Rupaliparda.com
কেওঁদিশে হাঁহাকাৰঃ পৰিচালক গুচি হ'ল পাচলি বেপাৰী- 1

কেওঁদিশে হাঁহাকাৰঃ পৰিচালক গুচি হ’ল পাচলি বেপাৰী-

“লক-ডাউন” ত বহু লোকৰ কষ্ট,সংগ্ৰাম আদি আমি দেখিছো। একাংশই নিজ জীৱিকাৰ পথটোও হেৰুৱাইছে এই সময়ছোৱাত। শেহতীয়াকৈ কালাৰ্চৰ এখন ধাৰাবাহিক “বালিকা বধু” ৰ পৰিচালকৰ মাজৰ এগৰাকীয়ে আৰ্থিক টনাটনিৰ ফলত শাক-পাচলিৰ দোকান দিবলৈ আৰম্ভ কৰিছে। এই বাতৰিটোৱে বৰ্তমান আটাইকে হতহম্ভ কৰি তোলাৰ লগতে ই চৰ্চাও লাভ কৰিছে কেওঁদিশে। জানিব পৰা মতে, তেওঁ “লক-ডাউন” ৰ সময়ত নিজ ঘৰ আজমগড়লৈ গুচি গৈছিল আৰু তাৰ পৰা নিজ কৰ্মক্ষেত্ৰলৈ আহিব নোৱাৰাত আৰ্থিক নাটনিৰ সন্মুখীন হৈ অৱশেষত তেওঁ দোকান দিবলগীয়াত পৰিছে। এই পৰিচালক গৰাকীৰ নাম হৈছে ৰামবৃক্ষ গৌৰ; আচলতে এনে কাহিনী বৰ্তমান দেশত সুলভ হৈ পৰিছে। একাংশই য’ত হতাশাত ভুগিছে তাতেই আকৌ একাংশ অভিনেতা-অভিনেত্ৰীয়ে আত্মহত্যাৰ পথ বাচি লোৱাও আমি সংবাদ মাধ্যম যোগে শুনিছো আৰু দেখিছো। ৰামবৃক্ষ গৌৰৰ পিতৃয়েও পূৰ্বতে এনেদৰে এখন ঠেলাত তৰকাৰী লৈ বেচিবলৈ আহিছিল।

কেওঁদিশে হাঁহাকাৰঃ পৰিচালক গুচি হ'ল পাচলি বেপাৰী- 2
কেওঁদিশে হাঁহাকাৰঃ পৰিচালক গুচি হ'ল পাচলি বেপাৰী- 3


গতিকে, এই পিতৃবৃত্তিটো লৈয়ে বৰ্তমান জীৱন নিৰ্বাহ কৰিছে পৰিচালকগৰাকীয়ে। কিন্তু, অভিনেতা অনুপ সোনীয়ে কথাটো গম পোৱাৰ পিছতেই চচিয়েল মিডিয়াত প্ৰতিক্ৰিয়া দাঙি ধৰে আৰু কয় যে, “এয়া বৰ দুখ লগা কথা; বালিকা বধুৰ টীমে তেওঁৰ সৈতে সংযোগ কৰাৰ ব্যৱস্থা কৰিছে।” গৌৰ এগৰাকী ধনাত্মক আৰু আত্মবিশ্বাসী লোক আছিল বুলিও সংবাদ মাধ্যমৰ ওচৰত জানিবলৈ দিয়ে ধাৰাবাহিকখনৰেই এই অভিনেতা গৰাকীয়ে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform