Rupaliparda.com
"ভৱিষ্যতৰ বাবে বস্তুবোৰ সৰল-সহজ কৰি ৰাখিব খুজিছো"- দীপ্তা তালুকদাৰ 1

“ভৱিষ্যতৰ বাবে বস্তুবোৰ সৰল-সহজ কৰি ৰাখিব খুজিছো”- দীপ্তা তালুকদাৰ

ভাৰত চৰকাৰৰ নিৰ্দেশ মৰ্মে কিছুদিন পূৰ্বে এটি জনপ্ৰিয় এপ “টিক-টক” ত নিষেধাজ্ঞা জাৰি কৰাৰ সমান্তৰালকৈ ইয়াক নিষিদ্ধ কৰি দিয়া হৈছিল ভাৰতবৰ্ষত। আমি এটা কথা কোনোদিন নুই কৰিব নোৱাৰো যে প্ৰতিটো বস্তুৰ ভাল-বেয়া দুই দিশ আছে; ভাল বোৰ গ্ৰহণ কৰা জনে প্ৰতিদিনেই সেই বস্তুটোক উচিত মূল্য দিব পাৰে। উক্ত এপটো যোগেৰে বহু বেয়া ভিডিঅ’ ৰ নিৰ্মাণ হৈছে যদিও একাংশ ভাল ভিডিঅ’ ৰ কথাও আমি অমান্য কৰিব নোৱাৰো। এপটো যোগেৰে বহুখিনি প্ৰতিভাই আত্মপ্ৰকাশ কৰিছিল; লগতে নিজৰ মাজত আৱদ্ধ হৈ থকা প্ৰতিভাৰো বিকাশ কৰিবলৈ সক্ষম হৈছিল। অসমীয়া অভিনয় ক্ষেত্ৰখনত শেহতীয়াকৈ সাঙুৰ খোৱা বহুখিনি নতুন প্ৰজন্মৰ প্ৰতিভাক বিচাৰি উলিওৱা হৈছিল এই এপটোৰ পৰাই। তাৰেই মাজৰ এগৰাকী হৈছে দীপ্তা তালুকদাৰ; সদ্যমুক্তিপ্ৰাপ্ত কেইবাটাও নতুন গীতত দেখিবলৈ পোৱা গৈছিল এইগৰাকী নৱপ্ৰজন্মৰ যুৱতীক। “টিক-টক” বেণ্ড হোৱা অথবা এই বিষয়ক লৈ তেওঁৰ মতামত সম্পৰ্কে জানিবলৈ বিচৰাত ৰূপালীপৰ্দাৰ আগত তেওঁ কয় যে, “এই এপটোৱে অথবা সেই মঞ্চখনে মোক মোৰ মাজতেই সঁচাকৈ আমোদ প্ৰদান কৰিছিল; যিখিনি ভিডিঅ’ মই মোৰ মাজত প্ৰস্তুত কৰি উলিয়াইছিলো সেইখিনিয়ে “নতুন” মই জনীক চিনি উলিয়াইছিল। দৰ্শকৰ মৰম, আদৰ, সঁহাৰি, সমাদৰ আদিয়ে মোক ভিডিঅ’ প্ৰস্তুত কৰা উৎসাহ যোগাইছিল ।

"ভৱিষ্যতৰ বাবে বস্তুবোৰ সৰল-সহজ কৰি ৰাখিব খুজিছো"- দীপ্তা তালুকদাৰ 2


দীপ্তাই আগলৈ কয়, “এপটো বেণ্ড হোৱাত মোৰ মাজত একো বিশেষ সলনি হোৱা নাছিল অথবা মই প্ৰতিক্ৰিয়াও দিয়া নাছিলো। মোৰ বহুখিনি পৰিকল্পনা আছে য’ত মই নিজৰ লগতে মোৰ মা দেউতা আৰু বাস্তৱ পৃথিৱীখনক সময় দিব লাগিব। আচলতে, ১৫ চেকেণ্ড ভিডিঅ’ এটাৰ যোগেৰে বৰ বেছি দিনলৈ নিজৰ ভাল লগাখিনিক আৱদ্ধও কৰিব খোজা নাছিলো। এপটো বন্ধ হোৱাত এটাই বস্তু আছিল যাক মনত পেলাইছিলো আৰু সেইটো আছিল দৰ্শকৰ মৰম, সঁহাৰি। এপটো বন্ধ হোৱা পিছতো আচলতে তেওঁলোকৰ মৰম-আদৰ মোৰ কাম্য।” অভিনয় তেওঁৰ বাবে নিচা নে পেচা বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, “অভিনয় মোৰ বাবে নিচা; যিহেটো সৰুৰ পৰা কেছেটত গান লগাই আইনাৰ সমুখত নাচিছো, মাৰ লগত মঞ্চত উঠি গীত পৰিৱেশন কৰিছিলো গতিকে এয়া মোৰ নিচা। এগৰাকী এম বি বি এছৰ শিক্ষাৰ্থী হিচাপে অধ্যয়নৰ লগতে আচলতে নিজক মনোৰঞ্জন কৰোৱাটো খুব প্ৰয়োজন।”

"ভৱিষ্যতৰ বাবে বস্তুবোৰ সৰল-সহজ কৰি ৰাখিব খুজিছো"- দীপ্তা তালুকদাৰ 3


আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “ভৱিষ্যতৰ বাবে বস্তুবোৰ সৰল-সহজ কৰি ৰাখিব খুজিছো। ভিন্ন ঠাইলৈ গৈ সুন্দৰ প্ৰকৃতিৰ লগতে জড়িত হৈ থকা মানুহখিনিৰ জীৱন জীয়া পদ্ধতি সমূহক অনুভৱ কৰিব খুজিছো। সৰুৰ পৰাই দেউতাই মোক এগৰাকী প্ৰকৃত মানুহ হ’বলৈ শিকাইছে গতিকে সেয়া হোৱাত মই অধিক গুৰুত্ব দিছো।আৰু, যদি নিৰ্দ্দিষ্টকৈ ক’বলৈ হয় তেতিয়াহ’লে মই এগৰাকী ভাল ডাক্তৰ, এগৰাকী সুন্দৰ কন্ঠশিল্পী তথা নৃত্যশিল্পী, সংগীত পৰিচালক ইউটিউবাৰ হোৱাৰ প্ৰয়াস কৰিম।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform