বুকুত বান্ধি ৰখা এগৰাকী নৱপ্ৰজন্মৰ অসমীয়া কন্ঠশিল্পী। অধিকতম গীতৰ কন্ঠৰ আঁৰৰ ব্যক্তিজন তেওঁ নহয় যদিও তেওঁৰ সৃষ্টিত আপ্লুত সংগীত প্ৰেমী শ্ৰোতা। তেওঁৰ নাম হৈছে হিমশেখৰ বৰঠাকুৰ; পথিক শীৰ্ষক এটি বাটৰ গীত পৰিৱেশন কৰা সাংস্কৃতিক দল অৰ্থাৎ Street Jamming band ৰ সৈতেও ওতঃপ্ৰোতভাৱে জড়িত থকা হিমশেখৰৰ ইতিমধ্যে গীত জনসাধাৰণৰ মাজত এৰি দিয়া হৈছে। গীতসমূহেও জনসাধাৰণৰ সঁহাৰি লাভ নকৰাকৈ থকা নাই। তেওঁৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত গীত সমূহ হৈছে ক্ৰমে প্ৰলাপ, “The Silence” আৰু “October Love” । ব্যক্তিগত ইউটিউব চেনেলটোতেই কন্ঠশিল্পী গৰাকীয়ে মুকলি কৰিছে তেওঁৰ আটাইবোৰ সৃষ্টি। নৱপ্ৰজন্মৰ এই কন্ঠশিল্পী গৰাকীৰ কন্ঠৰ অনুৰাগীও প্ৰায়; আজিৰ ৰূপালীপৰ্দাৰ দেওবৰীয়া বিশেষত আপোনালোকৰ মাজলৈ লৈ আনিছো এইগৰাকী কন্ঠশিল্পী হিমশেখৰ বৰঠাকুৰক। চাওঁ চোন আহকঃ

"সংগীতৰ সৃষ্টি গৱেষণামূলক-শিক্ষামূলক কৰাৰ প্ৰচেষ্টা"-"- হিমশেখৰ বৰঠাকুৰ 2

প্ৰশ্নঃ সংগীতৰ সৈতে তুমি কেতিয়াৰ পৰা আৰু কেনেদৰে জড়িত?

হিমশেখৰ বৰঠাকুৰঃ সংগীতৰ সৈতে মই সৰুৰে পৰা জড়িত বুলি ক’লেও হয়টো বঢ়াই কোৱা নহ’ব। ৬ বছৰ বয়সৰ পৰাই গীত গাবলৈ আৰম্ভ কৰিছোঁ আৰু শিকিবলৈ। ১০ বছৰ বয়সতে প্ৰথম মই মঞ্চত পৰিবেশন কৰিছো গীত; ঘৰত এক সাংস্কৃতিক পৰিৱেশো পাইছিলো কিয়নো দেউতাই- মায়ে গীত গাইছিল। মই পঢ়া বিদ্যালয় খনটো এটা সংগীতিক পৰিবেশ পাইছিলো। শ্ৰদ্ধাৰ প্ৰয়াত মাণিক দাস ছাৰ, প্ৰশান্ত বৰদলৈ ছাৰ, কল্পনা ভাগৱতী বাইদেউ, হীৰেন গোহাঁই ছাৰ, মমতা বৰঠাকুৰ বাইদেউ আৰু প্ৰয়াত ৰুষেছৰ বৰুৱা ছাৰৰ সান্নিধ্য পাবলৈ সক্ষম হৈছিলোঁ মই মোৰ স্কুলীয়া জীৱনতে। তেওঁলোকৰ সান্নিধ্যত মই সংগীতৰ বহুখিনি কথা শিকিবলৈ সক্ষম হৈছিলো।

প্ৰশ্নঃ তোমাৰ গীতৰ উপভোগৰ সংখ্যা যদিও কম তৎস্বত্বেও ইয়াৰ জনপ্ৰিয়তা নুই কৰিব পৰা নাযায়। গীত সমূহ নিৰ্মাণৰ আঁৰত কিবা ষ্ট্ৰেটেজি থাকে নেকি?

হিমশেখৰ বৰঠাকুৰঃ গীতৰ সৃষ্টি স্বয়ংক্ৰিয় । যিহেতু মই এজন প্ৰকৃত সংগীতপ্ৰেমী সেয়ে গীত ৰচো আৰু গাই যাওঁ। একেবাৰে কোনো ষ্ট্ৰেটেজি নথকাও নহয়; প্ৰতিটো গীতক গৱেষণামূলক প্ৰক্ৰিয়াৰে সৃষ্টি কৰি এটি সুকীয়া ৰূপ দিবলৈ সদায়ে চেষ্টা কৰি আহিছো। আৰু, চেষ্টা কৰো যাতে স্বাধীনচেতিয়া প্ৰকাৰে এটি ভাল অসমীয়া সংগীতৰ শ্ৰেণীত নতুন সৃষ্টিমূলক আৰু শিক্ষামূলক গীতৰ অৱদান দিব পাৰো। গতিকে আশা কৰো, আগন্তুক সময়ছোৱাত “Audio studio” সমূহক “Audio laboratory” বা “lab” বুলি আখ্যা দিয়া হব ।

"সংগীতৰ সৃষ্টি গৱেষণামূলক-শিক্ষামূলক কৰাৰ প্ৰচেষ্টা"-"- হিমশেখৰ বৰঠাকুৰ 3

প্ৰশ্নঃ সংগীতত থকা কি উপাদানৰ শ্ৰোতাক তুমি আকৰ্ষণৰ চেষ্টা কৰা?

হিমশেখৰ বৰঠাকুৰঃ সংগীতৰ কোনটো নিৰ্দ্দিষ্ট উপাদানে আকৰ্ষণ কৰে নাজানো কিন্তু এটা গীতক যদি কোনো শ্ৰোতাই আকোঁৱালি ল’বলৈ হয় তেনেহ’লে সেই গীতটোত “পূৰ্ণতা” থাকিব লাগিব। যদি মোক কৰা প্ৰশ্নৰ উত্তৰটো মই দিওঁ তেতিয়াহ’লে মই পোনপ্ৰথমে চাওঁ গীতৰ কথা তাৰ পিছত গীতৰ ভাব, সুৰ, সংগীত ব্যৱ্স্থাপনা আৰু শেষলৈ গুৰুত্বপূৰ্ণভাৱে গায়কীৰ উপস্থাপন।

"সংগীতৰ সৃষ্টি গৱেষণামূলক-শিক্ষামূলক কৰাৰ প্ৰচেষ্টা"-"- হিমশেখৰ বৰঠাকুৰ 4

প্ৰশ্নঃ ভৱিষ্যতে কোন গৰাকী কন্ঠশিল্পীৰ সৈতে মঞ্চ ভাগ কৰাৰ মন??

হিমশেখৰ বৰঠাকুৰঃ এই প্ৰশ্নটোৰো উত্তৰ এজনৰ নামতেই সীমাৱদ্ধ নহয়; বহু কেইজন আছে। অসমৰ শ্রধ্যেয় পুলক বেনাৰ্জী ছাৰ, শ্রধ্যেয় বীৰেন্দ্ৰ নাথ দত্ত ছাৰ। বৰ্তমান সকলোৰে পৰিচিত ৰূপম ভূঞা দা আৰু দীপলিনা ডেকাৰ সৈতে মোৰ যুঁটীয়াভাৱে কন্ঠদান কৰাৰ ইচ্ছা আছে। ইয়াৰ উপৰিও, গাৰ্গী দত্ত আৰু সুবাসনা বাইদেউৰ সৈতেও মোৰ কন্ঠদানৰ ইচ্ছা আছে। আনহাতে, বলীউডৰৰ হৰিহৰণ জি, শ্ৰেয়া ঘোষাল আৰু প্ৰতীক কুহাড়ৰ সৈতে মঞ্চ ভাগ কৰাৰ ইচ্ছা।

"সংগীতৰ সৃষ্টি গৱেষণামূলক-শিক্ষামূলক কৰাৰ প্ৰচেষ্টা"-"- হিমশেখৰ বৰঠাকুৰ 5

প্ৰশ্নঃ আগন্তুক প্ৰকল্পৰ বিষয়ে জানিব খুজিম।

হিমশেখৰ বৰঠাকুৰঃ মোৰ “প্ৰহৰ” নামৰ এলবামটোৰ ৫ টি গীতৰ সংকলনৰ কাম চলি আছে; এই প্ৰকল্পৰ চতুৰ্থটো গীত “Whispering Wish” গীততো অক্টোবৰ মাহত মুক্তি লাভ কৰিব। গীত সমূহ “Himsekhar dream” মোৰ ইউটিউব চেনেলটোত মুক্তি কৰি দিয়া হৈছে। ইয়াত উপৰিও, মই কণ্ঠদান কৰিবলগীয়া কেইটিমান গীতৰ সংগীত ব্যৱস্থাপনাৰ কাম চলি আছে।

"সংগীতৰ সৃষ্টি গৱেষণামূলক-শিক্ষামূলক কৰাৰ প্ৰচেষ্টা"-"- হিমশেখৰ বৰঠাকুৰ 6

ৰূপালীপৰ্দাঃ ধন্যবাদ হিমশেখৰ। তোমাৰ আগন্তুক প্ৰকল্প সমূহ সফল হোৱাৰ শুভকামনা……

হিমশেখৰঃ ধন্যবাদ

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform