Rupaliparda.com
আন এগৰাকী "নেপোকিড" ৰ আগমনক গ্ৰহণ কৰিব কেনেদৰে দৰ্শকে? সুস্মিতা সেনৰ জীয়ৰীৰ নতুন ছবিঃ 1

আন এগৰাকী “নেপোকিড” ৰ আগমনক গ্ৰহণ কৰিব কেনেদৰে দৰ্শকে? সুস্মিতা সেনৰ জীয়ৰীৰ নতুন ছবিঃ

বলীউড ক্ষেত্ৰলৈ আন এগৰাকী অভিনেত্ৰীৰ জীয়ৰীৰ আগমন। “নেপোটিজিম” ৰ প্ৰসংগ শেষ হ’বলৈ নৌপাওঁতেই ক্ষেত্ৰখনত কৰা আন এগৰাকী নেপোকিডৰ আগমনৰ কথাটো জনসাধাৰণে কেনে ধৰণে ল’ব সেয়া হ’ব লক্ষণীয়। আহিবলগীয়া ছবি “সুট্টাবাজী” ত দেখিবলৈ পোৱা যাব সুস্মিতা সেনৰ জীয়ৰী ৰিণিক। ইতিমধ্যে ছবিখনৰ শ্বুটিঙ আৰম্ভ হৈছে। ৰিপোৰ্টনুসৰি, এই ছবিখনৰ কাহিনীভাগ ক’ৰোণা মহামাৰীৰ ফলত হোৱা “লক-ডাউন” য়ে একোটা পৰিয়ালৰ ওপৰত পেলোৱা প্ৰভাৱক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হ’ব। বৰ্তমান ছবিখনৰ বিতং তথ্য জনসাধাৰণৰ সমুখত নিৰ্মাতা সকলে দাঙি ধৰিবলৈ বিচৰা নাই যদিও ২১ বছৰীয়া ৰিণিক ছবিখনত এজনী মাক-দেউতাকৰ কথা নুশুনা অবাধ্য সন্তানৰ চৰিত্ৰত দেখিবলৈ পোৱা যাব। ছবিখনৰ পৰিচালনা কৰিছে কৱীৰ খুৰানাই আৰু এই ছবিখনক শেহতীয়াকৈ মুকলি কৰি দিয়া হ’ব ডিজিটেল প্লেটফৰ্মত। কোনটো প্লেটফৰ্মত মুকলি কৰা হ’ব ছবিখন সেয়াও জানিবলৈ দিয়া নাই দৰ্শকক।

View this post on Instagram

Fun, today.

A post shared by kªƁǝǝƦ khuƦªƝª (@kabeerkhuranaofficial) on

আন এগৰাকী "নেপোকিড" ৰ আগমনক গ্ৰহণ কৰিব কেনেদৰে দৰ্শকে? সুস্মিতা সেনৰ জীয়ৰীৰ নতুন ছবিঃ 2


অভিনেত্ৰী সুস্মিতা সেনে নিজ সাক্ষাৎকাৰত ইতিমধ্যে নিজ সন্তানৰ কথা উল্লেখ কৰি কৈছে যে ৰিণিয়ে এগৰাকী অভিনেত্ৰী হোৱাৰ সপোন মনত পুহি ৰাখিছে আৰু ইয়াৰ বাবে তেওঁ ট্ৰেইনিঙো লৈছিল। ইয়াৰ উপৰিও ৰিণি সংগীতৰ সৈতেও জড়িত। কিন্তু ইতিয়া এক প্ৰশ্নৰ উত্থাপন হয় এইখিনিতে, বিগত দিন ধৰি ক্ষেত্ৰখনত চলি থকা খেলি-মেলিয়ে আকৌ এবাৰ এগৰাকী নেপোকিডক গ্ৰহণ কৰিব কেনেদৰে? আচলতে, প্ৰতিভা থাকিলে ৰিণিয়েও জনসাধাৰণৰ সহাঁৰি পোৱাটো নিশ্চিত।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform