Rupaliparda.com
ৰংঘৰ ২৪" ৰ প্ৰস্তুতিঃ "The Justice" ৰে হ'ব আৰম্ভণি- 1

ৰংঘৰ ২৪” ৰ প্ৰস্তুতিঃ “The Justice” ৰে হ’ব আৰম্ভণি-

অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত নতুনৰ সংযোজনে কাকনো উৎসাহিত নকৰে! নহয়নে? অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনে ৰাষ্ট্ৰীয় পৰ্যায়ৰ জনসাধাৰণৰ মাজত চিনাকী লাভ কৰাটো সঁচাকৈ সকলোৰে বাবে এক গৌৰৱৰ বিষয়। আপোনালোকে ইতিমধ্যে জানিবলৈ পাইছে যে আগন্তুক সময়ত অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত সংযোজন হ’ব “ৰংঘৰ ২৪” নামে এটি এপ। য’ত উপলদ্ধ হ’ব বিভিন্ন খন ৱেব চিৰিজ; বৰ্তমান জনসাধাৰণৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ থকা ৱেব চিৰিজ সমূহক লৈ এইবাৰ অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনেও আৰম্ভ কৰিছে ন-ন প্ৰচেষ্টা। চলিত বৰ্ষৰ শেষৰ ফালে জনসাধাৰণৰ বাবে মুক্তি হ’বলগীয়া এই এপটোত প্ৰথমখন উপলদ্ধ হ’বলগীয়া ৱেব চিৰিজ খন হৈছে “The Justice”। উক্ত ৱেব চিৰিজখনৰ ইতিমধ্যে মুকলি কৰি দিয়া হৈছে টিজাৰ। নিউটন লাগথাছাৰ পৰিচালনাৰে নিৰ্মিত এই ৱেব চিৰিজ খনৰ কাহিনী সঞ্জীৱ গগৈৰ। ইয়াত চিত্ৰনাট্য ও সংলাপ দিছে ত্ৰৈলোক্য কাশ্যপে লগতে ইয়াৰ দৃশ্যগ্ৰহণৰ দায়িত্বত আছে প্ৰদীপ দৈমাৰী।


ঋতুৰঞ্জন হাতীমূৰীয়াই ৱেব চিৰিজখনৰ সহঃ পৰিচালনা আৰু সম্পাদনাৰ দায়িত্ব বহন কৰিছে। ৰূপসজ্জা দিগন্ত, হীৰক তথা স্মৃতিৰ। ৱেব চিৰিজ খনত অভিনয় কৰিছে প্ৰদীপ নিতিশ, বিনয় ডেকা, অশ্বিনী ডেকা, বিৰিণা চক্ৰৱৰ্তী, ৰাতুল শৰ্মা, ত্ৰৈলোক্য কাশ্যপ, জয়শ্ৰী মেধি, সুজাতা মণ্ডক, স্বেতা বাসক, মানস শৰ্মা, তনিশা গোঁহাই আৰু অপূৰ্ব ডেকাই। জানিব পৰা মতে, উক্ত ৱেব চিৰিজখনৰ হিন্দী সংস্কৰণো মুকলি কৰি দিয়া হ’ব জনসাধাৰণৰ বাবে। কেৱল মাত্ৰ এইখনেই নহয়; আন কেইবাখনো ৱেব চিৰিজৰ সৈতে আহিবলৈ সাজু হৈছে Ambition Academy ৰ সৌজন্যত “ৰংঘৰ ২৪”।

ৰংঘৰ ২৪" ৰ প্ৰস্তুতিঃ "The Justice" ৰে হ'ব আৰম্ভণি- 2


অসমীয়া সাংস্কৃতিক তথা মনোৰঞ্জন ক্ষেত্ৰখনত জনসাধাৰণৰ বাবে একাংশই কৰা প্ৰচেষ্টা তথা প্ৰয়াস নুই কৰিব পৰা নাযায়। বৰ্তমান সময়ছোৱাত মনোৰঞ্জন জৰুৰী হৈ পৰিছে জনসাধাৰণৰ বাবে; হতাশ গ্ৰস্ততাই প্ৰভাৱ বিস্তাৰ কৰা একাংশৰ বাবে একমাত্ৰ মনোৰঞ্জনেই হৈছে যিয়ে এজন ব্যক্তিক নিজৰ চিন্তাৰ পৰা কিছু সময় বিৰত ৰাখি আমোদ প্ৰদান কৰিব পাৰে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform