Rupaliparda.com
এচ.পি বালাসুব্ৰমণিয়ামৰ মৃত্যুত শোকাহত মনোৰঞ্জন ক্ষেত্ৰঃ 1

এচ.পি বালাসুব্ৰমণিয়ামৰ মৃত্যুত শোকাহত মনোৰঞ্জন ক্ষেত্ৰঃ

চলিত বৰ্ষটোত যেন বেয়া খবৰে লগ এৰা নাই; একাধাৰে কেইবাটাও বেয়া খবৰৰ মুখামুখি হৈছে জনসাধাৰণ। এই বৰ্ষটো বলীউড ক্ষেত্ৰখনৰ বাবেও যেন এক বেয়া বৰ্ষ ৰূপে পৰিগণিত হৈছে; কিয়নো দেশত আৰম্ভ হোৱা “লক-ডাউন” ৰ প্ৰথমটো ভাগৰ পৰাই ক্ৰমান্বয়ে ইজনৰ পিছত সিজন শিল্পীৰ মৃত্যুয়ে শোকাহত কৰি তুলিছে এতিয়া সকলোকে। শেহতীয়াকৈ দেহাৱসান ঘটে বলীউডৰ প্ৰখ্যাত সংগীত শিল্পী এচ.পি বালাসুব্ৰমণিয়ামৰ। শ্বাস প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত শিল্পী গৰাকী ৭৪ বছৰ বৰ্ষত মৃত্যু হয়। এনে এজন সুদক্ষ কন্ঠশিল্পীৰ মৃত্যু বলীউড ক্ষেত্ৰখনৰ বাবেই এক বৃহৎ ক্ষতি। ১৯৬৭ চনৰ পৰা সংগীত জীৱনৰ আৰম্ভণি কৰিছিল বালাসুব্ৰমণিয়ামে। তামিল, তেলেগু, কন্নও, মালায়ামকে আৰম্ভ কৰি হিন্দী তথা ১৬ টা ভাষাত অতি কমেও ৪০ হাজাৰলৈ গীতত কন্ঠদান কৰিছিল। ১৯৮১ চনত মুক্তিপ্ৰাপ্ত কমল হাছানৰ ছবি “এক দুজে কে লিয়ে” ৰ দ্বাৰা বলীউডত খোজ দিয়া এই সংগীতশিল্পী গৰাকীয়ে নিজ কেৰিয়াৰৰ ২৫ টা বছৰত মুঠ ৬ টা ৰাষ্ট্ৰীয় পুৰষ্কাৰো লাভ কৰিছিল।

এচ.পি বালাসুব্ৰমণিয়ামৰ মৃত্যুত শোকাহত মনোৰঞ্জন ক্ষেত্ৰঃ 2
এচ.পি বালাসুব্ৰমণিয়ামৰ মৃত্যুত শোকাহত মনোৰঞ্জন ক্ষেত্ৰঃ 3


সংগীত শিল্পী গৰাকীৰ মৃত্যুত কেৱল বলীউড ক্ষেত্ৰখনেই নহয়; শোকগ্ৰস্ত হৈছে অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনো। বিভিন্ন জন শিল্পী, কলা-কুশলীয়ে একোটা পোষ্টৰে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.