Rupaliparda.com
"সংগীতৰ সৈতে মই বেলেগ এক সংযোগ স্থাপন কৰিব পাৰো"- দেৱাশীষ বৰা 1

“সংগীতৰ সৈতে মই বেলেগ এক সংযোগ স্থাপন কৰিব পাৰো”- দেৱাশীষ বৰা

নৱপ্ৰজন্ম; এই শব্দটোত ধনাত্মক-ঋণাত্মকৰ পৰা আৰম্ভ কৰি বহু খিনি সৃষ্টি, প্ৰতিভা আদি প্ৰতিটো বস্তু জড়িত হৈ থাকে। মনোৰঞ্জন ক্ষেত্ৰৰ প্ৰতিটো বিভাগতেই বৰ্তমান এওঁলোকক দেখিবলৈ পোৱা যায়। এওঁলোকৰ সৃষ্টি, প্ৰতিভাৰে কৰা একোটা কৰ্ম আমি দেখি আহিছো। কিন্তু, এনে কিছুমানো নৱপ্ৰজন্ম আছে যাৰ প্ৰতিভাৰ নিদৰ্শন চলিত বৰ্ষটোতেই লাভ কৰা গ’লহেঁতেন যদিও দেশত চলা এনে বিভীষিকাময় পৰিস্থিতিয়ে এই আটাইবোৰত স্থবিৰতা সানিছে। আজি আমি এনে এজন যুৱকৰ কথা আপোনালোকক ক’ম যাক বৰ্তমানলৈ আপোনালোকে কোনো গীত অথবা কোনো ফাংছনত দেখা পোৱা নাই যদিও তেওঁৰ কন্ঠই শেহতীয়াকৈ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ নাম হৈছে দেৱাশীষ বৰা; চলিত বৰ্ষটোতেই তেওঁ জনসাধাৰণৰ মাজলৈ অহাৰ পৰিকল্পনা কৰিছিল যদিও “লক- ডাউন” ৰ ফলত তেওঁৰ এনে পৰিকল্পনা সাৰ্থক হ’ব পৰা নাছিল। ২০০০ চনৰ ৩১ ডিচেম্বৰ তাৰিখে গোলাঘাটত জন্মগ্ৰহণ কৰা দেৱাশীষ সৰুৰ পৰাই অৰ্থাৎ দ্বিতীয় শ্ৰেণীৰ পৰা সংগীতৰ সৈতে জড়িত। আপুনিও যদি তেওঁৰ কন্ঠৰ চমু এক আভাষ পাবলৈ বিচাৰিছে তেনেহ’লে চাওঁক তলৰ এই লিংকটোঃ


সাংস্কৃতিক ক্ষেত্ৰখনৰ ইমান বোৰ মাধ্যমৰ মাজত “সংগীত” কেই তেওঁ কিয় বাঁচনি কৰিলে বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, “সংগীত” আমাক সকলোতে প্ৰয়োজন। আমি সুখ-দুখ প্ৰতিটো ক্ষেত্ৰতেই বিচাৰো “সংগীত” ক। সংগীতৰ সৈতে মই বেলেগ এক সংযোগ স্থাপন কৰিব পাৰো; মই মোৰ সংগীতৰ যোগেৰে মোৰ ভাৱ প্ৰকাশ বেছি ভালকৈ কৰিব পাৰো বুলি মোৰ ভাৱ হয়। জনসাধাৰণৰ মাজলৈ অহাৰ প্ৰস্তুতি চলাই আছো যদিও সমান্তৰালকৈ মই নিজক আৰু অধিক উন্নত কৰিবলৈও চেষ্টা অব্যাহত ৰাখিছো। আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিবলৈ বিচৰাত দেৱাশীষে কয় যে, “পৰিকল্পনা বুলিবলৈ বৰ বিশেষ তেনে একো নাই। ২০২০ চনটোত কিছু প্ৰকল্পৰ প্ৰস্তুতিৰ কথা ভাৱিছিলো যদিও সেয়া ক’ৰোণা মহামাৰীৰ বাবে সম্ভৱ হয় নুঠিল। তথাপিও, আগন্তুক বহু সোনকালে মোৰ এটা গান ৰাইজৰ মাজলৈ আহিব। ৰাইজৰ সঁহাৰি মোৰ কাম্য গতিকে তেওঁলোকৰ ওচৰলৈ অতিশীঘ্ৰে অহাৰ চেষ্টা কৰি আছো।”

"সংগীতৰ সৈতে মই বেলেগ এক সংযোগ স্থাপন কৰিব পাৰো"- দেৱাশীষ বৰা 2
"সংগীতৰ সৈতে মই বেলেগ এক সংযোগ স্থাপন কৰিব পাৰো"- দেৱাশীষ বৰা 3


কেওঁদিশে হাঁহাকাৰ হৈ থকা পৰিস্থিতিৰ মাজত অকণমান সময় প্ৰশান্তি লাভ কৰা মানেই একোজন জনসাধাৰণৰ বাবে এয়া আটাইতকৈ ডাঙৰ সুখ হৈ পৰিছে। “সংগীত” ক্ষেত্ৰখনলৈ আহি নৱপ্ৰজন্মই কৰা প্ৰয়াস সঁচাকৈ আদৰণীয়।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform