Rupaliparda.com
"জীৱনৰ প্ৰথম অভিনয় বুলিলে ৰাসত কৰা অভিনয়ৰ কথাই ক'ব লাগিব"- ত্ৰৈলোক্য কাশ্যপ 1

“জীৱনৰ প্ৰথম অভিনয় বুলিলে ৰাসত কৰা অভিনয়ৰ কথাই ক’ব লাগিব”- ত্ৰৈলোক্য কাশ্যপ

যোৰহাটত কাকজানত জন্মগ্ৰহণ কৰা ত্ৰৈলোক্য কাশ্যপ বৰ্তমান এগৰাকী নৱপ্ৰজন্মৰ প্ৰতিভাৱান যুৱক বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব। ৰাসত কৰা অভিনয়ৰ পিছতে অভিনয়ৰ পোকটোক আৰু অধিক বঢ়াই লোৱা এইগৰাকী অভিনেতাই অসম নাট্য সন্মিলনীৰ অন্তৰ্গত টিয়ক নাট্য বিদ্যালয়ত এবছৰীয়া অভিনয়ৰ শিক্ষা গ্ৰহণ কৰিছিল। পাছৰ পৰ্য্যায়ত যোৰহাটৰ অন্যতম অপেছাদাৰী নাট্যানুষ্ঠান সূৰুয ড্ৰামা প্ৰডাকচনৰ লগত জঢ়িত হৈ তাত কৰ্মশালা আৰু নাটক কৰে । বৰষা ৰাণী, উদয়ন দুৱৰা তথা জয় কাশ্যপ অভিনীত এখন জনপ্ৰিয় ধাৰাবাহিক “কাঞ্চন” ৰ খলনায়ক চৰিত্ৰটোৰ বিষয়ে আপোনালোকৰো হয়টো নিশ্চয় মনত আছে! সেইটো সময়ত ত্ৰৈলোক্য কাশ্যপৰ অভিনয়ৰ চৰ্চাও হৈছে দৰ্শকৰ মাজত। নাটকৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত এইগৰাকী অভিনেতাই এগৰাকী সুদক্ষ অভিনেতা হোৱাৰ মানসেৰে ঢাপলি মেলিছিল গুৱাহাটীলৈ আৰু গুৱাহাটীলৈ আহিয়ে তেওঁ বিভিন্ন খন ধাৰাবাহিকৰ সৈতে জড়িত হৈ পৰে। ৰূপালীপৰ্দাৰ সৈতে হোৱা কথা-বতৰাত অভিনয় ক্ষেত্ৰখনত কেতিয়াৰ পৰা জড়িত বুলি প্ৰশ্ন কৰাত অভিনেতা গৰাকীয়ে কয় যে “মোৰ ঘৰৰ ওচৰতে ৰাস হয়; জীৱনৰ প্ৰথম অভিনয় বুলিলে ৰাসত কৰা অভিনয়ৰ কথাই ক’ব লাগিব। কলেজ পোৱাৰ পাছত নাটকৰ লগত বিশেষকৈ জড়িত হৈ পৰিছিলো আৰু তাৰ পৰাই আৰম্ভণি হৈছিল অভিনয় যাত্ৰা।”

"জীৱনৰ প্ৰথম অভিনয় বুলিলে ৰাসত কৰা অভিনয়ৰ কথাই ক'ব লাগিব"- ত্ৰৈলোক্য কাশ্যপ 2
"জীৱনৰ প্ৰথম অভিনয় বুলিলে ৰাসত কৰা অভিনয়ৰ কথাই ক'ব লাগিব"- ত্ৰৈলোক্য কাশ্যপ 3


“লক-ডাউন” য়ে তেওঁক নতুন শিকালে বুলি প্ৰশ্ন কৰাত ত্ৰৈলোক্যই কয় যে, “সঁচা কথা ক’বলৈ গ’লে, মোক লক ডাউনে বহু কিবা কিবি শিকালে কিন্তু লক ডাউনৰ প্ৰথমটো ভাগ এইটো ভাবিয়েই কৰিলোঁ যে ইমান দিন কেনেকৈ পাৰ হ’ব অথবা কেনেকৈনো পাৰ কৰিম আৰু এই ভাবি থাকোতেই শেষ হ’ল “লক ডাউন”। পিছত যেতিয়া “লক-ডাউন” ৰ দ্বিতীয়টো পৰ্যায় আৰম্ভ হৈছিল, তেতিয়া আৰম্ভ হওঁতেই হাতত ল’লো বহু দিনৰ পৰা ভাবি থকা এটা কাম। সেইটো আছিল “এমুঠি সুবাস” নামৰ এটা অডিঅ’ চিৰিজৰ কাম; অসমত অডিঅ’ বুকৰ এই বিষয়বস্তুটো একেবাৰে নতুন। বন্ধু ৰিতুৰঞ্জন আৰু মই মিলি হাতত থকা মবাইল টোৰ সহযোগত কিবা এটা নতুন কৰাৰ চেষ্টা কৰিছিলোঁ । বহু সংখ্যক শুভাকাংশীয়ে আদৰণি জনোৱাৰ সমান্তৰালকৈ এই প্ৰকল্পটোত সহযোগিতাও কৰিছিল । কিন্তু, “লক ডাউন” খোলা পাছত ব্যস্ততাৰ বাবে ৭ টা খণ্ড লৈকেহে মুক্তি দিয়া হল । আনহাতে, এই সময়ছোৱাত দুখন মান চুটি ছবিৰো কাম সম্পন্ন কৰিছিলো।”

"জীৱনৰ প্ৰথম অভিনয় বুলিলে ৰাসত কৰা অভিনয়ৰ কথাই ক'ব লাগিব"- ত্ৰৈলোক্য কাশ্যপ 4


আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “আগন্তুক পৰিকল্পনা বুলি ক’বলৈ গ’লে “লক-ডাউন” ৰ মাজতে এখন চুটি ছবি কৰিছিলোঁ প্ৰাঞ্জল গৈয়াৰীৰ পৰিচালনাত; যি খন অক্টোবৰৰ প্ৰথম ভাগতে মুক্তি লাভ কৰিব। তদুপৰি বৰ্তমান ব্যস্ত হৈ আছোঁ নানান পাচনি দাৰ পৰিচালনাৰে ৰঙত সম্প্ৰচাৰিত হৈ থকা “নমামী” ধাৰাবাহিকৰ লগত। এটি নতুন চৰিত্ৰত অতি সোনকালে ৰাইজে মোক লগ পাব । ইয়াৰ বাহিৰেও দুখন মান ৱেব ছিৰিজৰ স্ক্ৰীপ্টৰ কাম কৰি আছোঁ; ইতিমধ্যে ৰংঘৰ ২৪ ৰ বেনাৰত এখন ৰ ছুটিং শেষ হৈছে । বাকী কিছু নতুন চিন্তা আছে চাওঁচোন কেনেকৈ আগুৱাব পৰা যায়।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform